শৰীৰ সুস্থ ৰাখিবলৈ ভিটামিন আৰু প্রয়োজনীয় উপাদান – Vitamins and Essential Nutrients to Keep the Body Healthy
- শৰীৰ সুস্থ ৰাখিবলৈ ভিটামিন আৰু আৱশ্যকীয়া কিছু কথা (Vitamins and Some Essential Things to Keep the Body Healthy)
মানুহৰ সকলোতকৈ ডাঙৰ সম্পদ হ’ল স্বাস্থ্য । যিসকলে সাধাৰণভাবে স্বাস্থ্যবিধি মানি চলে তেওঁলোক দীর্ঘদিন জীয়াই থাকে । আমাৰ শৰীৰ সুস্থ ৰাখিবলৈ হলে যিবোৰৰ ওপৰত বিশেষ দৃষ্টি দিব লাগিব সেয়া হ’ল–
- খাদ্য
- পানীয়
- বিশ্রাম
- সুনিদ্রা
- পোহৰ
- মুকলি বতাহ
- পোচাক্-পৰিচ্ছদ
- স্নান আৰু
- সংযম ।
এইবোৰ দিশৰ ওপৰত বিশেষ সাৱধান হোৱাৰ পিছতো যদি আমাৰ শৰীৰত ৰোগ দেখা দিয়ে তেতিয়াহলে সেই ৰোগ নিৰাময়ৰ কাৰণে গছ-লতা প্ৰয়োগ কৰিব লাগে । ইয়াৰ পাছতো যদি ৰোগ অত্যন্ত জটিল হয় তেনেহলে চিকিৎসকৰ পৰামৰ্শ লব লাগে ।
শৰীৰ সুস্থ ৰাখিবলৈ ভিটামিন আৰু আৱশ্যকীয়া কিছু কথা (Vitamins and Some Essential Things to Keep the Body Healthy)

বয়সৰ হিচাপ মতে আৰু শৰীৰৰ গ্ৰহণীয় ক্ষমতা অনুযায়ী আমি যিমান সম্ভব পুষ্টিকৰ আৰু লঘুপাচ্য খাদ্য খোৱা উচিত ।
- আহাৰ খোৱাৰ সময়ত পানী নাখাই খোৱাৰ আধাঘন্টা পিছত পানী খাব লাগে ।
- অৱশ্যে খাই থকাৰ সময়ত ওচৰত খোৱাপানী লব লাগে, নহলে খাদ্য গ্রহণত অসুবিধা হব পাৰে ।
- যদি পেটৰ গোলমাল থাকে তেনেহলে সামান্য উষ্ণ পানী খাব।
- যিমানেই বয়স বাঢ়ি যায়, খোৱা খাদ্য সেইভাবে কমাব লাগে।
প্রতিদিন যদি কিছু সময় ৰ’দত থকা যায়, তেতিয়াহলে শৰীৰ নিৰোগী হৈ থাকে ।
- প্ৰাত: ভ্রমণ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত উত্তম ব্যায়াম ।
- ইয়াৰ বাহিৰেও সাঁতোৰা ।
- খালী হাতে ব্যায়াম, দৌৰাতোও ব্যায়ামৰ ভিতৰতে পৰে ।
- খুব ৰাতিপুৱাই উঠি প্ৰাত: কৃত্য সমাপন কৰি শৰীৰত ভালদৰে সৰিয়হৰ তেল সানি স্নান কৰিব লাগে ।
- স্নান কৰা পানীত সামান্য লোণ মিহলাব লাগে ।
- স্নান কৰাৰ আগতে ভালদৰে হাত ভৰি মালিছ কৰিব লাগে । ইয়াতে শৰীৰ ভালে থাকে ।
