কেফেইন (Caffeine) – স্বাস্থ্যৰ বাবে উপকাৰিতা, সুৰক্ষা আৰু পাৰ্শ্বক্ৰিয়া

কেফেইন (Caffeine) – স্বাস্থ্যৰ বাবে উপকাৰিতা, সুৰক্ষা আৰু পাৰ্শ্বক্ৰিয়া, Caffeine Benefits and side effects in Assamese

প্ৰতিদিনে, কোটি কোটি লোকে সাৰ পোৱাৰ পিছত, বা নিশাৰ শ্বিফ্ট বা আবেলিৰ আলস্যতা আঁতৰাবলৈ কেফেইনৰ ওপৰত নিৰ্ভৰ কৰে। দৰাচলতে, কেফেইন হৈছে এক প্ৰাকৃতিক উদ্দীপক যি হৈছে পৃথিৱীৰ আটাইতকৈ সচৰাচৰ ব্যৱহৃত উপাদানবোৰৰ ভিতৰত এটা৷ আমি খোৱা চাহ, কফি ইত্যাদিত কেফেইন পোৱা যায়৷ টোপনি আৰু উদ্বেগৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱৰ বাবেই কেফেইন অতিকৈ জনপ্ৰিয়।

কেফেইন (Caffeine) - স্বাস্থ্যৰ বাবে উপকাৰিতা, সুৰক্ষা আৰু পাৰ্শ্বক্ৰিয়া
অৱশ্যে, বিভিন্ন অধ্যয়নবোৰে লগতে জনায় যে স্বাস্থ্যৰ পক্ষে কেফেইনৰ বিভিন্ন  উপকাৰিতা আছে। এই প্ৰবন্ধটোত কেফেইন আৰু কেফেইনে আপোনাৰ স্বাস্থ্যৰ ওপৰত কৰা শেহতীয়া গৱেষণা পৰীক্ষা কৰা হৈছে৷

কেফেইন কি? (What is Caffeine?)

কেফেইন হৈছে চাহ, কফি আৰু cacao উদ্ভিদত সচৰাচৰ পোৱা এক প্ৰাকৃতিক উদ্দীপক। ই মগজু আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক উদ্দীপিত কৰি কাম কৰে, আপোনাক সতৰ্ক হৈ থকাত আৰু ভাগৰ লগা প্ৰতিহত কৰাত সহায় কৰে। বুৰঞ্জীবিদসকলে প্ৰথম বাৰ তৈয়াৰ কৰা চাহ 2737 B.C. বুলি অনুসন্ধান কৰিছে৷ 

১৮০০ দশকৰ শেষৰ ফালে কেফেইনযুক্ত কোমল পানীয় বজাৰত আহে আৰু অতি সোনকালেই শক্তিবৰ্ধক পানীয় (energy drink) হিচাবে প্ৰচলিত হয়৷ আজিকালি, বিশ্বৰ জনসংখ্যাৰ 80% লোকে প্ৰতিদিনে এটা কেফেইনযুক্ত সামগ্ৰী ব্যৱহাৰ কৰে৷

Read Also: জেতুকা (Henna) – 19+ ঔষধি গুণাগুণ আৰু ইয়াৰ ব্যৱহাৰ

কেফেইনে কিদৰে কাম কৰে? (How Caffeine works?)

এবাৰ গ্ৰহন কৰাৰ পিছত, কেফেইন অন্ত্ৰৰ পৰা তেজৰ প্ৰবাহলৈ (gets absorbed into the bloodstream) সোনকালে শোষণ  হয়। তাৰ পৰা, ই যকৃতলৈ (liver) গতি কৰে আৰু যৌগলৈ বিভক্ত হয় যি বিভিন্ন অঙ্গৰ কাৰ্যক প্ৰভাৱিত কৰিব পাৰে।

