পানীৰ গুৰুত্ব – আপুনি জানেনে এদিনত কিমান পানী খাব লাগে?

পানীৰ গুৰুত্ব – আপুনি জানেনে এদিনত কিমান পানী খাব লাগে ? – Importance of Water in Human Body

সচৰাচৰ চকুত পৰা আৰু অতি সাধাৰণ বুলি গণ্য কৰা এক অমূল্য পুষ্টি সম্পদ হৈছে পানী। পৃথিৱীৰ প্ৰায় সকলো জীৱিত প্ৰাণীৰ বাবে ই এক অপৰিহাৰ্য তত্ব, পানী অবিহনে জৈৱ অস্তিত্ব বৰ্তাই ৰখাটো অসম্ভৱ। একেদৰে মানৱ দেহতো ইয়াৰ মূল্য অধিক। পানীৰ শাৰীৰিক প্ৰয়োজনীয়তাৰ কথা সকলোৰে জ্ঞাত, কিন্তু ইয়াৰ সথিক পৰিমাণ, শৰীৰত ইয়াৰ বিভিন্ন কাৰ্য তথা সম্পৰ্কিত অন্যান্য তথ্যৰ বিষয় বহুজন অজ্ঞাত। সেয়ে, এই প্ৰবন্ধটিত আগলৈ পানীৰ গুৰুত্ব আৰু ইয়াৰ শাৰীৰিক ভূমিকাৰ বিষয়ে আলোচনা কৰা হʼব।

মানৱ শৰীৰত পানীৰ গুৰুত্ব (Importance of Water in Human body)

মানৱ দেহৰ এক বৃহৎ ভাগ পানীয়ে আবৰি ৰাখে। নৱজাতকৰ ক্ষেত্ৰত এই পৰিমাণ ৭৫%ৰ ওচৰা-ওচৰি আৰু বিকশিত দেহত ই ৫৫% আবৰে। U.S Geological Survey ৰ মতে, মানুহৰ মুঠ দৈহিক ওজনৰ ৬০% পানীয়ে দখল কৰে।

পানীৰ গুৰুত্ব - আপুনি জানেনে এদিনত কিমান পানী খাব লাগে

ডিঙিৰ পিয়াহ আৰু জিহ্বা পৰিষ্কাৰ কৰাৰ উপৰিও এই পানীয়ে মানৱদেহত আন বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দেহৰ কোষ, অংগ সমূহ আৰু ছালৰ বিভিন্ন কাৰ্যকলাপত পানীয়ে সহায় কৰে। পানী অবিহনে এনে শাৰীৰিক প্ৰক্ৰিয়া সমূহ বন্ধ হৈ পৰাৰ আশংকা থাকে যাৰ পৰিণতি অতি ভয়ানক হʼব পাৰে। পানীয়ে মানৱ দেহৰ তৰল পদাৰ্থ (Fluid) সন্তুলিত ৰখাত আৰু ইলেক্ট্ৰলাইট হোমিঅʼষ্টেচিছ (Electrolyte Homeostesis) প্ৰক্ৰিয়া বাহাল ৰখাত সহায় কৰে।

হজমী প্ৰক্ৰিয়া আৰু ঘামৰ লগতে উশাহ-নিশাহতো আমাৰ শৰীৰে পানী নিষ্কাশন কৰে। সেয়ে প্ৰয়েজনীয় আভ্যন্তৰিন দৈহিক প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ পৰ্যাপ্ত পৰিমানৰ পানী সেৱন কৰিব লাগে। 

Read Also: জিলমিলৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Jilimili

দেহত পানীৰ কাৰ্যকলাপ (Roles of Water in Human Body)

১) ছাল, হাড় আৰু গাঁঠিক সুৰক্ষা প্ৰদান কৰে (Protects skin cells, bones and joints):

আগতে কোৱাৰ দৰে পানীয়ে কেৱল পিয়াহ গুচাবলৈয়ে নহয়, ই ছালৰ ক্ষুদ্ৰ কোষবোৰৰ আৰ্দ্ৰতা বজাই ৰাখি বাহ্যিক পৰিবেশৰ পৰা ছালক সুৰক্ষা প্ৰদান কৰে। পৰ্যাপ্ত পৰিমাৰ পানী সেৱনে ছালৰ লগতে দেহৰ সংবেদনশীল অংশ, তেজ আৰু হাড়ৰ আৰ্দ্ৰতাৰ ভাৰসাম্য বজাই ৰখাতো সহায় কৰে। লগতে ই গাঁঠি আৰু হাড়ৰ বাবে লুব্ৰিকেন্টৰ দৰে কাম কৰে, এক কোমল আৱৰণৰ সৃষ্টি কৰি ইহঁতক সুৰক্ষা দিয়ে। ছালৰ এনে ক্ষেত্ৰতে পানীৰ গুৰুত্ব দেখা যায়।