প্ৰতিজন সুস্থ মানুহে ৬ পৰা ৮ ঘন্টা শুব লাগে । পিছে ৰোগী আৰু শিশুৰ বাহিৰে কোনেও দিনত শুব নালাগে ।
মল-মূত্ৰ বেচি সময় চেপি ৰাখিব নালাগে । হঠাৎ গৰমৰ পৰা ঠান্ডালৈ আৰু ঠাণ্ডাৰ পৰা গৰমলৈ যোৱা অনুচিত । ইয়াতে শৰীৰৰ ক্ষতি হয় । শাক-পাচলি, ফল-মূল ভালদৰে ধুই খাব লাগে । ৰোগীয়ে ব্যৱহাৰ কৰা কোনো সামগ্ৰী ব্যৱহাৰ কৰিব নলাগে ।
আমাৰ গ্ৰহণীয় খাদ্য ছয় প্ৰকাৰৰ (There are Six Types of Food We Eat)
যেনে –
১) প্রোটিন জাতীয়,
২) চর্বি জাতীয়,
৩) শৰ্কৰা জাতীয়,
৪) লোণ জাতীয়,
৫) পানী আৰু
৬) ভিটামিন ।
সেইবোৰ হ’ল-
১। প্রোটিন জাতীয় খাদ্য (Protein):- এই জাতীয় খাদ্যই শৰীৰৰ তাপ উৎপাদন, দহন ক্রিয় নিয়ন্ত্রণ, ক্ষয় পূৰণ আৰু দেহৰ আৱশ্যকীয় উপাদান নিৰ্মাণত সহায় কৰে ।
২। কার্বোহাইড্রেটজাতীয় খাদ্য (Carbohydrate):- শৰীৰৰ তেজ, কর্মক্ষমতা, তাপ উৎপাদনত – কর্বোহাইড্রেট খাদ্যই বিশেষ ভূমিকা লয় ।
৩। চর্বিজাতীয় খাদ্য (Fatty):- খোৱা বস্তু হজম কৰাৰ পৰা আৰম্ভ কৰি শৰীৰৰ সকলে কামতে সহায় কৰা আৰু শৰীৰে বৰ্জন কৰা পদার্থ বাহিৰ কৰি দিয়াৰ কাৰণে পানী অধি প্রয়োজনীয় । পানী নোহোৱাকৈ প্ৰাণী বাচি থাকিব নোৱাৰে । সেয়েহে কোৱা হয় পানীয়োঁ প্রাণ ।
৪। লোণ (Salt):- শৰীৰৰ আৰু এটি প্রয়োজনীয় দ্রব্য হ’ল লোণ। ইয়াৰ কাৰণে সাধাৰ লোণৰ বাহিৰেও ফল-মূল, শাক-পাচলি, চুন, চড়া, পটাশ প্রভৃতি লোণজাতীয় খাদ্য গ্রহ কৰা উচিত ।
৫। পানী (Water):- পানীৰ আন এটা নাম জীৱন। পানী অবিহনে প্রাণী জীয়াই থাকিব নোৱাৰে । সকলোৱে বিশুদ্ধ পানী পান কৰা উচিত । পাসী গৰম কৰি ৰাখি ঠান্ডা হলে খাব লাগে । মুকলি বতাহ নপালে দেহ সুস্থ্য নাথাকে । সেয়ে মুকলি বতাহ সোমাব পৰা পৰ্যাপ্ত দুৱাৰ খিৰিকী থকা ঘৰত বাস কৰিব লাগে । যি ঘৰত মুকলি বতাহ আৰু পোহৰ নোসোমায় সেই ঘৰ বাসৰ উপযোগী নহয় ।
