জেতুকা (Henna) – 19+ ঔষধি গুণাগুণ আৰু ইয়াৰ ব্যৱহাৰ

জেতুকা (Henna) – ঔষধি গুণাগুণ আৰু ইয়াৰ ব্যৱহাৰ – Medicinal Importance of Henna Plant

জেতুকা (Henna) চিনি নোপোৱা মানুহ অসমত ছাগৈ এজনো নাই। জেতুকা অসমীয়া সংস্কৃতিত এনেদৰে লীন হৈ আছে যে ইয়াৰ অন্য পৰিচয় দিয়াৰ বিশেষ প্ৰয়োজন নাই । ইংৰাজীত Henna Plant নামেৰে জনা জেতুকাৰ বৈজ্ঞানিক নাম হ’ল – Lawsonia Inermis। বহাগ বিহু আৰু জেতুকা, ইটোৰ লগত সিটোৰ ওতঃপ্ৰোতঃ সম্পৰ্ক। মজলীয়া, জোপোহা আকৃতিৰ জেতুকাৰ পাতসমুহ সৰু আৰু অধিক। জেতুকাৰ প্ৰধানকৈ পাতৰ ব্যৱহাৰ বেছি। জেতুকাৰ ঔষধি গুণৰ বাবে বহাগ বিহুত নাচনীৰ লগতে ঘৰৰ প্ৰত্যকে জেতুকাৰ বোল লোৱাটো এক পৰম্পৰা হিচাপে চলি আহিছে। বৰ্তমান সময়ত জেতুকাৰ পাত মেহেন্দী হিচাপে অধিক জনপ্ৰিয় হৈ উঠিছে। 

জেতুকা (Henna) - 19+ ঔষধি গুণাগুণ আৰু ইয়াৰ ব্যৱহাৰ
জেতুকা

জেতুকাৰ উপলব্ধতা আৰু ইয়াৰ কৃষি পদ্ধতি (Distribution and Cultivation Process of Jetuka)

জেতুকা (Henna) গছ প্ৰায় ৩-৪ মিটাৰ ওখ হয়। চিৰসেউজ জেতুকা গছ সাধাৰণতে উষ্ণ জলবায়ু (Hot Climatic) অঞ্চলত বেছিকে পোৱা যায়। যদিও জেতুকাৰ প্ৰথম অৱস্থাত ক’ত পোৱা গৈছিল সঠিককে জনা নাযায় তথাপি কোৱা হয় যে এছিয়া মহাদেশতে প্ৰথম জেতুকা পোৱা গৈছিল পিছৰ পৰ্যায়ত বিশ্বৰ আন ঠাইসমুহলৈ ই বিয়পি পৰিছিল। লিখিত তথ্য (written data) আৰু জৈৱ ভৌগোলিক (Biogeographic) কাৰকসমূহে পাকিস্তান (Pakistan) আৰু পশ্চিম ভাৰত (Western India) ত জেতুকা প্ৰথম অৱস্থাত পোৱা গৈছিল বুলি কব খোজে । বৰ্তমান সময়তো এইবোৰ অঞ্চলত প্ৰাকৃতিকভাৱে (Wild) জেতুকা পোৱা যায়।

সাধাৰণতে ডালৰ অংশ (Branch Cutting) ৰ পৰা জেতুকাৰ খেতি কৰা হয়। প্ৰায় ৩০ ছেমি দৈৰ্ঘ্যৰ ডাল ৰোপণৰ বাবে ব্যৱহাৰ কৰা হয়। জুলাই-আগষ্ট মাহৰ সময় জেতুকাৰ ডাল কাটি ৰোপণ কৰাৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হয় কিয়নো এই সময়ত বৰষুণৰ পৰিমাণ বেছি। জেতুকাৰ ৰোপণৰ পাচত ইয়াৰ বৃদ্ধিৰ বাবে আৰম্ভণিৰ প্ৰথম পৰ্যায়ত যথেষ্ট পানীৰ প্ৰয়োজন। সাধাৰণতে জেতুকাৰ ৰুবলৈ ওখ মাটি (High Land), ওচৰত গা-গছ নোহোৱা (Free of Trees) পানী অহা যোৱাৰ ব্যৱস্থা (Drainage system) থকা মাটি উপযুক্ত। ব্যৱসায়িক ভিত্তিত কৰা জেতুকা খেতিত ০.১ হেক্টৰত প্ৰায় ১০০০-১২০০ জোপা গছ ৰোপন কৰিব পাৰি। প্ৰতি শাৰীৰ মাজত ৬০ ছেমি ব্যৱধান তথা প্ৰতিটো গছৰ মাজৰ ব্যৱধান ৩০-৪৫ছেমি হব লাগে। উপযুক্ত পৰিমাণৰ পানী, ৰ’দ তথা সাৰ পালে ডালৰ পৰা গছ আৰু পাত হ’বলৈ ৬-৭ মাহ সময় লাগে।

Read Also: তিল (Sesame Seeds) – ঔষধি গুণাগুণ আৰু ইয়াৰ ব্যৱহাৰ

জেতুকাৰ  উপকাৰী উৎপাদন (Important elements of Henna plants)

সৌন্দৰ্য চৰ্চাৰ উপৰিও জেতুকাৰ বহু ঔষধি গুণ আছে। জেতুকা (Henna)ৰ পাতত চম (Lawsome) নামৰ এবিধ ৰাসায়নিক দ্ৰৱ পোৱা যায়। এই দ্ৰৱৰ বাবে জেতুকাৰ পাত গুড়ি কৰিলে ৰঙা ৰং সৃষ্টি হয়। জেতুকাত বহুতো ফাইটকেমিকেল (Phytochemicals) পোৱা যায় যিবোৰে গছজোপাক বিভিন্ন বেমাৰৰ প্ৰতিৰোধক কৰি তোলে। জেতুকাত পোৱা ফাইট’কেমিকেল বোৰ হ’ল টেনিন (Tannin), চেপনিন (Saponin), ফ্লেভেনইদ (Flavanois), এলকালইদ (Alkaloids), গ্লাইকচাইড (Glycoside), ফিনল (Phenol) , এনথ্ৰাকুইনচ (Anthraquinone), ফেটি  এচিড (Fatty Acid) ইত্যাদি।

জেতুকাৰ ঔষধি  গুণ (Medicinal Importance of Jetuka/Henna)

জেতুকা (Henna) যদিও প্ৰধানকৈ প্ৰসাধন সামগ্ৰীৰ ভিতৰত পৰে কিন্তু ইয়াৰ ঔষধি গুণ যথেষ্ট পৰিমানে আছে। জেতুকাৰ পাতৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয়। বিহুৰ সময়ত বিশেষকৈ জেতুকাৰ পাত, পাণ তথা থেকেৰা আদিৰ সৈতে মিহলাই পটাত পিহি ৰং উলিওৱা হয়। জেতুকাৰ বিভিন্ন ঔষধি গুণ তলত উল্লেখ কৰা হ’ল –

1. জেতুকাৰ পাত থেৰেজুৰ গুটি (Date seed) ৰ লগত খুন্দি সৰিয়হৰ সৈতে মিহলাই হাতত বান্ধি থলে চৰ্মৰোগ আৰু বসন্ত ৰোগৰ সম্ভাৱনা যথেষ্ট কমি যায় ।

2. জেতুকাৰ ঔষধি গুণ চুলিৰ ক্ষেত্ৰতো দেখা যায়। জেতুকা পাতে চুলিৰ ৰং সজীৱ কৰি তোলে। তদুপৰি চুলিসৰা , উফি ইত্যাদি চুলিৰ আনুসংগিক ৰোগৰ পৰাও ৰক্ষা দিয়ে ।

3. কপালত জেতুকা (Henna) ঘঁহিলে মূৰৰ কামোৰণি নাইকিয়া হয়। নিয়মীয়াকৈ ইয়াক ব্যৱহাৰ কৰিলে আদকপালী আৰু সুৰুজকপালী অসূখ বিনাস হয়।

4. বকুত খোঁচ মাৰিলে বা তেজ বমি হ’লে জেতুকাৰ ৰস সেৱন কৰিলে বহু উপশম পোৱা যায়। তদুপৰি জেতুকা (Henna) পাতৰ ৰস গাত সানিলে গাৰ পুৰনি নাথাকে।

5. জেতুকা (Henna) পাতৰ ৰস গাখীৰ আৰু মিচিৰিৰ লগত মিহলাই খালে স্বপ্নদোষ নাইকিয়া হয়।

6. নখৰ গুৰিত জেতুকা (Henna) পাতৰ প্ৰলেপ লগালে নখৰ আনুসংগিক ৰোগৰ পৰা হাত সাৰিব পৰা যায় ।

7. জেতুকাৰ পাত চোবাই খালে মুখৰ দুৰ্গন্ধৰ নাইকিয়া হয়।

8. জণ্ডিছ হ’লে জেতুকা (Henna) ফুলৰ ৰস দুই চামুছ আৰু দহ চামুচ চাউলধোৱা পানীৰ লগত মিহলাই দিনে ২বাৰকৈ ৫-৬ দিনমান খালে যথেষ্ঠ পৰিমানে সুফল পোৱা যায় ।

9. জেতুকাৰ ৰস ২ টোপালকৈ কাণৰ খহু হৈ পুঁজ ওলালে, পুঁজ ওলোৱা ঠাইত লগালে ভাল হয়।

10. চকু ওখহা বেমাৰত জেতুকাৰ পাত থেতেলি পানীৰ লগত উতলাই, সেই চেচাঁ হোৱা পানীৰে চকু ধুলে উপশম পোৱা যায়।

11. শৰীৰৰ দুৰ্গন্ধ, ঘাম আদিৰ ফলত হোৱা অশান্তিৰ পৰা হাত সাৰিবলৈ জেতুকাৰ পাতৰ ৰস উলিয়াই গা ধুলে দুৰ্গন্ধ নাইকিয়া হয়।

12. অনিদ্ৰাত ভূগিলে জেতুকা (Henna)  পাতৰ ৰসৰ লগত আধা চামুচ মৌজোল মিহলাই খালে সুফল পোৱা যায়।

13. জেতুকা (Henna)  পাতৰ ৰস কেইচামুচ নিতৌ গ্ৰহণ কৰিলে তেজ পৰিস্কাৰ হয়।

14. ভৰিৰ জলা পোৰা কৰা, বিষ তথা ইয়াৰ বিভিন্ন আনুসংগিক বেমাৰত জেতুকা (Henna) পাত থেতেলি তাৰ প্ৰলেপ সানিলে যথেষ্ট সুফল পোৱা যায় ।

15. জেতুকা (Henna) পাতৰ প্ৰলেপ কপাল আৰু মূৰত সানিলে উচ্চ ৰক্তচাপৰ পৰা কিছু পৰিমানে আৰাম পোৱা যায় ।

16. মুত্ৰনলীত হোৱা পাথৰ তথা ইয়াৰ বিভিন্ন আনুসংগিক বেমাৰৰ পৰা ৰক্ষা পাবলে জেতুকাৰ পাতৰ ৰস ৪-৫ চামুচ ১৫ দিনমান খালে যথেষ্ট সুফল পোৱা যায় ।

17. জিভাত উঠা ফোঁহা, ঘাঁ ইত্যাদি সমস্যাত জেতুকাৰ পাত চোবাই খালে আৰাম পোৱা যায়।

18. পায়েৰিয়া হ’লে দাঁতৰ আলু ফুলি যায় আৰু বিষ হোৱাৰ লগতে তেজ ওলাই । জেতুকাৰ পাতৰ ৰসৰ লগত খয়েৰৰ লগত মিহলাই পায়েৰিয়া হোৱা ঠাইত সানিলে যথেষ্ট আাৰাম পোৱা যায়।

19. মৃগীৰোগত জেতুকাৰ পাতৰ ৰসৰ লগত গাখীৰ মিহলাই খালে এই ৰোগৰ পৰা বহু পৰিমানে আৰাম পোৱা যায় ।

Read Also: বৰমানকচু (Giant Taro) – ঔষধি গুণাগুণ আৰু ইয়াৰ ব্যৱহাৰ

জেতুকাৰ ব্যৱহাৰিক পদ্ধতি (Practical Aspects/Uses of Henna)

জেতুকা (Henna) ৰ ঔষধি গুণাগুণসমূহলৈ লক্ষ্য ৰাখি বিভিন্ন ৰোগত ইয়াক প্ৰয়োগ কৰিব পাৰি। জেতুকাৰ ব্যৱহাৰিক দিশবোৰ আমাৰ সমাজত সকলোৱে কম বেছি পৰিমানে প্ৰয়োগ কৰি আহিছে আৰু বৰ বিশেষ একো অপকাৰ পৰিলক্ষিত নহয়। তথাপি বিশেষজ্ঞৰ পৰামৰ্শ তথা বৈজ্ঞানিক পদ্ধতিৰে তৈয়াৰী জেতুকাৰ সামগ্ৰী ব্যৱহাৰ কৰাটো বাঞ্চনীয়। জেতুকাৰ ব্যৱহাৰৰ বাবে কেনেদৰে ইয়াক তৈয়াৰ কৰিব পাৰি তলত তাৰে কিছু পদ্ধতি উল্লেখ কৰা হল- 

জেতুকা গুড়ি (Henna Plant powder): ১/২ -১ চামুচ জেতুকা পাত (শুকান) ৰ গুড়ি পাউদাৰ লৈ তাৰ লগত মৌজোল মিহলাই থৈ দিব লাগে। ভাত খোৱাৰ পিছত জেতুকা এই মিশ্ৰণ খাব পাৰি।

জেতুকাৰ ৰস (Henna Juice): জেতুকাৰ পাত (Fresh Leave) পটাত পিহি অথবা আধুনিক গুৰি কৰা মেচিন (Grinder) ৰ সহায়ত তাৰ পৰা ৰস আহৰণ কৰিব পাৰি। এই ৰসৰ পৰা ১-২ চামুচ পানী অথবা মৌজোলৰ লগত মিহলাই খাব পাৰি। দৈনিক দুবাৰ এইৰস সেৱন কৰিব পাৰে।

জেতুকা পাতৰ লেপ (Henna leaf Paste): কেইখিলামান জেতুকা পাত মিহিকৈ পিহি গোলাপ জলৰ লগত মিহলাই থুপথুপীয়া লেপ/লেউ (Paste) বনাব লাগে। ইয়াৰ পিছত কপালত লগাই ১০-১৫ মিনিট থব লাগে আৰু তাৰ পিছত ধুব লাগে। এই প্ৰয়োগে মানসিক অৱসাদ (Mental Exhaustion) আৰু মূৰৰ বিষ (Headache) বহুখিনি আৰাম প্ৰদান কৰে।

চুলিত জেতুকাৰ লেপ (Henna Paste for Hair): জেতুকাৰ পাত পিহি তাৰে ৫-১০ চামুচ লৈ কুহুমীয়া পানী (Lukewarm Water) লগত মিহলাই লেপ (Poultice) তৈয়াৰ কৰিব লাগে। তাৰ পিছত চুলিত ভালদৰে প্ৰয়োগ কৰিব লাগে । ৪-৫ ঘণ্টাৰ পিছত পানীৰে ধুব পাৰে। ইয়াৰ ফলত চুলি সতেজ আৰু সবল হয়।

জেতুকাৰ অপকাৰী দিশ (Side effect of Henna Plant)

জেতুকা (Henna) পাতৰ ৰস সেৱনৰ সময়ত চিকিৎসকৰ পৰামৰ্শ তথা বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা তৈয়াৰীহে গ্ৰহণ কৰিব লাগে। অন্যথা পেটৰ বিষ, মাংশপেশী সংকোচন, কিডনিত অসুখ তথা ৰঙা ৰক্ত কণিকা (Red Blood Cells) ওপৰত সংক্ৰমণ কৰিব পাৰে।

জেতুকা (Henna) ছালত প্ৰয়োগ কৰিলে এলাৰ্জী থকা মানুহৰ দেহত এলাৰ্জীক ক্ৰিয়া (Allergic Reaction) হ’ব পাৰে। যাৰ ফলত দেহৰ ছাল জলাপোৰা, ৰঙা দাগ পৰা,ফুলি উঠা ইত্যাদি উপসৰ্গৱ দেখা দিব পাৰে।

গৰ্ভৱতী মহিলাই জেতুকাৰ ৰস সেৱন কৰাৰ পৰা আঁতৰত থাকিব লাগে।

০ জেতুকাত পাতত পি ফেনালিনমিদিন (P-Phenylenediamine) নামৰ উপাদান কম পৰিমানে থাকে। জেতুকাৰ পাতৰ ৰস দীৰ্ঘদিন তথা কোনো পৰিমান নোহোৱাকৈ গ্ৰহণ কৰি থাকিলে পি ফেনালিনমিদিন (P-Phenylenediamine) নামৰ এই ৰাসায়নিক পদাৰ্থই দেহত খজুৱতি (Dermatitis), চকু জলাপোৰা (Eye Irritation), আস্থামা (Asthma) , গেছট্ৰিক (Gastric) ইত্যাদি বেমাৰ সৃষ্টি কৰিব পাৰে।

সামৰণি

জেতুকা (Henna) ৰ প্ৰয়োগ আমাৰ সমাজত পৰম্পৰাগত ভাৱে চলি আহিছে। কেৱল বিহুৰ উপলক্ষতে নহয় আনকি আন বহু সামাজিক নীতি-নিয়ম, বেমাৰৰ নিৰাময়ৰ ক্ষেত্ৰত জেতুকাৰ ঔষধি গুণ বোৰ পৰিলক্ষিত হোৱা দেখা যায়। সম্প্ৰতি বজাৰ ব্যৱস্থাত জেতুকাৰ দ্বাৰা তৈয়াৰী সামগ্ৰী যেনে হেনা হেয়াৰ ডাই (Henna Hair Dye), মেহেন্দী (Mehendi), হেনা পাউদাৰ (Henna Powder) ইত্যাদিৰ চাহিদা তথা মূল্যও অধিক। গতিকে আমাৰ হাবি বাৰীত পোৱা এই জেতুকাৰ ব্যৱসায়িক ৰূপ দিব পাৰিলে নিশ্চয়কৈ আগন্তক সময়ত অসমৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিব পাৰিব।

Chinmoy Munda

Leave a Reply