২) হজমী প্ৰক্ৰিয়াক সুস্থিৰ কৰে (Stabilizes digestion process):

পানীয়ে খাদ্য হজম কৰিবলৈ সহায় কৰে। ‘Mayo Clinic’ এ বৰ্ণনা কৰা মতে পানীয়ে আমি খোৱা খাদ্যৰ জটিল উপাদান সমূহক ভাগি তাক দেহত শোষণ হোৱাত সহজ কৰি তুলে। যাৰ ফলত খাদ্যৰ পৰা শৰীৰে সহজে পুষ্টিকৰ উপাদান সমূহ আহৰণ কৰিব পাৰে। সেৱন কৰা পানী যেতিয়া অন্ত্ৰলৈ পায় তেতিয়া আমাৰ সৰু আৰু ডাঙৰ অন্ত্ৰয়ে ইয়াক শোষণ কৰে। এই শোষিত পানী তেজলৈ প্ৰবাহিত হৈ আৰু জটিল পুষ্টিবোৰক দেহত আৰ্জিবলৈ সহায় কৰে। দ্ৰৱণীয় আঁহ (Soluble Fibre) হজম কৰিবলৈও পানীয়ে সহায় কৰে।

৩) শৌচৰ সমস্যা দূৰ কৰে (Helps in body waste discharge process): 

পানীয়ে শৌচৰ সমস্যা সমাধান কৰে বুলি জনাজাত। দেহত আৱশ্যকীয় পানীৰ প্ৰয়োজন পূৰণ কৰিলে শৌচৰ পৰিমান আৰু স্থিৰতা বজাই ৰখাত সহায়ক হয়। ‘University of Rochester Medical Center’ ৰ মতে পৰ্যাপ্ত পৰিমানৰ পানী সেৱনে কৌষ্ঠ্য-কাঠিন্যৰ সমাধান কৰিব পাৰে। ‘National Institute for Diabetes and Digestive and kidney diseases’ ৰ মতে, আমাৰ বৃহৎ অন্ত্ৰয়ে পানী শোষন কৰিলে পনীয়া শৌচ কঠিন হয়।  

৪) শাৰীৰৰ পৰা আৱৰ্জনাৰূপী অপদাৰ্থ আঁতৰ কৰে (helps in Removing waste from body):

অধিক পানীৰ সেৱনে ঘাম আৰু মূত্ৰ ৰূপত শৰীৰৰ অপকাৰি উপাদান সমূহ বাহিৰ কৰাত সহায় কৰে। ‘National Kidney Foundation’ ৰ মতে, তেজ পৰিষ্কাৰ কৰা বৃক্কৰ কাৰ্যক্ষমতা পানীয়ে বৃদ্ধি কৰে। পানীয়ে বৃক্কক অধিক সক্ৰিয় কৰি তুলে। কিছুমান শাৰীৰিক অৱস্থাত অত্যাধিক পানীৰ সেৱনে ক্ষতি কৰিব পাৰে, সেয়ে যদি আপোনি বৃক্কৰ কোনো বেমাৰত ভোগী আছে তেন্তে সেৱন কৰিবলগা পানীৰ পৰিমানৰ বিষয়ে চিকিৎসকৰ সৈতে আলোচনা কৰিব।

৫) শৰীৰৰ আৰ্দ্ৰতা বাহাল ৰাখে (Keeps body Hydrated):

দৈনন্দিন বিভিন্ন ক্ৰিয়া কৰ্মত আমাৰৰ শৰীৰৰ পৰা ঘাম ওলাই। সাধাৰণ মূত্ৰ নিষ্কাশন প্ৰক্ৰিয়া, ঘাম, নিশাহত, বিভিন্ন বেমাৰ (যেনে- Diarrhea, dysentery, fever etc.) আদিত আমাৰ শৰীৰে যথেষ্ট পৰিমানৰ পানী শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। এনে ক্ষেত্ৰত পৰ্যাপ্ত পৰিমানৰ পানী সেৱন কৰিলে দেহৰ আৰ্দ্ৰতাৰ ভাৰসাম্য স্থিৰ হৈ থাকে। তাকে নকৰিলে হজমী সমস্যা, বৃক্কত পাথৰ, খহতা ছাল, চুলি সৰা আদি বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যায়ে দেখা দিব পাৰে।

৬) মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে (Boosts Brain functioning): 