কেফেইনৰ মুখ্য প্ৰভাৱ মগজুৰ ওপৰত হয়৷ ই adenosine ৰ প্ৰভাৱ অৱৰোধ কৰি কাম কৰে, যি হৈছে এক নিউৰোট্ৰেন্সমিটাৰ (neurotransmitter) যি মস্তিষ্কক শিথিল কৰে আৰু আপোনাক ভাগৰুৱা যেন অনুভৱ কৰায়। সাধাৰণতে, দিনটোত adenosine স্তৰ বৃদ্ধি হয়, যাৰ ফলত আপুনি ক্ৰমান্বয়ে অধিক ভাগৰুৱা হৈ পৰে আৰু আপুনি নিদ্ৰা অনুভৱ কৰে। কেফেইনে আপোনাক মগজুৰ adenosine ৰিচেপ্টৰৰ সৈতে সংযোগ কৰি সেইবোৰ সক্ৰিয় নকৰাকৈ সাৰ পাই থকাত সহায় কৰে। ই adenosine প্ৰভাৱ অৱৰুদ্ধ কৰে, যাৰ ফলত ভাগৰ হ্ৰাস হয়। ই তেজৰ adrenaline স্তৰ বৃদ্ধি কৰিব পাৰে আৰু নিউৰোট্ৰেন্সমিটাৰ dopamine আৰু norepinephrine ৰ মস্তিষ্কৰ কাৰ্যকলাপ বৃদ্ধি কৰিব পাৰে। 

এই সংযোজনে মগজুক অধিক উদ্দীপিত কৰে আৰু উত্তেজনা, সতৰ্কতা আৰু মনোযোগৰ স্থিতি বৃদ্ধি কৰে। যিহেতু ই আপোনাৰ মগজুক প্ৰভাৱিত কৰে, কেফেইনক প্ৰায়ে এক মনো-সক্ৰিয় ঔষধ (Psychoactive drug) বুলি কোৱা হয়।

ইয়াৰ উপৰিও, কেফেইনে ইয়াৰ প্ৰভাৱ দ্ৰুততাৰে বিস্তাৰ কৰে। উদাহৰণ স্বৰূপে, এক কাপ কফীত পোৱা পৰিমাণটো তেজৰ প্ৰবাহত উপনীত হ’বলৈ 20 মিনিট আৰু সম্পূৰ্ণ কাৰ্যকৰীতা প্ৰাপ্ত কৰিবলৈ প্ৰায় 1 ঘণ্টা সময় লাগিব পাৰে।

কোনবোৰ খাদ্য আৰু পানীয়ত কেফেইন থাকে? (What type of food and drink contains caffeine?)

১)কেফেইন প্ৰাকৃতিকভাৱে কিছুমান উদ্ভিদৰ বীজ, বাদামজাতীয় ফল বা পাতত পোৱা যায়। এই প্ৰাকৃতিক উৎসবোৰ কেফেইনযুক্ত খাদ্য আৰু পানীয় প্ৰস্তুত কৰিবলৈ সংগ্ৰহ আৰু সংসাধিত কৰা হয়।

ইয়াত কিছুমান জনপ্ৰিয় পানীয়ৰ প্ৰতি 8-আউন্সত (240-মিলি) থকা কেফেইনৰ পৰিমাণ দিয়া হৈছে:

  • Espresso : 240–720 mg
  • Coffee : 102–200 mg
  • Energy drinks : 50–160 mg
  • Brewed tea : 40–120 mg
  • Soft drinks : 20–40 mg
  • Cocoa beverage : 2–7 mg
  • Chocolate milk : 2–7 mg

২)কিছুমান খাদ্যতো কেফেইন থাকে। উদাহৰণ স্বৰূপে, 1 আউন্স (28 গ্ৰাম) Milk chocolate ত 1-15 মি.গ্ৰা. কেফেইন থাকে, আনহাতে 1 আউন্স ডাৰ্ক চকলেটত (dark chocolate) 5-35 মি.গ্ৰা. থাকে।

৩)আপুনি কিছুমান প্ৰেছক্ৰিপশ্বন বা চৰ্দি, এলাৰ্জি আৰু বিষৰ ঔষধৰ দৰে ঔষধতো কেফেইন পাব পাৰে। ওজন হ্ৰাস পৰিপূৰকৰ (supplement) ক্ষেত্ৰতো ই এক সাধাৰণ উপাদান।

শৰীৰত কেফেইনৰ উপকাৰিতা (Benefits of Caffeine in Health)

মেজাজ আৰু মগজুৰ কাৰ্যক্ষমতা উন্নত কৰিব পাৰে (Capable to improve mood and brain function)

কেফেইনৰ মগজুলৈ সংকেত দিয়া adenosine অণুসমূহক অৱৰোধ কৰাৰ ক্ষমতা আছে। ইয়াৰ ফলত অন্যান্য সংকেত অণু, যেনে- dopamine আৰু norepinephrine আপেক্ষিকভাৱে বৃদ্ধি হয়। মগজুৰ বাৰ্তাৰ এই পৰিৱৰ্তনে আপোনাৰ মনোভাৱ আৰু মগজুৰ কাৰ্যক লাভান্বিত কৰিব বুলি ধাৰণা কৰা হয়।

১) এটা সমীক্ষাত কোৱা হৈছে যে, কিছুলোকে 37.5-450 মিগ্ৰা কেফেইন গ্ৰহণ কৰাৰ পিছত, তেওঁলোকৰ সতৰ্কতা, হ্ৰস্বম্যাদী স্মৰণ, আৰু প্ৰতিক্ৰিয়াৰ সময় উন্নত হৈছিল। 

২) ইয়াৰ উপৰিও, এক অধ্যয়নত প্ৰতিদিনে 2-3 কাপ কেফেইনযুক্ত কফী (প্ৰায় 200-300 মিগ্ৰা কেফেইন প্ৰদান কৰা) পান কৰাৰ পিছত আত্মহত্যাৰ 45% প্ৰৱনতা হ্ৰাস পায়। 

৩) আন এক অধ্যয়নত কেফেইন গ্ৰহন কৰা গ্ৰাহকসকলৰ হতাশাৰ আশংকা 13% কম হোৱাৰ প্ৰতিবেদন দিয়া হৈছে। 

৪) যেতিয়া মেজাজৰ কথা আহে, অধিক কেফেইন ভাল নহয়। এক অধ্যয়নত দেখা গৈছে যে, দ্বিতীয় কাপ কফিৰ ফলত প্ৰথম কাপৰ কমেও ৮ ঘণ্টা পিছত খোৱা উচিত৷ 

৫) প্ৰতিদিনে 3-5 কাপ বা প্ৰতিদিনে 3 কাপতকৈ অধিক চাহ খালে মস্তিষ্কৰ ৰোগ যেনে Alzheimer আৰু Parkinson আশংকা 28-60% হ্ৰাস হ’ব পাৰে৷ 

মন কৰাটো গুৰুত্বপূৰ্ণ যে, কফি আৰু চাহত অন্যান্য জৈৱসক্ৰিয় যৌগ থাকে যাৰ বাবে শৰীৰত কেফেইনৰ উপকাৰিতা দেখা যায়।

Read Also: জেতুকা (Henna) – 19+ ঔষধি গুণাগুণ আৰু ইয়াৰ ব্যৱহাৰ

শাৰীৰিক গতিবিধি বা ব্যায়ামৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে (May enhance exercise performance)

১) যেতিয়া ব্যায়াম বা শাৰীৰিক গতিবিধিৰ কথা আহে, কেফেইনে ইন্ধন হিচাপে চৰ্বিৰ ব্যৱহাৰ বৃদ্ধি কৰিব পাৰে। এই ক্ষেত্ৰত কেফেইনৰ উপকাৰিতা দেখা যায় কিয়নো ই পেশীত সঞ্চিত গ্লুকোজ দীঘলীয়া সময় ধৰি থকাত সহায় কৰিব পাৰে, যাৰ ফলত আপোনাৰ পেশীবোৰ অৱসাদত উপনীত হ’বলৈ লগা সময় বিলম্বিত হ’ব পাৰে৷ কেফেইনে পেশীৰ সংকোচন উন্নত কৰিব পাৰে আৰু ভাগৰৰ প্ৰতি সহনশীলতা বৃদ্ধি কৰিব পাৰে৷ গৱেষকসকলে লক্ষ্য কৰিছে যে, শৰীৰৰ ওজনৰ 2.3 মিগ্ৰা প্ৰতি পাউণ্ড (5 মিগ্ৰা প্ৰতি কিগ্ৰা) পালি (dosage) ব্যায়ামৰ 1 ঘণ্টা আগতে গ্ৰহণ কৰিলে সহনশীলতাৰ প্ৰদৰ্শন 5% লৈকে উন্নত কৰে।

