আদাৰ উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰ – Benefits and uses of Ginger/Zingiber officinale in Assamese
চমু পৰিচয়
পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদেৰে ভৰপূৰ আৰু এই উদ্ভিদ সমূহৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধি যুক্ত গুণেৰে ভৰপূৰ। পৃথিৱীৰ এই ঔষধি জাতীয় উদ্ভিদবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতেই প্ৰতিষ্ঠিত। এনে এবিধ ঔষধি গুণ থকা মছলাজাতীয় উদ্ভিদ হ’ল – আদা (Ginger)। প্ৰাচীন কালৰে পৰা বৰ্তানলৈকে আদাৰ উপকাৰিতা সমূহৰ বাবে ইয়াক বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ প্ৰতিৰোধক ৰূপে ব্যৱহাৰ কৰা হয়।

আদা কি ?
আদা (Ginger) এবিধ মছলা আৰু ভেষজজাতীয় ঔষধি উদ্ভিদ। মছলাজাতীয় উদ্ভিদৰ ভিতৰত আদা অন্যতম। মছলা হিচাপে আদাৰ গুৰুত্ব অপৰিসীম। আদাত থকা ৰাসায়নিক যৌগ (chemical compounds) সমূহে ইয়াৰ সোৱাদক ফুৰফুৰীয়া, জ্বলা – পোৰা আৰু উত্তেজক ধৰণৰ কৰিছে। মছলাজাতীয় ঔষধিযুক্ত আদা গছৰ গাৰ বৰণ সেউজীয়া, পাতৰ বৰণ ঘন সেউজীয়া, ইয়াৰ পাতবোৰ দীঘলীয়া আকৃতিৰ। আদাৰ গছ ২ পৰা ৩ ফুট ওখ থাকে। আদাৰ ভিতৰৰ অংশৰ বৰণ পাতল হালধীয়া। মছলাজাতীয় উদ্ভিদ হিচাপে আদাৰ বৃহৎ পৰিমাণে খেতি কৰা হয়। তদুপৰি ইয়াক ঘৰৰ বাৰিটো উৎপাদন কৰা হয়।
Read Also: ক’লা জিৰাৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Black Cumin
পুষ্টিগত উপাদান (Nutritious Elements)
আদাত প্ৰচুৰ পৰিমাণে আঁহ (Dietary fiber), প্ৰটিন (Protein), আইৰণ (Iron), ছডিয়াম (Sodium), ফছফৰাছ (Phosphorus), ভিটামিন C (Vitamin C), ভিটামিন B6 (Vitamin B6), ফলেট (Folate), নিআচিন (Niacin), ৰাইব‘ফ্লেভিন (Riboflavin) আৰু জিনজেৰ‘ল (Gingerol), বিতা কেৰাটিন (Beta Keratin) আদি বিভিন্ন প্ৰকাৰৰ এণ্টিঅক্সিডেণ্ট(Antioxidant) পোৱা যায়। অসমৰ ভিতৰত কাৰ্বি আংলং জিলাত সৰ্বাধিক ৰূপে আদাৰ খেতি কৰা হয়। কাৰ্বি আংলং জিলাত দুই ধৰণৰ আদাৰ প্ৰকাৰ পোৱা যায়। সেই দুয়োবিধ হ’ল – নদীয়া আদা আৰু আইজল আদা।
আদাৰ বৈজ্ঞানিক নাম হ‘ল – Zingiber officinale ।
ঔষধিয় গুণাগুণ (Medicinal Qualities)
