‘সাধাৰণতে হোৱা জ্বৰ’ আৰু ইয়াৰ বিষয়ে জানিবলগীয়া সকলো কথা

সাধাৰণতে হোৱা জ্বৰঃ- জ্বৰ কি?, ইয়াৰ প্ৰকাৰ, লক্ষণ, কাৰণ, ঘৰুৱা প্ৰতিকাৰ আৰু ঘনাই উদ্ভৱ হোৱা প্ৰশ্নৰ উত্তৰ | General Fever: – What is Fever, its Types, Symptoms, Causes, Home remedies and Frequently Asked Questions about it

পৰিচয়

সাধাৰণতে হোৱা জ্বৰ (Fever/pyrexia) বুলিলে শৰীৰৰ তাপ মাত্ৰা হমিঅʼষ্টেচিচ অৱস্থাত (Homeostasis Condition) তকৈ বাঢ়ি যোৱাকেই বুজাই। সাধাৰণতে এজন সুস্থ লোকৰ দেহৰ তাপমান ৩৬ৰ পৰা ৩৭ ডিগ্ৰীলৈকে থাকে। তাতকৈ বেছি হʼলে সেয়া জ্বৰৰ লক্ষণ হʼব পাৰে। 

জ্বৰ (fever)

জ্বৰ হৈছে এক ক্লিনিকেল বৈশিষ্ট্য সম্পন্ন শাৰীৰিক অৱস্থা যি কোনো সংক্ৰমিত বেমাৰৰ সময়ত এক পাৰ্শ্বিক লক্ষণ হিচাপে দেখা দিয়ে। এনে সংক্ৰমিত বেমাৰৰ ভিতৰত আছে Chikungunya, HantaVirus Pulmonary Syndrome (HPS), malaria, enteric, pulmonary tuberculosis আদি।  

সাধাৰণতে হোৱা জ্বৰ আৰু জড়িত অন্যান্য তথ্য

NCBI ৱেবচাইটত প্ৰকাশিত এক অধ্যয়নত উল্লেখ থকা অনুযায়ী- Saladi ৰ এক চমৎকাৰী বৈজ্ঞানিক পাঠৰ মতে, জ্বৰ মানৱ দেহত হোৱা এক সাধাৰণ আৰু লাভকাৰী প্ৰক্ৰিয়া যদিহে ই দীৰ্ঘ্যম্যাদী নহয় আৰু দেহৰ তাপ মাত্ৰা ৪৪ ৰ পৰা ৪৬ ডিগ্ৰী লৈকে নাপায়। 

আগলৈ এই প্ৰৱন্ধটিত সাধাৰণতে হোৱা জ্বৰৰ প্ৰকাৰ, লক্ষণ, কাৰণ আৰু এইবোৰৰ ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰা হʼব। 

Read Also: বিভিন্ন বেমাৰত বেলৰ উপকাৰিতা | Stone Apple Benefits in Various Diseases

