মানৱ শৰীৰত ৰক্তহীনতা (Anemia) – প্ৰকাৰ, লক্ষণ, কাৰণ আৰু প্ৰতিকাৰ

ৰক্তহীনতা পৰিদৰ্শন

বৰ্তমানৰ সময়ত প্ৰায়েই শুনিবলৈ পোৱা শাৰীৰিক বিকাৰ বা সমস্যাৰ ভিতৰত এক হৈছে- ৰক্তহীনতা (Anemia)। ই কোনো বেমাৰ নহয়। ই আচলতে কোনো আগৰে পৰা থকা অন্তৰ্নিহিত বেমাৰ বা শাৰীৰিক অৱস্থাৰ উপৰি প্ৰদৰ্শনহে। এই সমস্যা ৰোগীৰ দেহত ধৰা পৰাটো নিৰ্ভৰ কৰে ৰক্তহীনতাৰ ব্যুৎপত্তি, আৰম্ভণিৰ তীক্ষ্ণতা আৰু অন্য বেমাৰৰ উপস্থিতিৰ ওপৰত, বিশেষকৈ কাৰ্ডিঅʼভাস্কুলাৰ ৰোগ। এই সমস্যাত ভোগা বহু লোকে তেতিয়াহে এই সমস্যাৰ উমান পায় যেতিয়া হিমʼগ্লবিন (Hemoglobin) স্তৰ ৭.০ গ্ৰাম/ডি.এল (7.0 g/dl) ৰ তলত কমি আহে। 

বৃক্কত উৎপন্ন হোৱা Erythropoietin (EPO) হৈছে লোহিত ৰক্তকণিকা (Red Blood Cell) সৃষ্টিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ উদ্দীপক। একেদৰে EPO উৎপাদনৰ বাবে মূখ্য উদ্দীপক হৈছে টিচু হাইপোক্সিয়া (Tissue Hypoxia)। এই EPO স্তৰ হিমʼগ্লবিনৰ ঘনত্বৰ বিপৰীতে সমানুপাতিক। সাধাৰণ কথাত কʼবলৈ গʼলে- ৰক্তহীনতাত ভোগা লোকৰ দেহত EPO ৰ স্তৰ উন্নত হʼলে হিমʼগ্লবিনৰ স্তৰ কম হোৱা দেখা যায়। অৱশ্যে, বৃক্কৰ সমস্যা বা বিকলতা থকা লোকৰ দেহত EPO স্তৰ প্ৰয়োজনতকৈ কম থাকে। দীৰ্ঘ্যম্যাদী ৰোগ (AOCD)ৰ ৰক্তহীনতাত EPOৰ স্তৰ সাধাৰণতে বৰ্ধিত ৰূপত থাকে (কিন্তু প্ৰয়োজনতকৈ কম) যিয়ে EPO ৰ আপেক্ষিক অভাৱৰ প্ৰদৰ্শন কৰে।

মানৱ শৰীৰত ৰক্তহীনতা
মানৱ শৰীৰত ৰক্তহীনতা

দেহত হিমʼগ্লবিনৰ প্ৰয়োজনীয় স্তৰৰ মাত্ৰা তলত উল্লেখ কৰা হʼল

  • ১৩.৫ ৰ পৰা ১৮.০ গ্ৰাম/ডি.এল (পুৰুষৰ দেহত)
  • ১২.০ ৰ পৰা ১৫.০ গ্ৰাম/ডি.এল (মহিলাৰ দেহত)
  • ১১.০ ৰ পৰা ১৬.০ গ্ৰাম/ডি.এল (সৰু লʼৰা-ছোৱালীৰ দেহত)
  • গৰ্ভাৱস্থাত সাধাৰণতে ১০.০ গ্ৰাম/ডি.এলৰ ওপৰত থাকিব লাগে। কিন্তু এই পৰিমাণ গৰ্ভাৱস্থাৰ প্ৰথম তিনি মাহত ভিন্ন হʼবও পাৰে।  
ৰক্তহীনতাই পৃথিৱীৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশক প্ৰভাৱান্বিত কৰে। এইবিধ শাৰীৰিক সমস্যাই মৃত্যুৰ হাৰ বৃদ্ধি কৰে, কাৰ্যৰ উৎপাদনশীলতা আৰু স্নায়বিক বিকাশ হ্ৰাস কৰে।    