প্ৰকৃতিৰ ঔষধি গুণযুক্ত দ্ৰৱ্য সমূহৰ ভিতৰত আটাইতকৈ বেছি অধ্যয়ণ আৰু পৰীক্ষা – নিৰীক্ষা চলোৱা হৈছে আদাৰ ওপৰত। গৱেষক সকলৰ মতে আদাক কমেও পাঁচ হেজাৰ বছৰ ধৰি ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। লোক ঔষধত আদাৰ বিশেষ মহত্ব আছে। আদাত এণ্টি বেক্টেৰিয়েল আৰু এণ্টি অক্সিডেণ্ট বৈশিষ্ট আছে, যিয়ে বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। এণ্টি অক্সিডেণ্ট বোৰ অত্যন্ত গুৰত্বপূৰ্ণ কাৰণ সেইবোৰ ফ্ৰি ৰেডিকেলৰ (Free Radical) বিৰুদ্ধে সুৰক্ষা সৰবৰাহ কৰে। কেন্সাৰ, হৃদৰোগ, ডায়েবেটিচ, বাত, আলঝাইমাৰ আৰু অনান্য ৰোগৰ পৰা ৰক্ষা পাবলৈ আদাৰ উপকাৰিতা সমূহ ব্যৱহাৰ কৰা হয়। আদা ভিটামিন সমৃদ্ধ, যিয়ে শৰীৰক শক্তি দিয়ে। চৰ্দি – কাঁহ (cold), বদহজম (Indigestion) সমস্যা হ’লে আদাৰ ব্যৱহাৰ কৰা হয়। আদাৰ মানৱ শৰীৰত প্ৰতিৰোধী শক্তি বঢ়োৱাৰ ক্ষমতা থাকে। আয়ুৰ্বেদিক ঔষধ তৈয়াৰ কৰিবলৈ আদা বহুলভাৱে ব্যৱহৃত হয়। আদাৰ উপয়োগে মাংস পেশীৰ বিষ (Muscle Pain) ৰ পৰাও মুক্তি দিয়ে। পেশীবোৰৰ খেদ হ্ৰাস কৰে।
ৰান্ধনীঘৰৰ দৈনিক ব্যৱহৃত হোৱা মছলা বিধেই হ’ল আদা (Ginger)। আদা অবিহনে যিকোনো ব্যঞ্জনৰ সোৱাদ যেন আধৰুৱা হয়। অৰ্থাৎ ভাৰতীয় ব্যঞ্জন সমূহ আদাৰ অবিহনে অসম্পূৰ্ণ। আটাইবোৰ ব্যঞ্জন বনাওঁতে প্ৰায়ে আদাৰ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ ব্যৱহাৰে ব্যঞ্জনক সুস্বাদু কৰি তোলে। তদুপৰি শুকান আদাৰো ঔষধি গুণাগুণ বেছি। শুকান আদা বহুদিন সংৰক্ষণ কৰি ৰাখিব পাৰি। আয়ুৰ্বেদ শাস্ত্ৰমতে আদা এবিধ দীপনীয় ঔষধি (Improves digestive strength) অৰ্থাৎ ই ভোক বঢ়োৱাত সহায় কৰে। বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ হোৱা বাবে বহুতো ঔষধৰ উৎপাদনত আদাৰ ব্যৱহাৰ হয়।
আদৰ জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত (Scientific Classification of Ginger)
- Kingdom : Plantae
- Clade : Tracheophytes
- Clade : Angiosperms
- Clade : Monocots
- Clade : Commelinids
- Order : Zingiberales
- Family : Zingiberaceae
- Genus : Zingiber
- Species : Z. Officinale
- Scientific name : Zingiber Officinale
Read Also: ডিমৰুৰ স্বাস্থ্যজনিত উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Fig