জ্বৰৰ প্ৰকাৰ | Types of Fever

জ্বৰক ইয়াৰ ম্যাদ, তাপমাত্ৰা আৰু লক্ষণৰ ওপৰত ভিত্তি কৰি কেইবাটাও ভাগত ভগোৱা হয়।

ম্যাদ অনুযায়ীঃ-

১) তীব্ৰ (Acute)- এই জ্বৰ ৭দিন বা এসপ্তাহতকৈ বেছিদিন নাথাকে।

২) উপ-তীব্ৰ (Sub-Acute)- এই জ্বৰ ২ সপ্তাহলৈকে থাকিব পাৰে।

৩) দীৰ্ঘম্যাদী (Chronic)- এই জ্বৰ ২ সপ্তাহতকৈ অধিক সমলৈকে থাকিব পাৰে।

তাপ মাত্ৰাৰ স্তৰ অনুযায়ীঃ- 

১) নিম্ন স্তৰীয়- এই জ্বৰত শৰীৰৰ তাপমান ৩৮ ডিগ্ৰী চেলচিয়াছলৈকে পায়।

২) মধ্যমীয়া স্তৰ- ইয়াত শৰীৰৰ তাপমান ৩৯ৰ পৰা ৪১ ডিগ্ৰী চেলচিয়াছলৈকে থাকে।

৩) উচ্চ স্তৰীয়- শৰীৰৰ তাপমান ৪০ বা ৪১ ডিগ্ৰী চেলচিয়াছ পোৱা যায়।

৪) অতি উচ্চ স্তৰ/Hyperpyrexia- এই স্তৰত শৰীৰৰ তাপমান ৪১ ডিগ্ৰী চেলচিয়াছৰ উৰ্ধত পোৱা যায়  

লক্ষণ অনুযায়ীঃ-

১) ইন্টাৰমিটেন্ট জ্বৰ- এইবিধ জ্বৰত শৰীৰৰ তাপমান দিনৰ ভাগত ৩৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকে আৰু ৰাতিৰ ভাগত বাঢ়ে। চিকিৎসা বিভাগৰ বিশেষজ্ঞ সকলৰ মতে এইবিধ জ্বৰ সাধাৰণতে কোনো পৰজীৱী অথবা কোনো বেক্টেৰীয়াগত সংক্ৰমণৰ ফলত হয়। উদাহৰণ স্বৰূপে- মেলেৰিয়া, চেপ্তিচেমিয়া আদিক লʼব পাৰি। ইয়াক পৰৱৰ্তী পৰ্যায়ত আকৌ তিনিটা ভাগত ভগাব পাৰি- Quotidian, tertian আৰু quartan জ্বৰ। 

২) হঠাতে উঠা উচ্চ স্তৰীয় জ্বৰ- এইবিধ জ্বৰ হঠাতে দেখা দিয়ে। শৰীৰৰ তাপমান হঠাতে বৃদ্ধি পায়। লগতে আপোনি অত্যাধিক ভাগৰ, অৱসাদ, মূৰৰ বিষ, গা-বিষ আদি অনুভৱ  কৰিব পাৰে। ডেংগু জ্বৰ সচৰাচে পৰিলক্ষিত হোৱা এনে এক প্ৰকাৰৰ জ্বৰ। 

৩) নিৰন্তৰে হোৱা জ্বৰ-  এই জ্বৰত শৰীৰৰ তাপমান সাধাৰণতকৈ উৰ্ধত আৰু গোটেই দিনটোত প্ৰায়েই একেই থাকে। কম বেছি হʼলেও ১ ডিগ্ৰী চেলচিয়াছতকৈ বেছি পাৰ্থক্য দেখা নাযায়। এই জ্বৰ সাধাৰণতে বেক্টেৰিয়াৰ ফলত হয় আৰু ই নিমনিয়া (Pneumonia), মূত্ৰনলীৰ সংক্ৰমণ (UTI- Urinary Tract Infection) আৰু টাইফয়ড (Typhoid) জ্বৰ আদিৰ দৰে স্বাস্থ্যৰ উদ্বেগৰ সৈতে জড়িত।

৪) ৰেমিটেন্ট জ্বৰ- এইবিধ জ্বৰ ওপৰত কৈ অহা নিৰন্তৰে হোৱা জ্বৰৰ সৈতে প্ৰায়েই একেই। ইয়াতো গোটেই দিনটো শৰীৰৰ তাপমান বৃদ্ধি হৈ থাকে কিন্তু ই ১ ডিগ্ৰী চেলচিয়াছতকৈ বেছি পৰিমানে উঠা-নমা কৰিব পাৰে। ই সাধাৰণতে brucellosis বেক্টেৰিয়াৰ সংক্ৰমণ অথবা Infective endocarditis (ইয়াৰ ফলত হৃদযন্ত্ৰৰ ভিতৰুৱা ছালখনত জ্বলা-পোৰা অনুভৱ হয়) নামৰ শাৰীৰিক অৱস্থাৰ ফলত হʼব পাৰে।