৬। ভিটামিন (Vitamins) :- ভিটামিন10 আমাৰ শৰীৰৰ বাবে অতি আৱশ্যকীয় উপাদান । আমি জানো যে ভিটামিনে আমাৰ দেহক ৰোগ ব্যাধিৰ পৰা ৰক্ষা কৰি থাকে , অংগ – প্ৰত্যঙগবিলাক সবল আৰু কাৰ্যক্ষম কৰি ৰাখে । ভিটামিনে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক শক্তিশালী সবল কৰি ৰাখে । যাৰ বাবে ৰোগৰ জীৱাণু বিলাকক ৰোগ বিস্তাৰ কৰিব নোৱাৰাকৈ বাধা দি ৰাখে ।
ভিটামিনৰ অভাবৰ ফলত শৰীৰত আক্রান্ত হোৱা বিভিন্ন ৰোগ (Various Diseases of the Body Due to Lack of Vitamins)
এই সকলোবোৰ উপাদানৰ বাহিৰেও শৰীৰৰ কাৰণে আৰু একি – প্রয়োজনীয় উপাদান হ’ল ভিটামিন । এই ভিটামিনৰ অভাবত জীৱনী শক্তি দ্রুত হ্রাস পায় শৰীৰ দুৰ্বল হৈ পৰে, ৰোগ প্ৰতিষেধক আৰু প্ৰতিৰোধক ক্ষমতা হ্রাস পায়, যাৰ ফলত শৰীৰ বিভিন্ন ৰোগৰ দ্বাৰা আক্রান্ত হয় । সেয়েহে ইয়াৰ নাম খাদ্যা প্রাণ বা ভিটামিন । তল এই বিষয়ে আলোচনা কৰা হ’ল ।
আমাৰ শৰীৰৰ লাগতিয়াল ভিটামিনসমূহ হল – এ , বি , চি , ডি , ই , কে , আৰু পি । আমি দৈনন্দিন যিবিলাক খাদ্য গ্ৰহণ কৰো তাৰ মাজত যদি এই ভিটামিনবোৰ নাথাকে তেতিয়াই নানা ধৰণৰ ৰোগে আক্ৰমণ কৰিবলৈ সুবিধা পায় ।
ক) ভিটামিন ‘এ’ (Vitamins A)
এই ডিটামিনৰ অভাব হলে
- কুকুৰীকণা,
- চকু আৰু কাণৰ ৰোগ
- পানীলগা অসুখ,
- ইন্ফ্লুয়েঞ্জা,
- কাহ,
- নিউমোনিয়া,
- মূত্রপাথৰী প্রভৃতি ৰোগ হব পাৰে ।
অতি পৰিমানে ভিটামিন A পোৱা যায়
- পালে শাক,
- বিলাহী,
- ৰঙা আলু,
- গাজৰ,
- কেঁচা মটৰ,
- বন্ধা কবি,
- অমিতা,
- লাউ,
- পকা আম,
- সেউজীয় আৰু হালধীয়া ৰঙৰ শাক-পাচলি,
- ফল,
- গাখীৰ,
- মাখন,
- কণী
- মাছৰ তেল,
- পঠা ছাগলীৰ মঙহ,
ভিটামিন ‘এ’ (Vitamins A) আৱশ্যকতা
ভিটামিন এ আমাৰ চকুৰ দৃষ্টি শক্তিৰ বাবে উপকাৰী । এই ভিটামিনৰ অভাৱ হলে চকুৰ দৃষ্টিশক্তি কমি যায় । এই ভিটামিনৰ অভাৱ দহ বাৰ বছৰ বয়সতে চশমা ব্যৱহাৰ কৰিব লগা হয় । এই ভিটামিনৰ অভাৱ হলে ৰোগীয়ে সন্ধ্যা হোৱাৰ পিছতে চকুৰে কম দেখিবলৈ আৰম্ভ কৰে । অতি সোনকালে চিকিৎসা নকৰিলে অন্ধও হৈ যোৱাৰ সম্ভাৱনা থাকে ।