আদাৰ স্বাস্থ্যজনিত উপকাৰিতা (Benefits of Ginger)
- বদহজম, অভোক বা অৰূচি, পেটৰ বিষ আদিৰ বাবে আদাৰ বিশেষভাৱে উপকাৰিতা আছে। কেম’থেৰাপী (Chemotherapy) ৰ পিছত কেন্সাৰ (Cancer) ৰোগীসকলক আদায়ে কিছু সকাহ দিব পাৰে।
- হৃদৰোগৰ ক্ষেত্ৰতো আদাৰ উপকাৰিতা আছে। আদাৰ ৰসে শৰীৰ শীতল কৰে আৰু হৃদযন্ত্ৰৰ ৰোগ সমূহৰ বাবে উপকাৰী।
- বিজ্ঞানীৰ গৱেষণাই প্ৰমাণ কৰিছে যে আদাৰ এনে বহু উপাদান আছে যিবোৰৰ আমাৰ দেহত উপকাৰিতা আছে। আদাই আমাৰ হজম শক্তি বৃদ্ধি কৰে। লালটি (Saliva) ক সংবেনশীল কৰি তোলে। গেষ্ট্ৰিক (gastric) নিৰাময় কৰাতো আদায়ে সহায় কৰে।
- আদা (Ginger) এ লিভাৰক সুৰক্ষা প্ৰদান কৰে আৰু ফেটি লিভাৰ (fatty liver) হোৱাত বাধা দিয়ে। যক্ষ্মা (Tuberculosis) ৰোগৰ চিকিৎসাৰ পাৰ্শ্বক্ৰিয়াৰ পৰাও ই লিভাৰক সুৰক্ষা প্ৰদান কৰে।
- এণ্টি অক্সিডেণ্ট (Antioxidant), জিনজাৰ’ ল (Gingerol) থকা বাবে আদায়ে বিভিন্ন বীজাণুৰ সংক্ৰমণ ৰোধ কৰে।
- চকু সমস্যাৰ বাবেও আদাৰ উপকাৰিতা আছে। পক্ষাঘাত (Paralysis), চকুৰ ছানি পৰা (Cataract) আৰু চকুৰ অন্য ৰোগৰ ক্ষেত্ৰতো আদা উপকাৰী।
- ইন্দ্ৰিয়জনিত ৰোগৰ প্ৰতিৰোধক ৰূপে আদাৰ ব্যৱহাৰ অপৰিসীম। নাক, কান, ডিঙিৰ ৰোগৰ লগতে শ্বাস ৰোগ, কাঁহী আদিৰ সমস্যাও আদায়ে নিৰাময় কৰে।
- ডায়েবেটিচ (Diabetes) ৰোগীৰ ক্ষেত্ৰত আদায়ে তেজৰ শৰ্কৰা (Blood Sugar) নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
- মহিলাৰ ঋতুস্ৰাৱৰ (Menstrual cycle) সময়ত হোৱা বিষতো (Dysmenorrhoea ) আদাৰ উপকাৰিতা দেখা যায়। এই সময়ত আদা (Ginger) খালে বিষৰ পৰা পৰিত্ৰাণ পোৱা যায় ।
- গাঁঠিৰ বিষ, মাংস পেশীৰ বিষ তথা শৰীৰৰ বিভিন্ন ধৰণৰ বিষত আদায়ে বিষহৰ (pain killer) হিচাবে উপকাৰ কৰে।
- আদা ৰক্তচাপ সমস্যাৰ বাবেও উপকাৰী। আদাত থকা বিশেষ কিছুমান উপাদানে উচ্চ ৰক্তচাপ, অপকাৰী কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড আদি নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
- আদাত থকা বিশেষ কিছুমান এণ্টি অক্সিডেণ্টে মগজুৰ কাৰ্যক্ষমতা (Brain functioning) বৃদ্ধি কৰে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে আদাই এলজাইমাৰ (Alzheimer’s disease) নামৰ ৰোগ প্ৰতিৰোধতো সহায় কৰে।