৫) ৰিউমেটিক জ্বৰ- এই জ্বৰ Streptococcal বেক্টেৰিয়াৰ ফলত হয়। চিকিৎসা বিভাগৰ বিশেষজ্ঞ সকলৰ মতে এই বেক্টেৰিয়াই প্ৰাথমিক অৱস্থাত ডিঙিত সংক্ৰমণৰ লক্ষণ দেখুৱাই। যদি ইয়াক সময়ত চিকিৎসা কৰা নহয় তেন্তে ই পাছলৈ বিষপূৰ্ণ জ্বৰত উপনিত হʼব পাৰে। এই জ্বৰৰ সাধাৰণ লক্ষণ হৈছে- টনসিল আৰু জিহ্বাত বগা দাগ, জ্বলা-পোৰা, মূৰৰ বিষ আদি।        

উক্ত আলোচিত প্ৰকাৰ সমূহৰ বাহিৰেও ভাৰতীয় ভূখণ্ডৰ পৰিসীমাৰ ভিতৰত Pel Ebstein আৰু Neutropenic আদি জ্বৰৰ প্ৰভাৱো দেখা গৈছে।  

Read Also: কেফেইন (Caffeine) – স্বাস্থ্যৰ বাবে উপকাৰিতা, সুৰক্ষা আৰু পাৰ্শ্বক্ৰিয়া

জ্বৰৰ সাধাৰণ লক্ষণ | General Symptoms of Fever

জ্বৰৰ কিছুমান বিশিষ্ট লক্ষণ তলত উল্লেখ কৰা হʼল –

  • ঘাম ওলোৱা
  • হাত-ভৰিত কপনি উঠা
  • মূৰৰ বিষ
  • মাংস পেশীত আৰু গাঠিৰ বিষ
  • দুৰ্বল ভোক
  • অৱসাদ
  • মনোযোগ দিয়াত অসুবিধা হোৱা
  • শাৰীৰিক শিথিলতা
  • মূৰ ঘুৰুৱা
  • ছালত ৰঙাকৈ দাগ পৰা
  • পোহৰলৈ চাব নোৱাৰা
  • উশাহ লোৱাত অসুবিধা
  • বমি হোৱা
  • মাংস পেশী সংকোচিত হোৱা আৰু পেটৰ বিষ
  • শৰীৰত পানীশূন্যতা
  • Seizures আদি।

*যদি আপোনি ২সপ্তাহতকৈ অধিক সময় একেলেথাৰিয়ে জ্বৰত ভোগি আছে তেন্তে অনতিপলমে ডাক্তৰৰ কাষ চাপক।

কি কি কাৰণত জ্বৰ উঠিব পাৰে? | Causes of Fever

এগৰাকী পূৰ্ণবয়সীয়া লোকৰ দেহত সাধাৰণতে হোৱা জ্বৰৰ বহুতো কাৰণ হʼব পাৰে। তলত তাৰেই সাধাৰণতে হোৱা কাৰণবোৰ উল্লেখ কৰা হʼল –

  • ভাইৰাছ, বেক্টেৰিয়া আৰু ফাংগাছৰ পৰা সংক্ৰমণকাৰী বেমাৰ- শ্বাসনলীৰ সংক্ৰমণ, পাচন নলীৰ সংক্ৰমণ, মূত্ৰনলীৰ সংক্ৰমণ (UTIs), ছালৰ সংক্ৰমণ, মেলেৰিয়া আদি।
  • শৰীৰত জ্বলা-পোৰাৰ অৱস্থা- Rheumatoid Arthritis and lupus।
  • কৰ্কট ৰোগ
  • মানসিক চাপ
  • পৰিৱেশ জনিত কাৰণ – হাৰ্টষ্ট্ৰোক
  • দ্ৰাগ (Drug) – Cocaine, Amphetamines আদি।