বিশেষজ্ঞ সকলৰ মতে ভিটামিন এৰ অভাৱ হলে দাঁতৰ ৰোগ , চকু জ্বলা – পোৰা কৰা , ছালৰ বেমাৰ , শাৰীৰিক দুৰ্বলতা আদি ৰোগৰ প্ৰাদুৰ্ভাব ঘটে । এই ভিটামিনৰ অভাৱত মানুহৰ তেজ কমি যায় , ইউৰিক এচিদ বাঢ়ে আৰু বিভিন্ন অংগ – প্ৰত্যঙৰ বিকৃত ৰূপ দেখা যায় ।
সতেজ শাকত ভিটামিন এ বেছি পৰিমাণে পোৱা যায় । মাছৰ লিভাৰৰ তেলৰ মাজতো এ ভিটামিন প্ৰচুৰ পৰিমাণে থাকে । শৰীৰত ভিটামিন ‘এ’ৰ অভাৱ হলে পেটৰ হজম শক্তিও কমি যায় ।
খ) ভিটামিন ‘বি’ (Vitamins B)
এই ভিটামিনৰ অভাব হলে
- অজীর্ণ,
- অভোেক,
- কোষ্ঠকাঠিন্য,
- জিভাৰ ঘা,
- বেৰিবেৰি,
- শিশুৰ ওজন হ্রাস,
- শীর্ণতা আৰু
- স্তনত গাখীৰৰ অভাব হয়
অতি পৰিমানে ভিটামিন B পোৱা যায়
- সেউজীয়া পাচলি,
- বন্ধা কবি,
- পিঁয়াজ,
- বিলাহী,
- আলু
- উৰহী,
- চয়াবিন,
- চীন,
- বাদাম,
- কমলা টেঙা,
- মাছৰ কণী,
- কণীৰ কুহুম,
- পঠা ছাগলীৰ আগমঙহ,
- মাংস,
- চানা
ভিটামিন ‘বি’ (Vitamins B) আৱশ্যকতা
ভিটামিন বিৰ মাজত আৰু কেইবা প্ৰকাৰৰো ভিটামিন নিহিত হৈ থাকে । ইয়াৰ ভিতৰত যিবিলাক ভিটামিন থাকে তাক ভিটামিনৰ সমষ্টি বুলি কোৱা হয় । ইয়াৰ মাজত নিহিত হৈ থকা ভিটামিনৰ সমষ্টিসমূহ হল – থায়ামিন , ৰিবোফ্লেবিন ফোলেট , নিয়াসিন , পাইৰোডোক্সিন আৰু ‘বি’ ১২ মিহলি হৈ থাকে ।
বিশেষজ্ঞসকলৰ মতেৰে বায়ুটিন কুনিন , পেন্টোথিনিক এচিড , ইনোচিটিল , বেঞ্জোইক এচিড প্ৰভৃতিও এই শ্ৰেণীৰ ভিটামিনৰ ভিতৰতে পৰে । এই শ্ৰেণীৰ ভিটামিন শৰীৰৰ বাবে অতি উপকাৰী ।
ভিটামিন ‘বি’ – ১ (Vitamins B – 1)
এই খাদ্যপ্ৰাণ পৰিপাক ক্ৰিয়াৰ বাবে অতি আৱশ্যক । আমাৰ সদায় খোৱা খাদ্য মাজত বেছি পৰিমাণে ভিটামিন বি এক থাকিলে হজমি শক্তি বৃদ্ধি পায় , আৰু ভোক বাঢ়ে । আমাৰ স্নায়ু বিলাকত শক্তি বিয়পাবৰ বাবে এইবিলাকৰ কৰ্মশক্তি বৃদ্ধি পায় আৰু স্মৰণ শক্তি প্ৰখৰ হয় ।