আগলৈ এই প্ৰৱন্ধটিত মানৱ শৰীৰত ৰক্তহীনতাৰ প্ৰকাৰ, লক্ষণ, কাৰণ আৰু প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰা হʼব।

Read Also: মানৱ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা – Immune System

ৰক্তহীনতাৰ প্ৰকাৰ (Types of Anemia)

ৰক্তহীনতাৰ বহুতো প্ৰকাৰ আছে। এই প্ৰকাৰবোৰক মূখ্যত তিনিটা ভাগত ভগোৱা হৈছে –

১) তেজৰ অভাৱত হোৱা ৰক্তহীনতা

২) লোহিত ৰক্তকণিকাৰ কমকৈ বা ক্ৰুক্তিপূৰ্ণ ভাৱে হোৱা উৎপাদনৰ ফলত হোৱা ৰক্তহীনতা

৩) লোহিত ৰক্তকণিকাৰ ধ্বংসৰ ফলত হোৱা ৰক্তহীনতা

১) তেজৰ অভাৱত হোৱা ৰক্তহীনতাঃ- 

বহু সময় ধৰি হোৱা দীৰ্ঘ্যম্যাদী প্ৰক্ৰিয়াৰ বশত ৰক্তক্ষৰণৰ হʼলে ৰক্তহীনতাৰ সমস্যাই দেখা দিব পাৰে। এই প্ৰক্ৰিয়াৰ নিম্ন লিখিত কাৰণবোৰ হʼব পাৰে –

  • গেষ্ট্ৰইন্টেষ্টাইনেল স্থিতি যেনে- আলচাৰ (Ulcer), হেমʼৰহইডছ (Hemorrhoids), পেটৰ প্ৰদাহ (Gastritis) আৰু কেন্সাৰ (Cancer)। 
  • Non-Steroidal anti-inflammatory drug (NSAIDs) যেনে- aspirin, যিয়ে আলচাৰ আৰু গেষ্ট্ৰিটাইচৰ সমস্যা উৎপন্ন কৰিব পাৰে। 
  • ঋতুস্ৰাৱৰ সময়ত অত্যাধিক ৰক্তক্ষৰণ হʼলে ৰক্তহীনতা হʼব পাৰে। এই ৰক্তক্ষৰণ সম্ভৱতঃ ফাইব্ৰইডৰ সৈতে জড়িত।
  • অস্ত্ৰোপচাৰ আদি।

২) লোহিত ক্ৰুটিপূৰ্ণ ভাবে বা কমকৈ হোৱা উৎপাদনৰ ফলত ৰক্তহীনতাঃ-

ৰক্তহীনতাৰ এইবিধ ধৰণত মানৱ শৰীৰটোৱে পৰ্যাপ্ত পৰিমাণে লোহিত ৰক্ত কণিকাৰ উৎপাদন নকৰে অথবা উৎপাদিত লোহিত কণিকাবোৰে প্ৰয়োজনীয় ধৰণে কাম নকৰে। তেজত খনিজ উপাদান আৰু ভিটামিনৰ অভাৱ অথবা লোহিত ৰক্তকণিকাৰ কোনো বিকাৰৰ বাবে এনে হʼব পাৰে। এনে প্ৰকাৰৰ ৰক্তহীনতাৰ ফলত- হাড়ৰ মজ্জা জনিত আৰু ষ্টেম কোষজনিত সমস্যা, লোৰ অভাৱত হোৱা ৰক্তহীনতা, চিকল কোষ ৰক্তহীনতা (Sickle Cell Anemia), ভিটামিন (বিশেষকৈ ভিটামিন বি-১২ বা ফলেট)ৰ অভাৱত হোৱা ৰক্তহীনতা আদি দেখা দিব পাৰে।

৩) লোহিত ৰক্তকণিকাৰ ধ্বংসৰ ফলত হোৱা ৰক্তহীনতাঃ- 

যেতিয়া কমজোৰ বা দূৰ্বল লোহিত ৰক্তকণিকাবোৰে দেহত প্ৰবাহিত হওঁতে প্ৰবাহৰ চাপ সহন কৰিব নোৱাৰি বিস্ফোৰিত হৈ পৰে তেতিয়া তেনে পৰিস্থিতিৰ ফলত হোৱা তেজৰ অভাৱক হেমʼলাইটিক ৰক্তহীনতা বুলি কোৱা হয়। এই অৱস্থা শিশুৰ জন্মৰ সময়ত হʼব পাৰে অথবা পাছলৈও দেখা দিব পাৰে। হেমʼলাইটিক ৰক্তহীনতাৰ কাৰণবোৰ অনিৰ্দিষ্ট, তথাপি তলত উল্লেখিত কাৰণবোৰক ইয়াৰ বাবে দায়ী কৰিব পাৰি –

  • Lupus ৰ সৈতে দেহৰ ৰোগ প্ৰতিৰোধক প্ৰণালীয়ে নিজৰে শৰীৰটোক কৰা আক্ৰমণ। এয়া গৰ্ভত থকা কেচুঁৱাৰ শৰীৰতো হʼব পাৰে যাক নৱজাতকৰ হেমʼলিটিক ৰোগ বুলি কোৱা হয়।
  • বংশগত ৰূপত জিনৰ দ্বাৰা সংবহন হৈ অহা শাৰীৰিক অৱস্থা, যেনে- চিকেল কোষ এনিমিয়া, থালাচ্চেমিয়া (Thalassemia) আৰু Thrombotic Thrombocytopenic Purpura (TTP)।
  • অত্যাধিক বৃদ্ধি হোৱা স্প্লিন, যিয়ে কেতিয়াবা লোহিত ৰক্তকণিকাক আবদ্ধ কৰি ধংস কৰি দিয়ে।
  • কেতিয়াবা শৰীৰত চাপ পেলোৱা সংক্ৰমণ, ঔষধ, কিছুমান খাদ্য আৰু সাপৰ দংশন আদিয়েও লোহিত ৰক্তকণিকা ধ্বংস কৰিব পাৰে। 
  • গুৰুতৰ যকৃত বা বৃক্কৰ ৰোগেও লোহিত ৰক্তকণিকা ধ্বংস কৰে।
  • ভাস্কুলাৰ গ্ৰাফ্ট, প্ৰস্থেটিক হৃদযন্ত্ৰৰ ভাল্ভ, টিউমাৰ, গুৰুতৰ জ্বলা-পোৰা, কিছুমান ৰাসায়নিক পদাৰ্থৰ চাৰিওফালে থকা তীব্ৰ উচ্চ ৰক্তচাপ আৰু গোট মৰা বিকাৰ আদিৰ ফলতো লোহিত ৰক্তকণিকা ধ্বংস হয়। 

ৰক্তহীনতাৰ লক্ষণ (Symptoms)

ৰক্তহীনতাৰ কাৰণ আৰু তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ লক্ষণ পৃথক হʼব পাৰে। কেতিয়াবা কোনো প্ৰকাৰৰ ৰক্তহীনতাৰ একো লক্ষণ দেখা নাযায়। তথাপি এই ৰোগৰ ভাহি থকা লক্ষণ সমূহৰ ভিতৰত আছে –

  • ক্লান্তি
  • দূৰ্বলতা, 
  • শেতা পৰা পাতল ছাল
  • অনিয়মিত হৃদস্পণ্ডন
  • অগভীৰ চুটি উশাহ
  • বুকুৰ বিষ
  • ঠাণ্ডা পৰা হাত ভৰি
  • মূৰ ঘুৰুৱা, মূৰৰ বিষ
  • পাতল দূৰ্বল নখ আদি।

প্ৰথম অৱস্থাত ভুক্তভোগীয়ে কোনো বিশেষ লক্ষণ নেদেখিব পাৰে কিন্তু অৱস্থা গুৰুতৰ হৈ আহিলে লক্ষণবোৰো গুৰুতৰ আৰু প্ৰভাৱশালী হয়।

Read Also: ২০+ নাহৰৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Nagkesar

ৰক্তহীনতাৰ কাৰণ (Causes)

আমাৰ শৰীৰত থকা লোহিত কণিকাবোৰৰ প্ৰায় ০.৮ৰ পৰা ১ শতাংশ কণিকা সাধাৰণতে দৈনিক সলনি হয়। এই কণিকাবোৰৰ গড় জীৱনকাল ১০০ৰ পৰা ১২০ দিনৰ ভিতৰত থাকে। এই সময়খিনিতে পুনৰাই নতুনকৈ লোহিত ৰক্তকণিকাৰ উৎপাদন হয়। নিৰন্তৰে চলি থকা এই সন্তুলিত প্ৰক্ৰিয়াত যদি কোনো ঋনাত্মক প্ৰভাৱশীল কাৰকে হস্তক্ষেপ কৰিলে ৰক্তহীনতাৰ সমস্যা উদ্ভৱ হʼব পাৰে। 

মানৱ শৰীৰত ৰক্তহীনতাৰ কাৰণবোৰক লোহিত ৰক্তকণিকাৰ উৎপাদন হ্ৰাস কৰোৱা আৰু উৎপাদিত কণিকাবোৰক ধ্বংস কৰা কাৰকৰ ওপৰত ভিত্তি কৰি প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি –

১) লোহিত ৰক্তকণিকাৰ উৎপাদন হ্ৰাস কৰোৱা কাৰকঃ-

  • বৃক্কৰ দ্বাৰা উৎপন্ন হোৱা এৰিথ্ৰোপোইটিন (Erythropoietin)হৰমনৰ দ্বাৰা লোহিত ৰক্ত কণিকা উৎপাদনৰ অপৰ্যাপ্ত উদ্দীপনা
  • লো, ভিটামিন বি-১২ বা ফলেটৰ অপৰ্যাপ্ত গ্ৰহন
  • হাইপোথাইৰোডিজম (Hypothyroidism)

২) লোহিত ৰক্ত কণিকাৰ ধ্বংসৰ হাৰ বৃদ্ধি কৰা কাৰকঃ-

যদি কোনো বিকাৰৰ ফলত লোহিত ৰক্তকণিকা গঠন হোৱা হাৰতকৈ তুলনামূলক ভাবে দ্ৰুত হাৰত যদি আগৰ কণিকাবোৰ ধ্বংস হʼবলৈ ধৰে তেতিয়া ৰক্তহীনতাই দেখা দিয়ে। এই সমস্যা সাধাৰণতে hemorrhaging ৰ ফলত সৃষ্টি হয়, যাৰ নিম্নলিখিত কাৰণবোৰ হʼব পাৰে –

  • এনডʼমেট্ৰিঅʼচিচ (Endometriosis)
  • কোনো দুৰ্ঘটনা 
  • গেষ্ট্ৰইনটেষ্টাইনেল ঘা 
  • ঋতুস্ৰাৱৰ সময়ত
  • কেচুঁৱাৰ জন্মৰ সময়ত 
  • প্ৰস্ৰাৱত অত্যাধিক তেজৰ নিষ্কাশন
  • অস্ত্ৰোপচাৰ 
  • চিৰচিচ (Psoriasis), ই যকৃততো আঘাত দিয়ে
  • হাড়ৰ মজ্জাৰ ভিতৰত ফাইব্ৰোচিচ
  • হেমʼলাইচিচ- কিছুমান ঔষধ বা RH ৰ সৈতে অসামঞ্জস্যতাৰ ফলত লোহিত ৰক্তকণিকাবোৰ ফাটি যোৱা
  • যকৃত (Liver) আৰু প্লীহা (Spleen)ৰ বিকাৰ   
  • কিছুমান বংশগত বিকাৰ, যেনে- থালাচ্চেমিয়া, চিকেল কোষ এনিমিয়া আদি। 
উপৰোক্ত সমূহৰ উপৰিও এনিমিয়া বা ৰক্তহীনতাৰ এক অন্যতম কাৰণ হʼল- বয়স। বৰ্ধিত বয়সত বিশেষকৈ ৬৫ৰ উৰ্ধত দেহত ৰক্তহীনতাৰ সমস্যাই দেখা দিব পাৰে। 

জটিলতাসমূহ (Complications)

মানৱ শৰীৰত হোৱা ৰক্তহীনতাৰ যদিও বহু ৰোগীৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট লক্ষণ দেখা নাযায়, তথাপি এই সমস্যাৰ চিকিৎসা নকৰাকৈ থৈ দিলে ই ৰোগীৰ দেহত নিম্নলিখিত জটিলতাসমূহে দেখা দিব পাৰে –

  • অত্যাধিক ভাগৰ লাগে। গুৰুতৰ ভাৱে ৰক্তহীনতাত ভোগা ৰোগীয়ে অত্যাধিক ভাগৰ অনুভৱ কৰে। তেওঁলোকে দৈনন্দিন সহজ কামবোৰো কৰাত অসুবিধাৰ সন্মুখিন হয়। 
  • ফলেটৰ অভাৱত হোৱা ৰক্তহীনতাৰ ফলত গৰ্ভাৱস্থাত জটিলতাই দেখা দিয়ে। যেনে- অকাল জন্ম।
  • ৰক্তহীনতাই অনিয়মিত হৃদস্পন্দনৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে। এনে ৰোগীৰ হৃদযন্ত্ৰই তেজত অক্সিজেনৰ অভাৱ পূৰণ কৰিবলৈ অধিক তেজ পাম্প কৰে। ইয়াৰ ফলত হৃদযন্ত্ৰ বিকল হʼব পাৰে। 
  • বংশগত ভাবে সংবহন হোৱা কিছুমান ৰক্তহীনতাৰ প্ৰকাৰ যেনে- চিকেল কোষ ৰক্তহীনতা জটিলতাসমূহ মাৰাত্মক হʼব পাৰে। যথেষ্ট পৰিমাণৰ তেজৰ ক্ষতি হোৱাৰ ফলত ৰোগীয়ে গুৰুতৰ ৰক্তহীনতাত ভোগে, বিশেষকৈ বৃদ্ধ লোকৰ বাবে এয়া এক মাৰাত্মক পৰিস্থিতি। 

ৰক্তহীনতাৰ প্ৰতিকাৰ (Remedy)

বহু ধৰণৰ ৰক্তহীনতাক ৰোধিব পৰা নাযায়। তথাপি তলত উল্লেখিত কিছুমান উপায়েৰে এই সমস্যাক কিছু পৰিমাণে নিয়ন্ত্ৰিত কৰিব পাৰে –

  • পৰ্যাপ্ত পৰিমানে লো সমৃদ্ধ আহাৰ গ্ৰহণ কৰক। যেনে- মাংস, বিন, দাইল, গাঢ় সেউজীয়া শাক-পাচলি আৰু ফল-মূল।
  • ফলেট সমৃদ্ধ আহাৰ গ্ৰহণ কৰক। এনে আহাৰৰ ভিতৰত পৰে- ফল-মূলৰ ৰস, সেউজীয়া শাক-পাচলি, বিন সমূহ, বাদাম, সমৃদ্ধ শস্য সামগ্ৰী যেনে- ব্ৰেদ, চাউল আদি। ইয়াৰ পৰিপূৰকো পোৱা যায়। সেয়া গ্ৰহন কৰিব পাৰে।
  • ভিটামিন বি-১২ সমৃদ্ধ খাদ্য যেনে- মাছ-মাংস, দুগ্ধযাত খাদ্য,  সুৰক্ষিত খাদ্য শস্য আৰু চয়া সামগ্ৰী। 
  • ভিটামিন চি সমৃদ্ধ আহাৰ গ্ৰহণ কৰক। যেনে- টেঙা জাতীয় ফল বা ফলৰ ৰস, জলকীয়া, বিলাহী, তৰমুজ, ষ্ট্ৰʼবেৰি আদি। আপোনি ভিটামিন চি-ৰ পৰিপূৰকো লʼব পাৰে। এই ভিটামিনে শৰীৰত খাদ্যৰ পৰা লো শোষণ কৰাতো সহায় কৰিব। 
যদি আপোনাৰ শৰীৰটোৱে খাদ্যৰ পৰা ভিটামিন আৰু খনিজ আহৰণ কৰাত বিফল হৈছে তেন্তে আপোনি এই সমস্যাৰ বাবে ডাক্তৰৰ কাষ চাপিব পাৰে। 

সামৰণি

উক্ত প্ৰৱন্ধটিৰ দ্বাৰা আপোনাক সাধাৰণতে মানৱ শৰীৰত হোৱা ৰক্তহীনতাৰ বিষয়ে অৱগত কৰোৱা হʼল। প্ৰৱন্ধটিত তেজৰ লোহিত কণিকাৰ গঠন, পৰ্যাপ্ত পৰিমাণে থাকিবলগীয়া মাত্ৰা, ইয়াৰ অভাৱত হোৱা ৰোগ বা শাৰীৰিক সমস্যাৰ প্ৰকাৰ আৰু এইবোৰৰ প্ৰতিকাৰৰ বিষয়ে উল্লেখ কৰা হʼল। আশা কৰো প্ৰৱন্ধটিত উল্লেখিত তথ্য সমূহে আপোনাক বিভিন্ন ধৰণে লাভান্বিত কৰিব। ধন্যবাদ!

FAQ:

১) যদি মই নিৰামিষ আহাৰ (Vegan food) অনুসৰণ কৰোঁ তেন্তে মই ৰক্তহীনতাত ভুগীম নেকি?

উঃ-  মাংস, দুগ্ধজাত আৰু কণী পৰিহাৰ কৰিলে আপোনাৰ লোৰ অভাৱৰ ৰক্তহীনতা হোৱাৰ আশংকা বৃদ্ধি পাব পাৰে। হিম আইৰণ, শৰীৰে আটাইতকৈ সহজে শোষণ কৰা লোৰ প্ৰকাৰ, মুখ্যতঃ মাংসৰ সামগ্ৰীত পোৱা যায়, আনহাতে উদ্ভিদত অ-হিম লো পোৱা যায়।

যদিও আপুনি প্ৰাকৃতিক উৎস যেনে মাংস, কণী আৰু দুগ্ধজাত সামগ্ৰীৰ পৰা লো আৰু ভিটামিন বি ১২ প্ৰাপ্ত কৰিব নোৱাৰিব, তথাপিও আপুনি অভাৱ পৰিহাৰ কৰিবলৈ এক সন্তুলিত আহাৰ খাব পাৰে। আপুনি আপোনাৰ লোৰ উৎসবোৰ ভিটামিন চি সমৃদ্ধ খাদ্যৰ সৈতে একত্ৰিত কৰি আপোনাৰ শৰীৰৰ লো শোষণ কৰাৰ ক্ষমতাবৃদ্ধি কৰিব পাৰে।

২) লোৰ অভাৱই একমাত্ৰ কাৰক নেকি যিয়ে ৰক্তহীনতাৰ কাৰণ হ’ব পাৰে?

উঃ- নহয়, যেতিয়া শৰীৰে পাচন নলীৰ পৰা পৰ্যাপ্ত ভিটামিনে বি১২ শোষণ নকৰে, ই পৰ্যাপ্ত লোহিত ৰক্ত কণিকা প্ৰস্তুত কৰিবলৈ অক্ষম হয়। এই প্ৰকাৰৰ ৰক্তহীনতাক ক্ষতিকাৰক ৰক্তহীনতা বুলি কোৱা হয় আৰু যেতিয়া শৰীৰত পাচন নলীৰ পৰা ভিটামিন বি১২ শোষণ কৰাৰ বাবে প্ৰয়োজনীয় প্ৰ’টিনৰ অভাৱ হয়।

৩) বৃক্কৰ ৰোগৰ ৰোগীৰ ৰক্তহীনতা কিয় হয়?

উঃ- কাৰণ বৃক্কত এৰিথ্ৰোপোইটিন উৎপন্ন হয়, চিকেডি থকা ৰোগীসকলে পৰ্যাপ্ত উৎপাদন নকৰিব পাৰে।

৪) মোৰ শৰীৰে লোহিত ৰক্ত কণিকা কেনেদৰে প্ৰস্তুত কৰে?

উঃ- লোহিত ৰক্ত কণিকাবোৰ ষ্টেম কোষ হিচাপে আৰম্ভ হয় যি বিকাশ প্ৰক্ৰিয়াৰ মাজেৰে যায় আৰু শৰীৰত এনে কিছুমান হৰমন উৎপন্ন হয় যি এই বিকাশ প্ৰক্ৰিয়াটো সম্পন্ন কৰাত সহায় কৰে। এই হৰমনবোৰৰ এটা হ’ল এৰিথ্ৰোপোইটিন।

৫) ঋতুস্ৰাৱত প্ৰচুৰ ৰক্ত প্ৰবাহ নহʼলেও মই ৰক্তহীনতাৰ বিপদাশংকাত থাকিব পাৰোঁ নেকি?

উঃ- যদিও প্ৰচুৰ ঋতুস্ৰাৱৰ প্ৰবাহে আপোনাৰ লোৰ অভাৱৰ আশংকা বৃদ্ধি কৰে, আন বহুতো কাৰক আছে যাৰ ফলত আপোনাৰ লোৰ অভাৱ হ’ব পাৰে, যেনে- এক অসন্তুলিত আহাৰ আৰু অতি পৰিশ্ৰমী ব্যায়াম প্ৰণালী।

Sources: NCBI

Author: Aparna Singha

Leave a Reply