সাধাৰণতে হোৱা জ্বৰ কেনেকৈ চিকিৎসা কৰিব ? | How to treat General Fever

সাধাৰণতে হোৱা জ্বৰ পৰা হাত সাৰিবলৈ পুৰণি কালৰে পৰা কিছুমান ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি অহা হৈছে। তাৰেই কিছুমান তলত উল্লেখ কৰা হʼল –

১) ২৫ গ্রাম তুলসীৰ পাত, ২৫ গ্রাম বাহক পাত আধালিটাৰ পানীত উতলাই ১২৫ গ্রাম মানৰলৈকে পানী ৰৈ যোৱাকৈ তৈয়াৰ কৰক। তাত ৬ চামুচ মৌ মিহলি কৰি দিনে দুবাৰকৈ ৭ দিন খালে পানীলগা জ্বৰ আৰু কাহ দূৰ হ’ব। 

২) ৫ গ্রাম তুলসী পাত, ৫ গ্রাম বাহক পাত, ৫গ্রাম আদা, ৫ গ্রাম পিপলি, কেইটামান তেজপাত ৪ কাপ পানীত উলাই সেই পানী গৰমে গৰমে ৰাতিপুৱা আৰু গধুলি ২ বাৰকৈ ৭ দিনৰ বাবে খালে জ্বৰ আৰু কাহ ভাল হয়।

৩) শিশুৰ হুপিং কাহত ১৫ গ্রাম বাহক পাতৰ ৰস, ১৫ গ্রাম তুলসী পাতৰ ৰস, ১২৫ গ্রাম গাজৰৰ ৰস, ১০০ গ্রাম মিছিৰি মিহলি কৰি জুইত উতলাই ঠাণ্ডা হলে এটা বটলত ভৰাই থব। সেই মিশ্ৰণৰ সৈতে সামান্য পৰিমাণে জালুকৰ গুৰি মিহলাই ২০ দিনৰ বাবে দিনত এবাৰকৈ খাব। তেনে কৰিলে হুপিং কাহ ভাল হয় বুলি জনা যায়।

৪) যথেষ্ট পৰিমাণৰ টোপনি লওঁক। শুই থকা অৱস্থাত আমাৰ শৰীৰটোৱে বেমাৰ আজাৰৰ সৈতে অধিক ভালদৰে যুঁজিব পাৰে।

৫) অধিক পৰিমানে পানী, ফলৰ ৰস, গ্লুকʼজ আদি খাই থাকিব। এনে কৰিলে জ্বৰৰ ফলত আপোনাৰ শৰীৰত পানীশূন্য হোৱাত প্ৰতিহত হʼব।

৬) জ্বৰ ভোগী থকা অৱস্থাত সদায় গৰম বা কুহুমীয়া পানীহে সেৱন কৰিব।

৭) সহজে হজম হʼব পৰা খাদ্য খাওঁক। যেনে- কোমল ভাত, তেল-মছলাৰ অবিহনে কেৱল উতলোৱা খাদ্য আদি। 

৮) মাজে সময়ে গাটো গৰম পানীত কাপোৰ এলানি তিতাই মোহাৰি লʼব। কিয়নো পৰিষ্কাৰ শৰীৰ আৰোগ্য হোৱাত সুবিধা হয়।

৯) উচ্চ কেলৰি আৰু প্ৰটিন সম্পন্ন, কম চৰ্বিযুক্ত পনীয় খাদ্য সেৱন কৰক। কিয়নো সাধাৰণতকৈ অসুখীয়া অৱস্থাত শৰীৰৰ আভ্যন্তৰিন প্ৰক্ৰিয়াসমূহ চলিবলৈ অধিক কেলৰিৰ প্ৰয়োজন হয়। 