চিকিৎসক সকলৰ মতে ভিটামিন বি – ১ অর্থ্যাৎ খোৱা আহাৰৰ মাজত ভিটামিন বি – ১ ৰ অভাব হলে তেজৰ পায়ৰুবিক এচিড বেছি হয় আৰু হৃদযন্ত্ৰৰ ক্ষতি সাধন কৰে । এই পায়ৰুবিক এচিড বাঢ়ি গলে হৃদযন্ত্ৰৰ ক্ৰিয়াত অৱৰোধ সৃষ্টি কৰে । এই খাদ্যপ্ৰাণৰ অভাৱত বেৰি বেৰি ৰোগৰো উৎপত্তি হয় । গজালি মেলা মাহ , গাখীৰ , দাইল , চয়াবিন আৰু টাটকা পাতযুক্ত শাক পাচলিত এই ভিটামিন বা খাদ্যপ্ৰাণ থাকে । টাটকা শাক পাচলি আৰু ফলমূল খালে ভিটামিন বি – ১ ভালকৈয়ে আহৰণ কৰিব পাৰি ।
ভিটামিন ‘বি’ – ২ (Vitamins B – 2)
এইবিধ ভিটামিন বা খাদ্যপ্ৰাণ শৰীৰৰ সুস্থতাৰ বাবে অতি আৱশ্যক । এই ভিটামিনৰ প্ৰভাৱত দেহ মন প্ৰফুল্লিত হৈ থাকে আৰু কৰ্ম ক্ষমতা বৃদ্ধি পায় । বিশেষকৈ এই ভিটামিনৰ গুনতে মানুহৰ বৃদ্ধত্ব প্ৰাপ্তি সোনকালে হব নোৱাৰে ।
গাখীৰ , চয়াবিন , গঁজালি ওলোৱা মাহ , তিয়ঁহ , কল আদিত এই খাদ্যপ্ৰাণ বেছিকৈ থাকে । চকুৰ যি কোনো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি আৰু শৰীৰৰ পৰিপাক শক্তিবৃদ্ধি হৈ থাকে ।
এইবিধ খাদ্যপ্ৰাণৰ অভাৱ হলে পেটৰ হজমি শক্তি কমি যায় । আভোক সৃষ্টি হয় মানুহজন দুৰ্বল হৈ যায় , মুখত ঘা লাগে আৰু জীভাৰ সোৱাদ নষ্ট হৈ যায় । গাত খজুৱতি বা ফোঁহা আদিও এই ভিটামিনৰ অভাবতে হয় । মুঠতে সতেজ শাক পাচলি ফল মূলৰ মাজতে আমাৰ শৰীৰৰ বাবে উপকাৰী ভিটামিন বা খাদ্যপ্ৰাণ সমূহ পোৱা যায় ।
ভিটামিন ‘বি’ – ৬ (Vitamins B – 6)
শৰীৰৰ প্ৰোটিনৰ পৰিপাক ক্ৰিয়াৰ কাৰণে এইবিধ ভিটামিনৰ আৱশ্যক হয় , ইয়াক বিভিন্ন শাক পাচলিৰ যোগেদিয়েই লাভ কৰি শৰীৰ সুস্থ কৰি ৰাখিব পাৰি ।
পাঠা কলিজাত এই ভিটামিন পোৱা হয় । এই ভিটামিন থকা শাক পাচলি , ফল মূলৰ পৰা আমাৰ দেহৰ অংগ প্ৰত্যঙগৰ মসৃনতা সুন্দৰতা সুস্থ হৈ থাকে । এই ভিটামিনৰ অভাৱ হলে আমাৰ তেজ পৰিবাহী স্নায়ু বা শিৰাসমূহৰ বিকৃতি ঘটে ।
ভিটামিন ‘বি’ – ১২ (Vitamins B – 12)
এইবিধ ভিটামিনে আমাৰ শৰীৰত তেজৰ সৃষ্টিত সহায় কৰে । গৰ্ভৱতী মহিলাৰ বিশেষকৈ এই ভিটামিনৰ অভাব হোৱা দেখা যায় । ইয়াৰ ফলত তেজ কমি আহিবলৈ ধৰে । চিকিৎসা বিজ্ঞান অনুসাৰে বিশেষজ্ঞ সকলৰ মতে এই ভিটামিনৰ অভাবত ডি , এন , এৰ উৎপত্তিৰ ওপৰত প্ৰভাৱ পৰে । মেৰুদণ্ডৰ হাড়বিলাক দুৰ্বল হৈ যায় আৰু বিকৃত ৰূপ লয় ।