পানীয়ে মগজুৰ কাৰ্যক্ষমতা বাহাল ৰখাত সহায় কৰে। দেহৰ অন্য অংশৰ দৰে আমাৰ মগজুও কেতিয়াবা ভাগৰি পৰে। এনে ভাগৰুৱা অনুভূতি হʼলে ১ বা ২ গিলাচ পানী খাই চাব। পানীয়ে এই ভাগৰ আঁতৰাব পাৰে। New York ৰ এগৰাকী কাৰ্যকৰী ঔষধ চিকিৎসক Dr. Gabrielle Lyon ৰ মতে, শাৰীৰিক কাৰ্যকলাপ সমূহ সুচাৰুৰূপে চলিবলৈ ইলেক্ট্ৰলাইটৰ ভাৰসাম্যতা বৰ্তি থকাটো অত্যন্তই প্ৰয়োজনীয়। ইয়াৰ পৰিমান কমিলে মাংসপেশীৰ দূৰ্বলতা, ভাগৰ আৰু অস্পষ্টতাই দেখা দিব পাৰে। শৰীৰত এই ইলেক্ট্ৰলাইটৰ ভাৰসাম্যতা বজাই ৰখাত পানীয়ে যথেষ্ট সহায় কৰে।  

৭) কাৰ্ডিঅভাস্কুলাৰ প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় (Necessary for the Cardiovascular system):

Britannica ৰ মতে, আমাৰ তেজত পোৱা পাতল হালধীয়া পনীয় পদাৰ্থভাগৰ ৯০% পানীয়ে দখল কৰে। পানীৰ অভাৱত এই পদাৰ্থবিধ শুকাই যাব পাৰে আৰু তেজৰ ঘনত্ব অধিক বাঢ়িব পাৰে। যাৰ ফলত তেজত ইলেক্ট্ৰলাইটৰ পৰিমান কমি যাব পাৰে। এই ইলেক্ট্ৰলাইটবোৰ মাংসপেশী আৰু হৃদয়ৰ কাৰ্যৰ বাবে অতি প্ৰয়োজনীয়। পানীৰ অভাৱে ৰক্তচাপ নিম্ন কৰিবও পাৰে।  

৮) শৰীৰক স্বাস্থবান কৰি ৰাখে (Keeps the body healthy):

১৮,৩০০ ৰো অধিক মধ্যমবয়সীয়া আমেৰিকান লোকৰ ওপৰত পৰীক্ষা কৰা হৈছিল আৰু তাৰ ফলাফল ৰূপে  ২০১৬ ত প্ৰকাশ পোৱা ‘Journal of Human Nutrition and Dietetics’ ৰ মতে, যথেষ্ট পৰিমানৰ পানীৰ সেৱনে আমাৰ শৰীৰক অস্বাস্থ্যকৰ খাদ্য উপাদান সমূহ বৰ্জন কৰিবলৈ উৎসাহিত কৰে। তাৰোপৰি, খোৱাৰ আগতে ১গিলাচ পানী খালে হজমীৰ লগতে অন্যান্য দিশতো ধ্বনাত্মক শাৰীৰিক প্ৰভাৱ দেখা যায়।

৯) শৰীৰৰ উষ্ণতা সন্তুলিত ৰাখে (Maintains the body temperature):

পানীয়ে ঘাম নিষ্কাশনৰ জৰিয়তে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰিত কৰি ৰাখে।

১০) বাহক হিচাপে কাম কৰে (Acts as a carrier):

পানীয়ে দেহৰ কোষবোৰলৈ অক্সিজেন আৰু খাদ্যৰ পাচনৰ দ্বাৰা আহৰণ কৰা পুষ্টিকৰ উপাদান সমূহ বহন কৰে। 

পৰ্যাপ্ত পানীৰ অভাৱত কি হʼব পাৰে? (what if the body doesn’t gets sufficient water?)

দৈহিক কাৰ্যকলাপবোৰ সুচাৰুৰূপে চলিবলৈ পানীৰ সেৱন অতিকৈয়ে গুৰুত্ব তথা ভূমিকা আছে। দেহত পানী প্ৰয়োজনৰ পৰিমানতকৈ কম হʼলে নিম্নলিখিত সমস্যাবোৰে দেখা দিব পাৰে-

  • তৃষ্ণাৰ অনুভূতি হয়
  • মুৰৰ বিষ হʼব পাৰে
  • অসলতাই দেখা দিব পাৰে
  • মেজাজ সঘনাই সলনি হোৱা দেখা যায় আৰু প্ৰতিক্ৰিয়া/সঁহাৰিৰ গতি লেহেম হয়।
  • নাকৰ দুটা নলী শুকাই পৰিব পাৰে
  • ওঁঠ শুকান হৈ ফাটিব পাৰে
  • প্ৰস্ৰাৱৰ ৰং গাঢ় হʼব পাৰে আৰু কেতিয়াবা প্ৰস্ৰাৱত জ্বলা-পোৰাও হʼব পাৰে
  • শাৰীৰিক দূৰ্বলতাই দেখা দিব পাৰে
  • অত্যাধিক ভাগৰ লাগিব পাৰে
  • দেহত অত্যাধিক পৰিমানে পানীৰ অভাৱ হʼলে বিভ্ৰান্তি আৰু ভ্ৰমে দেখা দিব পাৰে

উক্ত সমস্যাবোৰৰ উপৰিও, অত্যাধিক পৰিমানে দেহত পানীৰ অভাৱ হʼলে প্ৰস্ৰাৱৰ প্ৰক্ৰিয়া বন্ধ হৈ পৰিব পাৰে যাৰ ফলত বৃক্কয়ে দেহৰ অপকাৰি পদাৰ্থ সমূহ চাকিবলৈ অসমৰ্থ হয় আৰু তাৰ পৰিণতি স্বৰূপে বৃক্কত পাথৰ হʼব পাৰে। পানীৰ এই অভাৱ চৰম সীমাত উপনিত হʼলে ই মৃত্যুক চপাই আনিব পাৰে।

Read Also: নুনি উদ্ভিদৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of White Mulberry

মানৱ দেহত কিমান পানীৰ প্ৰয়োজন? (How much water does a human body needs?)

অষ্ট্ৰেলিয়েন আহাৰ নিৰ্দেশনা অনুসৰি (দৈনিক সেৱন কৰিব লগীয়া পৰিমাণ)-

  • নৱজাতক(০-৬ মাহ) – ০.৭ লিটাৰ
  • নৱজাতক(৭-১২ মাহ) – ০.৮ লিটাৰ
  • ১-৩ বছৰ – ১ লিটাৰ
  • ৪-৮ বছৰ – ১.২ লিটাৰ
  • ৯-১৩ বছৰৰ লʼৰা – ১.৬ লিটাৰ
  • ৯-১৩ বছৰৰ ছোৱালী – ১.৪ লিটাৰ
  • ১৪-১৮ বছৰৰ লʼৰা – ১.৯ লিটাৰ
  • ১৪-১৮ বছৰৰ ছোৱালী – ১.৬ লিটাৰ
  • ১৯ৰ ওপৰৰ পুৰুষ – ২.৬ লিটাৰ
  • ১৯ৰ ওপৰৰ মহিলা – ২.১ লিটাৰ
  • ১৪-১৮ গৰ্ভৱতী মহিলা – ১.৮ লিটাৰ
  • ১৯ৰ ওপৰৰ গৰ্ভৱতী মহিলা – ২.৩ লিটাৰ
  • ১৪-১৮ স্তনপান কৰাই থকা মহিলা – ২.৩ লিটাৰ
  • ১৯ৰ ওপৰৰ স্তনপান কৰাই থকা মহিলা – ২.৬ লিটাৰ

যদিও উক্ত তালিকাত পৰিমাণ উল্লেখ কৰা হৈছে, তথাপি এই ক্ষেত্ৰত পুষ্টি বিশেষজ্ঞৰ সৈতে আলোচনা কৰাটো ভাল। কিয়নো মানৱ দেহৰ আকাৰ, ওজন, সক্ৰিয়তা, বয়স আদিৰ ভিত্তিত প্ৰত্যেকৰে দেহত প্ৰয়োজনীয় পানীৰ পৰিমান ভিন্ন হʼব পাৰে। সেয়ে আপোনাৰ শৰীৰত সথিককৈ কিমান পানীৰ প্ৰয়োজন তাক জানিবলৈ বিশেষজ্ঞৰ সহায় লওঁক।[1]

পানীৰ প্ৰয়োজনীয়তাক প্ৰভাৱান্বিত কৰা কাৰক (Factors that affect the needed amount of water in human body)

মানৱ দেহত পানীৰ পৰিমাণক প্ৰভাৱান্বিত কৰা কাৰক সমূহ হʼল-

  • দেহৰ আকাৰ,
  • ওজন,
  • লিংগ,
  • বয়স,
  • শাৰীৰিক সক্ৰিয়তা,
  • বিশেষ শাৰীৰিক পৰিস্থিতি,
  • বেমাৰ-আজাৰ,
  • কেনেকুৱা জলবায়ুত বসবাস কৰে আদি।

সামৰণি

উক্ত প্ৰবন্ধটিত মানৱ শৰীৰত পানীৰ গুৰুত্ব আৰু ইয়াৰ কাৰ্যকলাপৰ বিষয়ে তথ্য প্ৰদান কৰা হʼল। আশা কৰো এই তথ্য সমূহে আপোনাৰ জীৱনশৈলীত ভিন্ন ধৰণে সহায় কৰিব। ধন্যবাদ!

Author: Aparna Singha

Leave a Reply