১০) OTC drug যেনে- paracetamol/ibuprofen, aspirin, naproxen (aleve) আদি সেৱন কৰিব পাৰে যদিহে আপোনি অত্যাধিক ৰূপে জ্বৰত ভোগী আছে। মনত ৰাখিব যে Aspirin শিশুক খাবলৈ নিদিব আৰু পূৰ্ণবয়সীয়াল লোকেও ইয়াক এক সীমীত পৰিমানতহে সেৱন কৰিব লাগে। তথাপি যদি আপোনি কোনো গুৰুতৰ শাৰীৰিক সমস্যাত ভোগীছে তেন্তে এনে দৰব খোৱাৰ আগতে এবাৰ ডাক্তৰৰ পৰামৰ্শ লোৱাটো উচিত।   

১১) জ্বৰত বৰ বেছি দাঠ কাপোৰ নিপিন্ধিব। কিয়নো দাঠ কাপোৰে আপোনাৰ শৰীৰৰ উত্তাপ বৃদ্ধি কৰাতহে সহায় কৰিব। 

Read Also: মানৱ শৰীৰত ৰক্তহীনতা (Anemia) – প্ৰকাৰ, লক্ষণ, কাৰণ আৰু প্ৰতিকাৰ

NOTE: উক্ত ঘৰুৱা প্ৰতিকাৰবোৰে সকলোৰে বাবে একেধৰণে কাম নকৰিব পাৰে, কিয়নো জ্বৰ ভিন্ন কাৰণত হʼব পাৰে। আপোনাৰ জ্বৰৰ কাৰণটোৰ ওপৰতহে ইয়াৰ সঠিক চিকিৎসা নিৰ্ভৰ কৰিব। যদি আপোনি এই উপায়বোৰেৰে উপকৃত হʼব পৰা নাই তেন্তে পলম নকৰি বিশেষজ্ঞ/ ডাক্তৰৰ কাষ চাপক।

জ্বৰত কি খাব আৰু কি নাখাব | What to eat and what to avoid eating during fever

সাধাৰণতে হোৱা জ্বৰৰ প্ৰভাৱো দেহত কেতিয়াবা ক্ষতিকাৰক হʼব পাৰে। অসুখীয়া অৱস্থাত দেহৰ আভ্যন্তৰিন কাৰ্য আৰু অংগ সমূহ সুচাৰুৰূপে চলিবলৈ শৰীৰটোক অতিকৈ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন। সতেজ আৰু পুষ্টিকৰ খাদ্যয়ে দেহক শক্তিৰ যোগান ধৰে যিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে শৰীৰক আৰোগ্য কৰি তুলাত সহায় কৰে। সেয়ে অসুখীয়া অৱস্থাত বাচনি কৰি খাদ্য সেৱন কৰাৰ অতিকৈয়ে প্ৰয়োজন। জ্বৰত ভোগী থকা অৱস্থাত কেনে খাদ্য আপোনি খাব পাৰে আৰু কেনেধৰণৰ খাদ্য পৰিহাৰ কৰিব লাগে তাৰ এক তালিকা তলত উল্লেখ কৰা হʼল –

কি কি খাবঃ-

  • ফলৰ ৰস (Fruit juice)
  • গাখীৰ (Milk)
  • কোমলীয়া নাৰিকলৰ পানী (teder coconut water)
  • কোমলীয়া ভাত (Rice Porridge)
  • কাস্টাৰ্ড (Custard)
  • বইল শাক-পাচলি তথা অন্যান্য খাদ্য (Boiled veggies)
  • শাক-পাচলিৰ ৰস (Veggie Soup)
  • চুপ (Soup)
  • চৰ্বিহীন মাংস (Lean meat)
  • ভাপত দিয়া মাছ, কণী বা অন্যান্য প্ৰটিনযুক্ত খাদ্য (Steamed fish, egg)
  • টেঙা ফল-মূল (Citric fruit) আদি। 

কি কি খাব নালাগেঃ-

  • ঘিউ (Ghee)
  • Fiber বেছি থকা খাদ্য (High fibrous food)
  • তেলত ভজা খাদ্য (Oily food)
  • চেনিযুক্ত খাদ্য (Sugary food items)
  • প্ৰস্তুতকৃত খাদ্য (Readymade/packaged food) 
  • অধিক মছলাযুক্ত খাদ্য (Spicy food)
  • অত্যাধিক স্বাদযুক্ত পনীয় (Strongly flavored beverages)
  • চাওলৰ ৰস (Rice soup)

সামৰণি | Conclusion

উক্ত প্ৰৱন্ধটিত আপোনক সাধাৰণতে মানৱ দেহত হোৱা জ্বৰৰ বিষয়ে কিছুমান জানিব লগীয়া তথ্যৰ বিষয়ে অৱগত কৰোৱা হʼল। আশা কৰো উক্ত প্ৰৱন্ধটিত সন্নিবিষ্ট তথ্যসমূহে আপোনাক বিভিন্ন ধৰণে সহায় কৰিব। ধন্যবাদ!

FAQ

১) জ্বৰ বিপদজনক নেকি? ইয়াৰ মগজুৰ ওপৰত বেয়া প্ৰভাৱ পৰে নেকি?

উঃ-  নহয়, জ্বৰ প্ৰকৃততে ভাল কিয়নো ই শৰীৰক বেক্টেৰিয়া আৰু ভাইৰাছ ধ্বংস কৰাত সহায় কৰে। কেৱল 108 ফাৰেনহাইটৰ ওপৰৰ শৰীৰৰ তাপমাত্ৰাই মস্তিষ্কৰ ক্ষতি কৰিব পাৰে আৰু শৰীৰৰ উষ্ণতাৰ এই স্তৰ কেৱল অত্যাধিক পৰিৱেশৰ উষ্ণতাৰ দ্বাৰাহে প্ৰাপ্ত কৰিব পাৰি

২)  শৰীৰৰ উচ্চ তাপমাত্ৰাৰ কাৰণবোৰ কি?

উঃ- জ্বৰৰ আটাইতকৈ সচৰাচৰ কাৰণহৈছে চৰ্দি আৰু ফ্লু। অন্যান্য কাৰণবোৰৰ ভিতৰত আছে গেষ্ট্ৰোএণ্টেৰাইটিছ, কাণৰ সংক্ৰমণ, ঔষধৰ পাৰ্শ্বক্ৰিয়া, শৰীৰৰ প্ৰদাহ সৃষ্টি কৰা স্থিতি, ভেকছিন, ছাল, হাঁওফাঁও, বা ডিঙিৰ সংক্ৰমণ।

৩)  জ্বৰ কেতিয়া গুৰুতৰ সমস্যা হৈ পৰে?

উঃ- জ্বৰ হৈছে এক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা যদি ই 100.4 ফাৰেনহাইট বা 39 ডিগ্ৰী চেলচিয়াছৰ ওপৰত হয়। ইয়াৰ উপৰিও, যেতিয়া আপোনাৰ অলসতা, বমি, ডায়েৰিয়া, খিংখিঙীয়া হোৱা, উশাহ লোৱাত সমস্যা, বুকুৰ বিষ, বা চিজাৰ হয় তেতিয়া ডাক্তৰৰ কাষ চাপক। তদুপৰি, যদি জ্বৰ তিনি দিনতকৈ অধিক সময় ধৰি আছে বা বিদ্যমান চিকিৎসীয় স্থিতি আছে তেনেহ’লে চিকিৎসা কৰাটো প্ৰয়োজনীয়।

৪) কোনটো উষ্ণতাক জ্বৰ বুলি গণ্য কৰা হয়?

উঃ- জ্বৰ হৈছে শৰীৰৰ ৩৮ ডিগ্ৰী চেলচিয়াছ (১০০.৪ ফাৰেনহাইট) বা অধিক তাপমাত্ৰা।

৫)  জ্বৰৰ ফলত কাৰোবাৰ চিজাৰ হ’ব পাৰে নেকি?

উঃ- নহয়, কেৱল ৪% শিশুৰ জ্বৰৰ সৈতে চিজাৰ হ’ব পাৰে।

Writer: Aparna Singha

Leave a Reply