২) শৰীৰৰ ওজনৰ প্ৰতি পাউণ্ডত 1.4 মিগ্ৰা (3 মিগ্ৰা প্ৰতি কিগ্ৰা) কম পালি  কেফেইনৰ উপকাৰিতা প্ৰাপ্ত কৰিবলৈ পৰ্যাপ্ত হ’ব পাৰে। মুঠতে, ই ব্যায়ামৰ সময়ত অনুভৱ কৰা পৰিশ্ৰম 5.6% লৈকে হ্ৰাস কৰিব পাৰে, যাৰ ফলত ব্যায়াম কৰাতো সহজ যেন অনুভৱ হ’ব পাৰে ।

হৃদৰোগ আৰু ডায়েবেটিচৰ পৰা সুৰক্ষা দিব পাৰে (Capable in protecting from heart disease and diabetes)

১) কেফেইনে হৃদৰোগৰ আশংকা বৃদ্ধি নকৰে। দৰাচলতে, প্ৰমাণিত হৈছে যে যিসকলে দৈনিক 1-4 কাপ কফি পান কৰে (প্ৰায় 100-400 মিগ্ৰা কেফেইন প্ৰদান কৰে) পুৰুষ আৰু মহিলাৰ হৃদৰোগৰ আশংকা 16-18% কম হয়৷

অন্যান্য অধ্যয়নে দেখুৱায় যে, প্ৰতিদিনে 2-4 কাপ কফি বা green tea খোৱাটো ষ্ট্ৰোকৰ 14-20% বিপদাশংকাৰ হ্ৰাস কৰে৷

২) এটা কথা মনত ৰাখিব লাগে যে, কেফেইনে কিছুমান লোকৰ ৰক্তচাপ সামান্য বৃদ্ধি কৰিব পাৰে। অৱশ্যে, এই প্ৰভাৱ সাধাৰণতে কম হয় (3–4 mmHg) ৷

৩)  ডায়েবেটিচৰ ক্ষেত্ৰতো কেফেইনৰ উপকাৰিতা দেখা যায়। যিসকলে আটাইতকৈ বেছি কফি খায় তেওঁলোকৰ টাইপ 2 ডায়বেটিচ হোৱাৰ আশংকা 29% লৈকে কম হয়। একেদৰে, যিসকলে বেছি কেফেইন সেৱন কৰে তেওঁলোকৰ  ডায়েবেটিচৰ বিপদাশংকা 30% লৈকে কম হয়।

কেফেইনৰ অন্যান্য উপকাৰিতা (Other health benefits of Caffeine)

১) যকৃতৰ সুৰক্ষা

কফিয়ে যকৃতৰ ক্ষতিৰ (চিৰোচিছ) আশংকা 84% লৈকে হ্ৰাস কৰিব পাৰে। ই  এই ৰোগৰ বৃদ্ধি হ্ৰাস কৰিব পাৰে, চিকিৎসা ফলাফল  উন্নত কৰিব পাৰে, আৰু অকাল মৃত্যুৰ আশংকা হ্ৰাস কৰিব পাৰে। 

২) দীৰ্ঘজীৱন

কফি খোৱাৰ ফলত অকাল মৃত্যুৰ আশংকা 30% হ্ৰাস হ’ব পাৰে, বিশেষকৈ মহিলা আৰু ডায়েবেটিচ থকা লোকসকলৰ বাবে৷ 

৩) কৰ্কট ৰোগৰ বিপদাশংকা হ্ৰাস হয়

প্ৰতিদিনে 2-4 কাপ কফি খালে যকৃতৰ কৰ্কট ৰোগৰ বিপদাশংকা 64% লৈকে হ্ৰাস হ’ব পাৰে আৰু colorectal cancer ৰ বিপদাশংকা 38% লৈকে হ্ৰাস হ’ব পাৰে৷

৪) ছালৰ সুৰক্ষা

প্ৰতিদিনে 4 বা অধিক কাপ কেফেইনযুক্ত কফি সেৱন কৰিলে ছালৰ কৰ্কট ৰোগৰ আশংকা 20% হ্ৰাস হ’ব পাৰে৷ 

৫) গাউট প্ৰতিৰোধ

নিয়মীয়াকৈ প্ৰতিদিনে 4 কাপ কফি খালে পুৰুষৰ ক্ষেত্ৰত গাউট 40% আৰু মহিলাৰ ক্ষেত্ৰত 57% গাউট হোৱাৰ আশংকা হ্ৰাস হ’ব পাৰে৷

৬) অন্ত্ৰৰ স্বাস্থ্য: 

3 সপ্তাহৰ কম সময়ৰ বাবে দিনে 3 কাপ কফি সেৱন কৰিলে  অন্ত্ৰত উপকাৰী  বেক্টেৰিয়াৰ পৰিমাণ আৰু কাৰ্যকলাপ বৃদ্ধি হ’ব পাৰে।

সুৰক্ষা আৰু পাৰ্শ্বক্ৰিয়া (Safety and side effects)

কেফেইন সেৱন সাধাৰণতে সুৰক্ষিত বুলি গণ্য কৰা হয়৷ তথাপি অতিৰিক্ত সেৱনে কিছু পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি দেখা দিব পাৰে৷ 

১) অতিৰিক্ত গ্ৰহণৰ সৈতে সম্পৰ্কিত কিছুমান পাৰ্শ্বক্ৰিয়াৰ ভিতৰত আছে উদ্বেগ, অস্থিৰতা, কম্পন, অনিয়মীয়া হৃদস্পন্দন, আৰু শোৱাত সমস্যা ইত্যাদি৷ 

২) অত্যাধিক কেফেইনে কিছুমান ব্যক্তিৰ মুৰৰ বিষ, মাইগ্ৰেইন আৰু উচ্চ ৰক্তচাপ বৃদ্ধি কৰিব পাৰে৷

৩) ইয়াৰ উপৰিও, কেফেইনে সহজে placenta অতিক্ৰম কৰিব পাৰে, যি গৰ্ভপাত বা জন্মতেই ওজন কম হোৱাৰ আশংকা বৃদ্ধি কৰিব পাৰে। গৰ্ভৱতী মহিলাসকলে তেওঁলোকৰ কেফেইনৰ গ্ৰহণ সীমিত কৰিব লাগে৷

৪) ৰাতি শুৱা আগতে চাহ – কফি গ্ৰহন কৰিলে টোপনিত সমস্যা উদ্ভৱ হʼব পাৰে৷ তদুপৰি আহাৰ গ্ৰহনৰ আগি কেফেইন গ্ৰহন কৰিব নালাগে৷

সামৰণি

কেফেইন অস্বাস্থ্যকৰ পানীয় নহয়। দৰাচলতে, প্ৰমাণে দেখুৱায় যে কেফেইনৰ উপকাৰিতা বহুত আছে। সেয়েহে, আপোনাৰ দৈনিক কাপ কফি বা চাহক সুস্বাস্থ্য ৰক্ষা কৰাৰ এক উপভোগ্য উপায় হিচাপে বিবেচনা কৰাটো নিৰাপদ৷ অৱশ্যে, অতিৰিক্ত সেৱনৰ পৰা বিৰত থকা উচিত৷ আশা কৰো উক্ত প্ৰৱন্ধটিত সন্নিবিষ্ট তথ্যসমূহে আপোনাক ভিন্ন ধৰণে সহায় কৰিব। ধন্যবাদ! 

Author: Mitali saikia

Leave a Reply