(গ) ভিটামিন ‘চি’ (Vitamins C)
এই ভিটামিনৰ অভাব হলে
- স্কার্ভি ৰোগ
- দাঁত উঠোতে পলম হয়,
- হাড় টান নহয়,
- শিশুৰ ওজন হ্রাস পায়, আৰু
- খিটখিটিয়া হয় ।
অতি পৰিমানে ভিটামিন C পোৱা যায়
- নেমু টেঙা,
- অনাস,
- কল,
- আপেল,
- পিঁয়াজ
- কুঁহিয়াৰ
- বিলাহী,
- পালেংশাক,
- বন্ধাকবি,
- ৰঙা আলু,
- মৃগ,
- যব,
- অংকুৰিত
- বুটমাহ,
- কেঁচা মটৰ,
- গাৰ্থীৰ
- দৈ
- ঘোল প্রভৃতিত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থাকে ।
ভিটামিন ‘চি’ (Vitamins C) আৱশ্যকতা
এইবিধ ভিটামিন আমাৰ দেহৰ প্ৰতিটো অংগকে সতেজ কৰি ৰাখিব পাৰে । বিশেষকৈ তেজ সঞ্চালন কৰা ধমনি বিলাকক দাঁত আৰু হাড়বিলাক শক্তিশালী কৰি ৰাখে । শৰীৰৰ আভ্যন্তৰিক ৰক্তস্ৰাব বন্ধ কৰে আৰু শৰীৰত দুখ পাই তেজ ওলোৱা ক্ষেত্ৰত সোনকালে সুস্থ হৈ উঠাত সহায় কৰে । চিকিৎসক বিশেষজ্ঞ সকলৰ মতে ভিটামিন ‘চি’ অৰ্থাৎ এচকৰবিক এচিড একপ্ৰকাৰ শৰ্কৰা জাতীয় । এই ভিটামন বা খাদ্যপ্ৰাণৰ অভাব হলে তেজ চলাচল ক্ৰিয়াত ব্যাঘাত সৃষ্টি হয় আৰু এনিমিয়াত ভোগে । এই ভিটামিন ‘চি’ য়ে আমাৰ শৰীৰক সুৰক্ষা প্ৰদান কৰি ৰাখিব পাৰে , তাৰ মানে ৰোগ প্ৰতিৰোধক ক্ষমতা ভিটামিন ‘চি’ৰ যথেষ্ট আছে ।
এই ভিটামিন অতি সহজে পানীৰ লগত মিহলি হৈ যায় । কিন্তু শাক পাচলি আৰু ফল জুইত সিদ্ধ কৰিলে তাৰ ভিটামিন গুনখিনি নষ্ট হৈ যায় । টেঙা জাতীয় ফল , যেনে – নেমু , কমলা , মৌচুমী , আমলখি , বিলাহী , পাতযুক্ত শাক পাচলি , আৰু গঁজালি ওলোৱা পাচলিৰ বিশেষকৈ এই ভিটামিন থাকে । আলুতো ভিটামিন চি আছে কিন্তু আলুৰ বাকলি গুচাই দিলে ইয়াৰ মাত্ৰা আৰু কমি যায় ।
ঘ) ভিটামিন ‘ই’ (Vitamins E)
ভিটামিন ‘ই’ৰ অভাব হলে
- গর্ভ নষ্ট হয়,
- গভস্থ সন্তান নষ্ট হয়।
- মহিলা আৰু পুৰুষৰ যৌৱনৰ অসুবিধা
- চুলি সৰা,
- চুলি পকা,
- দৈহিক সৌন্দৰ্য অটুট নাথাকে
অতি পৰিমানে ভিটামিন C পোৱা যায়
- নাৰিকল,
- বল,
- চয়াবিন,
- বাদাম,
- মাংসৰ চৰ্বি,
- মাছৰ তেল,
- মাংস,