- মূৰৰ বিষ (Headache) ৰ বাবেও আদা (Ginger ) উপকাৰী। মূৰৰ বিষ হ’লে আদাৰ ৰস নাকত দিলে মূৰৰ বিষ দূৰ হয় ।
- দাঁতৰ ৰোগৰ ক্ষেত্ৰতো আদা (Ginger) উপকাৰী। আদা খালে দাঁতৰ ৰোগৰ লগতে টনসিল (Tonsil) ৰ সমস্যাও নিৰাময় হয়। গৰম পানীত আদা উতলাই তাৰ পিছত আদা খিনি পিছিলৈ দাঁতত লগালে বিষ দূৰ হয়।
- ভোক নলগা সমস্যাৰ বাবে ব্যৱহাৰ উতকৃষ্ট। ভাত খোৱাৰ আগতে কেইটুকুৰামান আদা নিমখৰ সৈতে খালে উপকাৰ পোৱা যায়।
- কাঁহ আৰু হাপানি ৰোগ আদায়ে নিৰাময় কৰে।
- বসন্ত ৰোগ (Smallpox) নিৰাময়ৰ বাবে আদাৰ ৰস উপকাৰী।
- গৰ্ভৱতী মহিলাৰ পুৱাতেই হোৱা বমিভাৱ (morning sickness) আদায়ে দূৰ কৰে।
- আদাৰ উপয়োগে বৃহৎ আন্ত্ৰৰ কৰ্কট (Colon Cancer) ৰোগৰ পৰা সুৰক্ষা আগবঢ়ায়। স্তনৰ কেন্সাৰ (Breast Cancer), পেনক্ৰীয়াচৰ কেন্সাৰ (Pancreas cancer) আৰু অভেৰিৰ কেন্সাৰ (Ovary cancer) প্ৰতিৰোধ কৰে বুলি বৈজ্ঞানিকসকলে ঠাৱৰ কৰিছে।
- পাইলচ (Piles) ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো আদা উপকাৰী। পাইলচ ৰোগীৰ বাবে আদা উপকাৰী কিয়নো ই শৌচ সঠিকভাৱে হোৱাত সহায় কৰে।
- যিকোনো শাৰীৰিক দুৰ্বলতা আৰু মানসিক অৱসাদ আদাৰ ৰস খালে আঁতৰ হয়।
- আদাৰ আন এক উৎকৃষ্ট উপকাৰিতা হ’ল ওজন হ্ৰাস কৰা। অতিৰিক্ত ওজন হ্ৰাস কৰাত আদা।
আদা কিদৰে ব্যৱহাৰ কৰিব ? (How to use ginger)
আদা (Ginger)ক বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়। আদা কেঁচাকৈ, শুকানকৈ, ৰস হিচাপে, জুচ হিচাপে, তেল হিচাপে, চাহ হিচাপে, ঔষধ হিচপে ব্যৱহাৰ কৰা হয়। আদাৰ অন্যান্য ব্যৱহাৰ সমূহ হ’ল :
- বমিভাৱ হ’লে আদাৰ (Ginger) টুকুৰা বা ৰসৰ সৈতে নিমখ মিহলাই ব্যৱহাৰ কৰা হয়।
- পেটৰ গেছ আৰু অজিৰ্ণ হ’লে আদা (Ginger) কলা নিম, নেমু ৰস একেলগে ব্যৱহাৰ কৰা হয়।
- চাইনাছ ৰোগৰ বাবে আদাৰ (Ginger) ৰস এচামুচ, এচামুচ আমলখিৰ ৰস আৰু মৌ দিনে দুবাৰকৈ ব্যৱহাৰ কৰিব লাগে।
- সতেজ আদা (Ginger) যিকোনো ৰসত দি খাব পাৰি।
- শীতকালত চাহত আদা (Ginger) দি খোৱা শৰীৰৰ বাবে উপকাৰী। এই চাহে আমাৰ শৰীৰৰ উত্তাপ বৃদ্ধি কৰে। উতলা পানীত চেনী , চাহপাতৰ সৈতে আদাৰ কেইটুকুৰামান ঠেতালি এই চাহ বনুৱা হয়। আদা চাহৰ সোৱাদ সুকীয়া।
- মাংসপেশী সমূহৰ বিষ সমূহৰ পৰা পৰিত্ৰাণ পাবলৈ তিল তেলৰ সৈতে আদাৰ (Ginger) তেল ব্যৱহাৰ কৰা হয়।
- জুয়ে পোৰা অংশত আদাৰ (Ginger) প্ৰলেপ লগালে বিষ দূৰ হয়।
- দৈনিক ২ গ্ৰাম আদা (Ginger) খালে মাংসপেশীৰ বিষ নিৰময় হয়।
- আদা চালাডত মিহিকৈ কাটি ৰ’দত শুকুৱাই কলা নিমখ ছটিয়াই টানকৈ এটা টেমাত থৈ মাজে সময়ে খাব পৰা যায়।
- পানীত আদা (Ginger) ৰসৰ সৈতে নিমখ মিহলাই খালে হজম শক্তি বাঢ়ে।
- শৌচ কচা আঁতৰাবলৈ আদা, আজুৱাইন, নেমুৰ ৰস, কলা নিমখ মিহলাই ব্যৱহাৰ কৰা হয় ।
- কাঁহ আৰু হাঁপানি ৰোগ নিৰাময়ৰ বাবে আদা ৰস আৰু মৌ ৰসৰ সৈতে মিহলাই ব্যৱহাৰ কৰা হয়।
- কাণ বিষ হ’লে তিল তেল, আদাৰ (Ginger) ৰস, মৌ আৰু নিমখ মিহলাই সামান্য গৰম কৰি কাণত দিলে বিষ কমে।
- চৰ্দি হ’লে এক চামুচ মৌ ৰ সৈতে এক চামুচ আদা ৰস মিহলাই খোৱা হয়।
- বিভিন্ন ব্যঞ্জন তৈয়াৰ কৰোঁতে আদাৰ বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়।
List of Ginger Products
- Ginger
- Ginger Garlic Paste
- Ginger Garlic Paste Maker
- Ginger Ale
- Ginger Beer
- Ginger Tea
- Ginger Biscuits
- Ginger Juice
- Ginger juice Maker/Machine
- Ginger Oil for Hair Growth
- Ginger Shampoo
- Ginger Shampoo Body shop
- Ginger Body Shop Conditioner
- Ginger Body Oil
- Ginger Tablets
- Ginger Candy
Read Also: দীঘলতি: ঔষধিয় গুণা গুণ আৰু ব্যৱহাৰিক পদ্ধতি – Benefits of Digholoti
আদাৰ অপকাৰীতা (Side effects of Ginger/Zingiber Officinale)
যেনেকৈ আমাৰ শৰীৰৰ বাবে আদাৰ উপকাৰিতা আছে একেদৰে কিছু ক্ষেত্ৰত ইয়াৰ অধিক মাত্ৰা ব্যৱহাৰে আমাৰ শৰীৰ ক্ষতিও কৰিব পাৰে-
- মহিলা অন্তঃ সত্ত্বাৰ সময়ত আদাৰ বেছি ব্যৱহাৰ কৰিব নালাগে।
- অধিক মাত্ৰা আদা খালে প্ৰসাৱ জ্বলা – পোৰা হয়। এদিনত ৪ গ্ৰামতকৈ বেছি আদা খোৱাতো ক্ষতিকাৰক।
সেয়হে যিকোনো ৰোগ নিৰাময়ৰ বাবে আদাক সঠিক পৰিমাণ, সঠিক সময়তে খোৱা ভাল আমাৰ স্বাস্থ্যৰ বাবে।
সামৰণি
উক্ত প্ৰৱন্ধটিৰ দ্বাৰা আপোনি নিশ্চয় আদা (Ginger) ৰ এক সাম্যক পৰিচয় পালে।ইয়াৰ বিভিন্ন নাম, ৰাসায়নিক উপাদান, উপকাৰ, অপকাৰ তথা অন্যান্য গুণাগুণৰ বিষয়ে জানিবলৈ পালে।
আশা কৰোঁ উক্ত প্ৰবন্ধটিত উল্লেখ থকা তথ্যসমূহে আপোনাক বিভিন্ন সমস্যাত ভিন্ন ধৰণে উপকৃত কৰিব। ধন্যবাদ !
Author: Mahezubin Saikia