দীঘলতি: ঔষধিয় গুণা গুণ আৰু ব্যৱহাৰিক পদ্ধতি – Benefits of Digholoti

দীঘলতি: ঔষধি গুণসম্পন্ন এক পৰম্পৰাগত উদ্ভিদ – Benefits of Digholoti, Traditional and Medicinal Importance of Digholoti

চমু পৰিচয়

ৰঙালী বিহুৰ লগত জড়িত এটি অতি প্ৰাসংগিক গছ হৈছে দীঘলতি (Digholoti)। মজলীয়া আকাৰৰ এইবিধ গছ অসমৰ বিভিন্ন ঠাইত প্ৰাকৃতিকভাৱে পোৱা যায়।গৰু বিহুৰ দিনা গৰুক গা ধুওৱাৰ সময়ত দীঘলতিৰ পাতৰ সৈতে সৰু ডালেৰে নিয়মত কোবোৱা হয়।বিশ্বাস কৰা হয় যে এনে কৰিলে গৰুৰ বিভিন্ন পোক পতংগৰ দ্বাৰা হোৱা ৰোগসমুহৰ পৰা ৰক্ষা পৰে।এই গছজোপা বহুবছৰ ধৰি জীয়াই থাকে, গা-গছ তথা ডালবোৰ কিছু পৰিমানে দুৰ্বল, পাতবোৰ অলপ দীঘল, যুৰীয়া। দীঘলতি গছ প্ৰায় ১০-১২ ফুট উচ্চতাৰ থাকে আৰু ই জোপোহা ৰূপ ধাৰণ কৰে। পাতবোৰ দীঘল হোৱাৰ বাবে এই গছজোপাৰ নাম দীঘলতি বুলি বহুতে কব খোজে। দীঘলতি অসমৰ হাবি বননিত পোৱা যায়। বৰ্তমান সময়ত কিছুসংখ্যক লোকে বিহু তথা আন কামৰ প্ৰয়োজনীয়তা হেতু ঘৰৰ চৌহদত ৰোপণ কৰা দেখা যায়।

দীঘলতি ঔষধিয় গুণা গুণ আৰু ব্যৱহাৰিক পদ্ধতি - Benefits of Digholoti

দীঘলতি গছৰ জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন (Scientific Classification of Digholoti)

  • বৈজ্ঞানিক নাম: লিটচিয়া চেলিচিফলিয়া Scientific name : Litsea salicifolia
  • ৰাজ্য: উদ্ভিদ Kingdom : Plantae
  • শ্ৰেণী: সপুস্পক Phylum : Angiospermae
  • উপ শ্ৰেণী: মেগনলিডচ Sub-phylum : Magnolids
  • বৰ্গ: লাউৰেলছ Order : Laurales
  • পৰিয়াল: লাউৰেছি Family : Lauraceae
  • গৌণ: লিটছীয়া Genus : Litsea
  • প্ৰজাতি: চেলিচিফলিয়া Species : salicifolia

দীঘলতি গছৰ উপলব্ধতা আৰু ইয়াৰ কৃষিপদ্ধতি  (Distribution and Cultivation Process of Digholoti)

সাধাৰণতে সহজে পানী জমা নোহোৱা, ওখ, শুকান ঠাইত ইয়াৰ প্ৰজাতি পোৱা যায়। দীঘলতি গছৰ উৎপত্তি স্থল (Centre of Origin) চীন দেশ (China) বুলি কৃষি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। চীন দেশৰ পৰা এই গছৰ বিস্তাৰ দক্ষিণ এছিয়া (Southern Asia)লৈ হয়। তাৰ পৰা কালক্ৰমত এই দীঘলতি গছজোপাই ভাৰত তথা অসমত বংশবিস্তাৰ কৰে। অসমৰ সকলো ঠাইতে কম বেছি পৰিমানে দীঘলতি গছ পোৱা যায়। পানী জমা নোহোৱা ওখ ঠাইত সাধাৰণতে দীঘলতি গছ হোৱা দেখা যায়।

অসমত দীঘলতিৰ ব্যৱহাৰ প্ৰধানকৈ দুটা কাৰণত কৰা হয় । প্ৰথমে, বহাগ বিহু তথা আন সময়ত ইয়াক পোক পতংগ খেদিবলে (as Mosquito repellant ) ব্যৱহাৰ কৰা হয়। দ্বিতীয়তে, মুগা পলু উৎপাদনৰ সময়ত মুগাৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিবলৈ ইয়াৰ খেতি কৰা হয়। দীঘলতি কৃষিপদ্ধতি সম্পৰ্কে কোনো নিৰ্দিষ্ট প্ৰণালীবদ্ধ (Systematic) তথা বৈজ্ঞানিক পদ্ধতি (Scientific Procedure) পৰিলক্ষিত নহয়। সাধাৰণতে বীজৰ দ্বাৰা প্ৰাকৃতিকভাৱে ইয়াৰ বংশবিস্তাৰ হয়। বীজৰ দ্বাৰা হোৱা পুলি সংগ্ৰহ কৰি অন্য ঠাইত ৰোপণ কৰিব পাৰি।সাধাৰণতে বছৰৰ চেপ্তেম্বৰ পৰা অক্টোবৰ মাহৰ ভিতৰত এই গছৰ গুটিৰ পৰা পুলি ওলোৱা দেখা যায়। কৃষিবিজ্ঞানী  সকলে গৱেষণা কৰি পাইছে যে  দীঘলতি গছজোপাৰ পৰা গুটি সৰাৰ পাছত অথবা সংগ্ৰহ কৰি সাধাৰণ উষ্ণতাত ৪০ দিনলৈ ইয়াৰ বিকাশক্ষমতা (Viability) অটুট থাকে। কাটিং পদ্ধতিৰ দ্বাৰা দীঘলতি গছ ৰূপণ কৰিব পাৰি। সাধাৰণতে মূল গছৰ পৰা প্ৰায় ৬-৭ ফুট ইঞ্চি দৈৰ্ঘ্যৰ ডাল সংগ্ৰহ কৰিব লাগে। ডাল সংগ্ৰহৰ বাবে এপ্ৰিল/মে আৰু চেপ্তম্বৰ /অক্টোবৰ মাহ উপযুক্ত। জাৰ্মপ্লাজম নামৰ এক বৈজ্ঞানিক পদ্ধতিৰে কলাকৰ্ষণৰ (Plant Tissue Culture) যোগেদিও এইগছৰ পুলি পৰীক্ষাগাৰত উৎপাদন কৰিব পাৰি।

Read Also: গুৰ কি? ১৫+ গুৰৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Jaggery

দীঘলতি গছৰ উপকাৰী ৰাসায়নিক তথা ঔষধিয় উপাদান (Important Medicinal Compound present in Digholoti)

দীঘলতি গছত বহুতো উপকাৰী ঔষধি গুণবিশিষ্ট (Pharmaceutical compound) উপাদান পোৱা যায়। এইবোৰৰ ভিতৰত অন্যতম হ’ল এলকালয়ড (Alkaloid), মনটাৰপিন(Monoterpene), চেচকুইটাৰপিন (Sesquiterpene), ডাইটাৰপিন (Diterpene), ফ্লেভেনয়ড (Flavonoids), এমাইডছ (Amides), লিগনিন (Lignin), ষ্টেৰইড (Steroid) আৰু ফেটি এছিড(Fatty Acid)।এই যৌগ সমুহৰ ভিতৰত প্ৰায় ৬৩বিধ এলকালয়ড (Alkaloid), ২০বিধ মনটাৰপিন (Monoterpene), ৭৩ বিধ চেচকুইটাৰপিন (Sesquiterpene), ৩৯ বিধ ফ্লেভেনয়ড (Flavonoid), ৩৫ বিধ লিগনিন (Lignin) আৰু বহু পৰিমানে ফেটি এছিড (Fatty Acid) পোৱা যায়। এই ফেটি এচিড সমুহৰ ভিতৰত চিনামিক এচিড (Cinnamic Acid), পেমইক এচিড (Pamoic Acid), অক্টানইক এচিড (Octanoic Acid), অলিক এচিড (Olic Acid) ইত্যাদি প্ৰধান। অন্যহাতে, দীঘলতিত কিছু পৰিমানে এন্টিঅক্সিডেন্ট যৌগ উপাদান পোৱা যায়। এই এন্টিঅক্সিডেন্ট যৌগ সমুহৰ ভিতৰত অন্যতম হৈছে পলিফিনল, ভিটামিন ইত্যাদি।

দীঘলতি গছৰ ঔষধিয় গুণা গুণ (Medicinal Qualities of Digholoti)

০ দীঘলতি গছৰ পাতৰ ৰস চৰ্মৰোগত (Skin Diseases) ব্যৱহাৰ কৰিব পাৰি। বিভিন্ন ছালৰ ৰোগ বা সমস্যাৰ পৰা নিৰাময় পাবলৈ এই গছৰ পাত অতি উপকাৰি।

গ্ৰহণী (Chronic Dysentery) ৰোগৰ বাবে দীঘলতি পাতৰ ৰস ডালিমৰ পাতৰ ৰস আৰু দুধমৌ পাতৰ ৰসৰ লগত মিহলাই তাৰ মিশ্ৰণ সেৱন কৰিলে উপশম পোৱা যায় ।

এন্দুৰীয়া ঘাঁ (Carbuncle)ৰ বাবে এইগছৰ পাত অথবা ছালৰ ৰস গাখীৰৰ লগত মিহলাই খালে উপশম পোৱা যায়।

প্ৰসৱ বেদনা (Birth pain) কিছু পৰিমানে উপশমৰ বাবে দীঘলতি শিপাৰ ৰস উপকাৰী।

০ দীঘলতি গছৰ ফল হাড় ভাঙিলে ( in Bone fracture) গুড়ি কৰি বান্ধিলে বিষ বহু পৰিমানে কম হয়।

০ কাঁহ (cough/sneeze), জ্বৰ (Fever)ৰ বাবে এইগছৰ ছাল, পিপলি জালুক আৰু কঠাল গছৰ শিপাৰ লগত মিশ্ৰণ কৰি খালে উপশম পোৱা যায় ।

০ দীঘলতি গছৰ বাকলি হাপানী (Asthma) বেমাৰত ব্যৱহাৰ কৰিব পাৰি।

০ দীঘলতি গছৰ ছাল বদহজম (Indigestion), ব্ৰংকাইটিজ (Bronchitis) ইত্যাদি ৰোগ নিৰাময়ত ব্যৱহাৰ কৰা হয়।

০ দীঘলতিৰ পাতৰ ৰস সেৱন কৰিলে প্ৰসাৱ কৰোতে হোৱা জলা-পোৰা (Urinary tract Inflammation) ইত্যাদি সমস্যাৰ পৰা উপশম পোৱা যায়।

০ দীঘলতিত এলকালইড (Alkaloid)নামৰ যৌগৰ (Compound) উপস্থিতিৰ বাবে ই এন্টিঅক্সিডেন্ট (Antioxidant), এন্টিপেলেট (Anti Palette), এন্টিৰুমৰ (Anti Rumor) হিচাপে কাম কৰে।

০ দীঘলতিত মনটাৰপিনৰ (Monoterpene) উপস্থিতিৰ কাৰণে ই আমাৰ দেহত বেক্টেৰিয়ানাশক (Anti bacterial) ক্ষমতা বৃদ্ধি কৰে ।

০ দীঘলতিত থকা ফ্লেভেনইড (Flavonoid) আমাৰ দেহত সাধাৰণতে হোৱা খজুৱতিৰ পৰা হোৱা ক্ৰিয়াৰ বিৰুদ্ধে এন্টিফ্লেমেটৰী (Anti Inflammatory) অৰ্থাৎ জলা-পোৰাৰ বিপক্ষে  শাৰীৰিক ক্ষমতা  বৃদ্ধি কৰে।

০ দীঘলতিত থকা ফ্লেভেনইড (Flavonoid) এ Hepatoprotective Effect অৰ্থাৎ লিভাৰৰ ক্ষতি হোৱাৰ বিৰুদ্ধে দেহত প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।

০ দীঘলতিত থকা এমাইড (Amide) আৰু লিগলিনে (Lignin) দেহত কেন্সাৰ প্ৰতিৰোধী ক্ষমতা (Anti Cancer Activity) গঢ়ি তোলে।

০ দীঘলতিত উপস্থিত থকা ফেটি এচিড (Fatty Acid) এ মধুমেহ ৰোগ (Diabetes)ৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।

Read Also: হেলচী – হেলচীৰ স্বাস্থ্যজনিত উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Buffalo Spinach

দীঘলতি গছৰ ব্যৱহাৰিক পদ্ধতি (Practical Aspects of Digholoti)

দীঘলতি বহাগ বিহুত ব্যৱহাৰ কৰাৰ বাহিৰে কিছু লোকে মহ খেদিবলৈ জাগ দিওতে ব্যৱহাৰ কৰা দেখা যায় যদিও ঘৰুৱা চিকিৎসাৰ ক্ষেত্ৰত ইমান প্ৰয়োগ দেখা নাযায়। বৰ্তমান সময়ত ইয়াৰ ঔষধি গুণ সম্পৰ্কে অধ্যয়ন হৈছে আৰু সেয়েহে ইয়াৰ ব্যৱহাৰিক দিশটো উন্মোচন হবলৈ এতিয়াও কিছু দিন আছে। তথাপি আমাৰ সমাজত চলি অহা কিছু ব্যৱহাৰিক চিকিৎসা পদ্ধতি তলত উল্লেখ কৰা হʼল –

০ দীঘলতি পাতৰ ৰস ১০০- ২০০ মিলি প্ৰতিদিনে ২১ দিনলৈ সেৱন কৰিলে দেহত ৰক্ত সঞ্চালন (Blood circulation) বৃদ্ধি পায়।

০ ১০০-২০০ মিলি প্ৰতি এক লিটাৰ পানীত মিহলাই গা ধুলে চৰ্ম ৰোগ (Skin disease) ৰ পৰা হাত সাৰিব পাৰি।

০ কাঁহ (Cold-cough) হ’লে দীঘলতি পাতৰ ৰস এচামুচ আৰু মৌজোল এচামুচ মিহলাই খালে যথেষ্ট সুফল পোৱা যায়।

০ দীঘলতি গছৰ ছাল প্ৰায় আধা কিলোগ্ৰাম একবাল্টি পানীত মিহলাই গৰম কৰি সেই পানীৰে কেইবাদিনো গা ধুলে ছালৰ বিভিন্ন ৰোগৰ পৰা মুক্তি পাব পাৰি।

দীঘলতি গছৰ অপকাৰিতা (Harmful Side effects of Digholoti)

পেটৰ অসুখ থকা ৰোগীয়ে দীঘলতি পাতৰ ৰস সেৱন কৰাৰ পৰা বিৰত থাকিব লাগে অন্যথা পেটৰ আন আন সমস্যা যেনে বদহজম (Indigestion), পেটবিষ (Stomach Ache), পেটচলা ইত্যাদিত ভোগাৰ সম্ভাৱনা থাকে।

০ নিৰ্দিষ্ট পৰিমানৰ আৰু ভেষজ বিজ্ঞানীৰ পৰামৰ্শ তথা তেওঁলোকৰ দ্বাৰা নিৰ্মিত দীঘলতিৰ সামগ্ৰীহে ব্যৱহাৰ কৰিব লাগে অন্যথা দেহৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

এলাৰ্জী (Allergy) থকা মানুহে পৰাপক্ষত দীঘলতি গছৰ পাত তথা ছাল/বাকলিৰ ব্যৱহৃত পানী গা ধুব নালাগে। এনেধৰণৰ এলাৰ্জীত খজুৱতি (Itching), চকু ৰঙা পৰা (redness in eyes), চকুৰ পৰা চকুপানী নিগৰা (Irritation in eyes), ডিঙি জলা পোৰা কৰা (Throat Inflammation) ইত্যাদি লক্ষণসমূহ দেখা দিব পাৰে।

০ দীঘলতি গছজোপা বিভিন্ন বেমাৰত আক্ৰান্ত হৈ থাকিব পাৰে। এনে আক্ৰান্ত গছৰ পাত, বাকলি তথা ফলৰ ৰস গ্ৰহণ কৰিলে আমাৰ দেহতো বিভিন্ন ধৰণৰ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে দীঘলতি  গছৰ অংশ ব্যৱহাৰৰ পূৰ্বে এইবোৰ দিশ লক্ষ্য কৰাটো নিত্যান্তই প্ৰয়োজনীয়।

সামৰণি

সুখৰ বিষয় যে আজিকালি দীঘলতি, মাখিয়তি আদিবোৰ বজাৰত উপলব্ধ। গৰুবিহুৰ পূৰ্বসুৰীয়া পৰম্পৰা জীয়াই ৰখাতো সকলোৰে কৰ্তব্য। দীঘলতি গছ আমি বহাগ বিহু পালনৰ দিনৰ পৰাই ব্যৱহাৰ কৰি আহিছো। পৰম্পৰাগতভাৱে সংস্কৃতি ৰক্ষাত ব্যৱহৃত হোৱা এইবিধ গছৰ ঔষধি গুণৰ বিষয়ে যে আমি কিছু পৰিমানে অজ্ঞ সেইয়া নিশ্চয় সকলোৱে স্বীকাৰ কৰিব। বৰ্তমান সময়ত Pharmaceuticals Science নামৰ বিভাগত এইবিধ গছৰ ঔষধি গুণবিশিষ্ট উপাদানৰ বিষয়ে গৱেষণা আৰম্ভ হৈছে। অদুৰ ভৱিষ্যতে হয়তো দীঘলতি কেৱল বহাগ বিহু আৰু মুগাপালকসকলৰ বাবে  প্ৰয়োজনীয় গছ হিচাপে নহয় বৰঞ্চ বিভিন্ন ৰোগৰ ঔষধ তৈয়াৰী সম্পদ হিচাপে পৰিগণিত হব। 

উক্ত প্ৰবন্ধটিত আপোনি দীঘলতি গছজোপাৰ সাধাৰণ পৰিচয়ৰ পৰা আৰম্ভ কৰি ইয়াৰ ৰাসায়নিক তথা ঔষধিয় উপাদান, ইয়াৰ বিভিন্ন বেমাৰ আজাৰৰ ক্ষেত্ৰত থকা উপকাৰি আৰু অপকাৰি দিশ, লগতে এই গছজোপা কেনেকৈ ব্যৱহাৰ কৰিব তাৰ বিষয়ে জানিবলৈ পালে। আশা কৰো, উক্ত  প্ৰবন্ধটিত উল্লিখিত তথ্য সমূহে আপোনাক বিভিন্ন ধৰণে উপকৃত কৰিব। ধন্যবাদ !

তথ্য সংগ্ৰহ ( Reference):

  • Ethnopharmacological Properties and Medicinal Uses of Litsea cubeba, Kamle et al. Plants 2019, 8, 150;
  • Catalouge of Organism, Coofield Science Journal. 2019
  • প্ৰকৃতি কোলাৰ ঔষধি দীঘলতী: কবীন্দ্ৰ নাথ দাস, সঞ্জীৱনী, দৈনিক অসম, ১২ জুন, ২০১২।
  • “Litsea salicifolia (Nees) Hook. fil.”. India Biodiversity Portal.
  • Phytotaxonmy (A Plant Magazine) vol. 10 2010.
  • Wikipedia.
  • Vikaspedia.

Leave a Reply