- কণী প্রভৃতিত প্ৰচুৰ পৰিমাণে ভিটামিন ‘ই’ থাকে ।
ভিটামিন ‘ই’ (Vitamins E) আৱশ্যকতা
বৰ্তমান চিকিৎসক সকলে এই ভিটামিন ‘ই’ৰ ওপৰত বেছি জোৰ দিয়ে । মহিলা আৰু পুৰুষৰ যৌৱনৰ স্থায়িত্ব আৰু দৈহিক সৌন্দৰ্য অটুত ৰখাত এইবিধ ভিটামিনৰ যথেষ্ট সহায় আছে । চিকিৎসক সকলৰ মতে প্ৰজননৰ বাবে শৰীৰত ভিটামিনৰ আৱশ্যক অতি বেছি ।
এইবিধ খাদ্যপ্ৰাণৰ অভাৱত মহিলাসকলৰ বন্ধ্যাত্ব প্ৰাপ্তি হোৱাও দেখা যায় । এই ভিটামিন ‘ই’ শৰীৰত অভাৱ হলে ডেকা অৱস্থাতেই চুলি সৰি যায় , পকি যায় । চুলি কলা হৈ থকা , দীঘল শকত হোৱা ধুনীয়া হোৱা এই ভিটামিনে বহুত সহায় কৰে । এইবিধ ভিটামিন উপযুক্ত মাত্ৰাত থাকিলে মধুমেহ , হাপানি আৰু হৃদৰোগৰ পৰা হাত সাৰি থাকিব পাৰি ।
বয়স হোৱাৰ লগে লগে আমাৰ শৰীৰৰ তেজ চলাচল কৰা নলীবিলাকৰ মাজত চৰ্বি জমা হবলৈ ধৰে । এই সময়ত এই ভিটামিন ‘ই’ শৰীৰত পৰ্যাপ্ত পৰিমাণে থকাটো বাঞ্ছনীয় । তেতিয়া চৰ্বি জমা হৈ থাকিব নোৱাৰে ।
ভিটামিন ‘ই’য়ে কলেস্ট্রোলক একত্ৰিত হবলৈ নিদিয়ে , তেজ গোট মাৰিবলৈও সুবিধা নিদিয়ে । তেজক পানীয় কৰি চলাচল কৰাত সুবিধা প্ৰদান কৰে । সদায় ১০০ আই , ইউ ভিটামিনৰ আৱশ্যক আমাৰ হয় । এই আৱশ্যকীয় ভিটামিন ২ কিলোগ্ৰাম পালেং শাক বা ৪ কাপ বাদামত লাভ কৰিব পাৰি ।
এই ভিটামিন গঁজালি ওলোৱা মাহ , তেল , পাতযুক্ত শাক পাচলি আৰু গাখীৰ মাখনত প্ৰচুৰ পৰিমাণে পোৱা যায় ।
ভিটামিন ‘ডি’ (Vitamins D) আৱশ্যকতা
এইবিধ ভিটামিন গাখীৰ , মাছৰ লিভাৰৰ তেল আৰু কণীত বেছি মাত্ৰাই পোৱা যায় । গাখীৰৰ পৰা হোৱা বাবে ঘিউ আৰু মাখনতো এই ভিটামিন বেছিকৈ পোৱা যায় । শৈশৱ কালত ভিটামিন ‘ডি’ৰ অভাব হলে শিশুৰ ৰিকেট বা পঁয়ালগা ৰোগ হোৱা দেখা যায় ।
চিকিৎসা শাস্ত্ৰ অনুসাৰে টেঙাৰ মাজত থকা ডিহাইড্ৰো কলেস্ট্রোল যেতিয়া সূৰ্যৰ কিৰণৰ সংস্পৰ্শলৈ আহে , তেতিয়া শৰীৰত এই ভিটামিনৰ উৎপত্তি হয় । এনেকুৱা ৰোগীক চিকিৎসকে ৰ’দত বহিবলৈ পৰামৰ্শ দিয়ে । শিশুসকলক গাখীৰ , মাখন আৰু মাতৃস্তন গাখীৰ খুৱালে এই ভিটামিন শৰীৰত বেছি মাত্ৰাত থাকে । ভিটামিন ডিয়ে আমাৰ দাঁত আৰু হাড় সমূহক শক্তিশালী কৰি ৰাখে । এই খাদ্যপ্ৰাণ শৰীৰত কম হলে কেলচিয়াম আৰু ফচফৰাচ কমি যায় আৰু পৰিপাক ক্ৰিয়া সম্পন্ন হবলৈ সুবিধা নাপায় । মেৰুদণ্ডৰ হাড় আৰু হাত ভৰিৰ হাড় ক্ষীণ আৰু দুৰ্বল হৈ পৰে আৰু শুকাই যাবলৈ ধৰে । দাঁতত পায়োৰিয়া ৰোগ আৰম্ভ হয় ।
ভিটামিন ‘কে’ (Vitamins K) আৱশ্যকতা
ভিটামিন ‘কে’ নামৰ ভিটামিনবিধে আমাৰ শৰীৰৰ মূল যন্ত্ৰ যকৃতক কৰ্মক্ষম কৰি ৰাখে আৰু প্ৰেথোম্বিক উৎপাদনত সহায় কৰে । কোনো ঠাইত কাটিলে দুখ পালে তেজ ওলালে এই ভিটামিনবিধে সোনকালে তেজ ওলোৱা বন্ধ কৰি দিব পাৰে।
এই ভিটামিন বা খাদ্যপ্ৰাণ পানীৰ লগত অলপ মাত্ৰাতহে মিহলি হয় । কিন্তু চৰ্বিত অতি সোনকালে মিলি যায় ।
এই ভিটামিন সজীৱ শাক পাচলি আৰু বিলাহীত বেছি মাত্ৰাত পোৱা যায় ।
ভিটামিন ‘পি’ (Vitamins P) আৱশ্যকতা
এই ভিটামিন বা খাদ্যপ্ৰাণৰ অভাব হলে শৰীৰৰ তেজ চলাচল কৰা নলীবিলাকত বাধাৰ সৃষ্টি হয় , তাৰ ফলত ৰক্তচাপ হবলৈ দিয়ে । টেঙা মিঠা ফল আৰু পাচলিৰ মাজত এই ভিটামিন পোৱা যায় । হৃদৰোগৰ পৰা হাত সাৰি থাকিবলৈ এই খাদ্যপ্ৰাণ থকা ফলমূল , শাক পাচলি খাব লাগে ।
যিকোনো ৰোগীৰ চিকিৎসা কৰিবলৈ হলে এই ভিটামিনৰ বাহিৰেও আৰু কিছু নিয়ম মানি চলা উচিত ।
যেনে –
১) ৰোগী থকা ঘৰ আহল বহল হব লাগে। ঘৰৰ ভিতৰত বাহিৰৰ পোহৰ আৰু মুকলি বতাহ সোমাব পৰা হব লাগে আৰু সেমেকা হব না লাগে ।
২) ৰোগীয়ে পিন্ধা কাপোৰ আৰু বিছনা পৰিস্কাৰ ৰাখিব লাগে। মাজে মাজে ৰ’দাব লাগে ৷
৩) ৰোগীৰ সেৱাকাৰিৰ পোচাক পৰিস্কাৰ হব লাগে ।
৪) ৰোগীৰ সেৱাকৰাৰ সময়ত পৰিচৰ্যাকাৰীয়ে যেন পেট খালী নাৰাখে ।
৫) ৰোগী পৰিচয়াৰ সময়ত প্রতিদিন ৰোগীন মল, মূত্র, বমি, কাহ, নাড়িৰ গতি, উত্তাপ, শ্বাস-প্রশ্বাস, পথ্য আদিৰ বিষয়ে এখন কাগজ লিখি ৰখা উচিত ।
নানা ধৰণৰ ফলমূল , শাক পাচলিৰ ৰসৰ লগত থকা প্ৰকৃতিক খাদ্যপ্ৰাণ সহজ সৰল ভাবে হজম হৈ শৰীৰত সম্পূৰ্ণ ৰোগ নিৰোধক শক্তি প্ৰদান কৰিব পাৰে ।
Suggested: