11+ মাটি কাঁদুৰিৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Sessile Joyweed

মাটি কাঁদুৰিৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits and uses of Sessile Joyweed/Alternanthera Sessilis In Assamese

চমু পৰিচয়

পৃথিৱীৰ ২, ৫০,০০০ বিধ উচ্চ উদ্ভিদেৰে ভৰপূৰ আৰু এই উদ্ভিদ সমূহৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধি গুণেৰে পৰিপুষ্ট। পৃথিৱীৰ এই ঔষধি জাতীয় উদ্ভিদবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতে প্ৰতিষ্ঠিত। এনে এবিধ বনৌষধী গুণেৰে পৰিপুষ্ট ভেষজ উদ্ভিদ হ’ল মাটি কাঁদুৰি ( Sessile Joyweed)। অতীজৰে পৰা মাটি কাঁদুৰিৰ উপকাৰিতা সমূহৰ বাবে ইয়াক বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি অহা হৈছে। 

মাটি কাঁদুৰিৰ উপকাৰিতা আৰু ব্যৱহাৰ - Benefits of Sessile Joyweed
মাটি কাঁদুৰি

মাটি কাঁদুৰি কি ? (What is Sessile Joyweed?)

মাটি কাঁদুৰি ( Sessile Joyweed)  হ’ল এবিধ ঔষধি গুণেৰে পৰিপুষ্ট তৃণ জাতীয় শাক। এইবিধ শাক লতাজাতীয়। মাটি কাঁদুৰি  উদ্ভিদ বিধ চোতালত, খেতিপথাৰ, পুখুৰী পাৰত, ঘৰৰ পিৰালি, ৰাস্তাৰ কাষত, বাগিচা, নদী কাষৰীয়া অঞ্চল আৰু চেচুঁক  ঠাইবোৰত গজে। 

দেখাত কেনেকুৱা?

মাটি কাঁদুৰি ( Sessile Joyweed) উদ্ভিদ বিধৰ উচ্চতা ০.৪ – ১.৪ মিটাৰ। মাটি কাঁদুৰি উদ্ভিদ বিধৰ পাত সৰল, বিপৰীত, বৃত্তহীন ২.৫ – ৭.৫ ছেণ্টিমিটাৰ দীঘল আৰু সেউজীয়া বৰণৰ। ইয়াৰ কাণ্ডবোৰ বহুতো শাখাযুক্ত। ইয়াৰ শিপাবোৰ ০.১ -০.৬ ছেণ্টিমিটাৰ আৰু মাখন বৰণৰ। মাটি কাঁদুৰি  উদ্ভিদ বিধৰ ফুল সমূহ অতি সূক্ষ্ম শ্ৰেত বগা আৰু পাতল গুলপীয়া বৰণৰ। এই ফুলসমূহৰ গোন্ধ  মাছৰ গোন্ধ সদৃশ।  মাটি কাঁদুৰি উদ্ভিদৰ ফলবোৰ সূক্ষ্ম।

Read Also: 13 জালুকৰ উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰ – Benefits of Black Pepper

ঔষধীয় গুণা-গুণ (Medicinal Qualities)

মাটি কাঁদুৰি ( Sessile Joyweed) উদ্ভিদৰ কেৱল পাতবোৰ নহয় ইয়াৰ শিপা, কাণ্ড, ফুল সকলোবোৰ বিভিন্ন ঔষধি গুণেৰে গঠিত। ইয়াৰ কুমলীয়া পাতবোৰ এণ্টি  ভেঁকুৰ (Anti fungal),  এণ্টি বেক্টেৰিয়াৰ (Anti bacteria ) গুণা-গুণ  থাকে। পাতবোৰে আঘাত/ক্ষত ভাল কৰে আৰু শৰীৰত এচিডিটি ( Acidity ) স্তৰ হ্ৰাস কৰে। দৈনিক আহাৰৰ লগত     মাটি কাঁদুৰিৰ  অন্তৰ্ভুক্তিকৰণে ইয়াৰ উপকাৰিতা সমূহ শৰীৰত অৰ্জন কৰাত সহায় কৰে।

মাটি কাঁদুৰিত  নিহিত হৈ থকা মূল উপাদান সমূহ (Main Constituent of Sessilis Joyweed / Alternanthera)

  • Hydrocarbons
  • Cycloecucalenol 
  • Enencycloartanol 
  • Stigmasterol 
  • Campesterol 
  • Sitosterol 
  • Spinasterol 
  • Oleanolic acid  rhamnoside
  • 24 – methylene cycloartenol 
  • Cycloecucalenol 
  • Lupeol 
  • Palmitate 
  • Nonacosane 
  • 16 – Hentriacontane 
  • Hadiano 

মাটি কাঁদুৰিৰ অনান্য নাম সমূহ (Sessilis Joyweed/Alternanthera Other Names) 

  • হিন্দী ভাষাত : Goudari sak 
  • সংস্কৃত ভাষাত : Minakshi 
  • তামিল ভাষাত : Ponnanganni 
  • তেলেগু ভাষাত : Ponnaganti aaku 
  • সিংহলী ভাষাত : Mukunuwenna 
  • কান্নাড়া ভাষাত : Honagone 
  • উৰিয়া ভাষাত : Mada ranga 
  • গুজৰাটী ভাষাত : Pano bhaju 
  • বাংলা ভাষাত : Sanchi 
  • মণিপুৰী ভাষাত : Fhakchet 
  • মাৰাঠী ভাষাত : kanchari 
  • মালায়ালম ভাষাত : Ponnankannikkira 
  • নেপালী ভাষাত : Bhiringi jhaar 

মাটি কাঁদুৰিৰ বৈজ্ঞানিক শ্ৰেণবিভাজন (Scientific classification of Sessilis Joyweed/Alternanthera Sessilis)

  • জগৎ / ৰাজ্য (kingdom) : Plantae 
  • অশ্ৰেণীকৃত (Clade) : Tracheophytes 
  • অশ্ৰেণীকৃত (Clade) : Angiosperms 
  • অশ্ৰেণীকৃত (Clade) : Eudicots 
  • বৰ্গ (Order) : Caryophyllales 
  • পৰিয়াল (Family) : Amaranthaceae 
  • গণ (Genus) : Alternanthera 
  • প্ৰজাতি (Species) : A. Sessilis 
  • বৈজ্ঞানিক নাম (Scientific Name)  : Alternanthera Sessilis

Read Also: 20+ আদাৰ স্বাস্থ্যজনিত উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰ – Benefits of Ginger

মাটি কাঁদুৰিৰ উপকাৰিতা আৰু ব্যৱহাৰ (Benefits of Sessilis joyweed/Alternanthera)

. বন্ধ্যাত্ব  নিৰাময় কৰে (Cures Infertility)  

দৈনিক আহাৰত মাটি কাঁদুৰি ( Sessile Joyweed) পাতবোৰ অন্তৰ্ভুক্ত কৰিলে ই গনেৰোহিয়া (Gonorrhea ) স্থিতি নিৰাময় কৰে। মাটি কাঁদুৰিয়ে পুৰুষৰ বন্ধ্যাত্ব আৰোগ্য কৰিব পাৰে। মাটি কাঁদুৰিয়ে  ডায়েবেটিছ (diabetes) থকা লোকসকলৰ তেজত শৰ্কৰাৰ স্তৰ বজাই ৰাখিবলৈ শক্তি প্ৰদান কৰে। 

. কৰ্কট ৰোগৰ প্ৰতিৰোধক (Prevent Cancer)

মাটি কাঁদুৰি ( Sessile Joyweed) কৰ্কট (Cancer) ৰোগৰ প্ৰতিষেধক। ই তেজৰ সৈতে মিশ্ৰিত হয় আৰু বিষাক্ত পদাৰ্থ সমূহ আঁতৰ কৰে আৰু আমাক কৰ্কট ৰোগৰ পৰা প্ৰতিৰোধ কৰে। মাটি কাঁদুৰিয়ে বীজাণু ধ্বংস কৰা আৰু শৰীৰৰ ঘাঁ বোৰক নিৰাময় কৰে

. নিশাৰ অন্ধত / কুকুৰীকণাৰ বাবে উৎকৃষ্ট (Great for Night Blindness)  

মাটি কাঁদুৰি ( Sessile Joyweed)  নিশাৰ অন্ধত্ব (Night Blindness)ত ভুগি থকা ৰোগীসকলৰ দৃষ্টি শক্তি উন্নত কৰাৰ সৰ্বাধিক ক্ষমতা আছে।  নিৰন্তৰ ভাৱে মাটি কাঁদুৰি কেঁচা ফুল সেৱন কৰিলে ৰোগীসকলে চকুৰ পাৰ্থক্য সামান্য অনুভৱ কৰিব। মাটি কাঁদুৰিয়ে শৰীৰ শীতল কৰে, মাংস-পেশী শক্তিশালী কৰে আৰু দৃষ্টি শক্তি উন্নত কৰে আৰু মাটি কাঁদুৰি চকু ৰোগৰ বাবে উৎকৃষ্ট ঔষধ হিচাপে কাৰ্য কৰে। 

. স্নায়ুতন্ত্ৰ  নিয়ন্ত্ৰণ কৰে (Regulates Nervous Systems) 

 মাটি কাঁদুৰি ( Sessile Joyweed)  টোপনিৰ স্থিতি উন্নত কৰিব পাৰে। মাটি কাঁদুৰিয়ে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ (central nervous system) নিয়ন্ত্ৰণ কৰিব পাৰে। মাটি কাঁদুৰিয়ে স্নায়ু সম্পৰ্কীয় বহুতো ৰোগ নিৰাময় কৰে। 

. পাইলছ ৰোগ নিৰাময় কৰে (Cures Piles) 

পাইলছ (Piles) ৰোগত ভুগি থকা ৰোগীসকলে ৰোগৰ স্থিতি সম্পূৰ্ণ শেষ কৰিবলৈ  মাটি কাঁদুৰিৰ সৈতে নহৰু আৰু জালুক মিহলাই চুপ বনাই সেৱন কৰিব লাগে। ২৫ গ্ৰাম  মাটি কাঁদুৰিৰ ৰস আৰু সমান পৰিমাণৰ গাজৰৰ ৰস মিহলাই তাত সামান্য নিমখ দি সেৱন কৰিলে ই পাইলছ (piles) ৰোগ আৰোগ্য কৰাত সহায় কৰে।

. শৰীৰৰ তাপ হ্ৰাস কৰে (Reduces Body Heat) 

শৰীৰৰ তাপ (body heat) হ্ৰাস কৰাৰ ক্ষেত্ৰতো মাটি কাঁদুৰি উপকাৰিতা লক্ষ কৰা যায়। তিল তেলৰ সৈতে সম পৰিমাণৰ  মাটি কাঁদুৰি  ৰস আৰু ২০ গ্ৰাম যষ্টিমধু (licorice), ভেটফুল (Water lily) আৰু জিৰা গুটি (cumin seed) এই সকলোবোৰ পিচি গৰুৰ গাখীৰত মিহলাই কম জুইত উতলাই ফিল্টাৰ কৰা হয়। এই ফিল্টাৰটো চাৰি দিনৰ পিছত চুলিত প্ৰয়োগ কৰক আৰু ইয়াক ধুই দিয়ক এই চিকিৎসাই শৰীৰৰ তাপ (body heat)  হ্ৰাস কৰিবলৈ ঔষধ হিচাপে কাম কৰিব আৰু চুলি গজাবলৈ উন্নত কৰিব, আভ্যন্তৰীণ জ্বৰ (internal fever), শৰীৰ বিষ (body pain) ভৰিৰ বিষ (legs pain), মূৰৰ বিষ (headache), চকুৰ জ্বলাপোৰা (eyes irritation)  আৰু পেট বিষ (stomach pain) কম কৰে। 

.প্ৰস্বাৱৰ সময়ত জ্বলাপোৰা (Irritation During Urinating)  

মাটি কাঁদুৰি ( Sessile Joyweed) প্ৰস্বাৱৰ সময়ত হোৱা জ্বলাপোৰা নিৰাময় কৰে। ২ লিটাৰ মহৰ গাখীৰৰ পৰা মাখন গাখীৰ আহৰণ কৰি তাত  মাটি কাঁদুৰিৰ শিপা মিহলি কৰি সেৱন কৰিলে প্ৰস্বাৱৰ সময়ত হোৱা বিৰক্তি নিৰাময় কৰে। 

. জণ্ডিছ নিৰাময় কৰে (Cures Jaundice)

জণ্ডিছ ৰোগত মাটি কাঁদুৰি ( Sessile Joyweed) উপকাৰী।  মাটি কাঁদুৰিৰ পাত পিচি ২০ মিলিমিটাৰ ৰস ব্ৰাউন চুগাৰ সৈতে উতলাই গৰু গাখীৰৰ সৈতে মিহলাই একোটা নিৰ্দিষ্ট সময়ত সেৱন কৰিলে জণ্ডিছ ৰোগ ( jaundice disease ) নিৰাময়ত সহায় কৰে । Nuturopatic চিকিৎসক সকলে বুকুৰ ঠাণ্ডা (chest cold), হেপাটাইটিছ (hepatitis), হাঁপানি (asthma), যকৃৎ ৰোগ (liver disease) নিৰাময়ৰ বাবে তেওঁলোকৰ ঔষধি সূত্ৰত মাটি কাঁদুৰি অন্তৰ্ভুক্ত কৰে। 

. চুলিৰ বিকাশ (Hair Growth) 

চুলিৰ বিকাশৰ বাবেও মাটি কাঁদুৰিৰ উপকাৰিতা দেখা যায়। সম পৰিমাণৰ মাটি কাঁদুৰি ৰসৰ সৈতে ভৃংগৰাজ ৰস তিল তেলত উতলাই ঠাণ্ডা কৰি পাত্ৰত ৰাখিব চকুৰ জ্বলাপোৰাৰ বাবে আৰু চুলিৰ বৃদ্ধিৰ বাবে ইয়াক প্ৰয়োগ কৰিব। 

১০. ওজন হ্ৰাস কৰাত সহায় কৰে (Help in Weight Loss) 

মাটি কাঁদুৰি ( Sessile Joyweed)  জালুকৰ সৈতে ভাতৰ লগত সেৱন কৰিলে শৰীৰৰ ওজন হ্ৰাস পায়। শৰীৰৰ ওজন বৃদ্ধি কৰিবলৈ হ’লে মাটি কাঁদুৰি ঘিঁউ দিয়া দাইলৰ সৈতে খাব লাগে। 

১১. স্বাস্থ্যৰ অৱস্থা উন্নত কৰে (Improves Health Condition) 

মাটি কাঁদুৰি ( Sessile Joyweed) শৰীৰৰ তাপ (body temperature), চকুত জ্বলা – পোৰা (irritation in eyes), বিষ (pain), বগাস্ৰাৱ  (white discharge), যকৃৎ ৰোগ (liver disease) আৰু মূৰৰ বিষ (headache)  নিৰাময় তথা প্ৰতিৰোধ কৰাত সহায় কৰে। মাটি কাঁদুৰিৰ পাতবোৰে স্তন্যপান কৰাই থকা মহিলা সকলৰ দেহত গাখীৰৰ উৎপাদন বৃদ্ধি কৰে।

Read Also: ক’লা জিৰাৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Black Cumin

*যদিও এই ঔষধি ভেষজ উদ্ভিদ বিধ বহু ৰোগৰ বাবে উপকাৰী তথাপিও ইয়াক চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰা উচিত 

মাটি কাঁদুৰি কিদৰে ব্যৱহাৰ কৰিব ? (How to use Sessile Joyweed)

মাটি কাঁদুৰি ( Sessile Joyweed)  বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি। ইয়াক ব্যঞ্জন হিচাপে , ঔষধ হিচাপে , ৰস , তেল  আৰু বিভিন্ন সামগ্ৰীৰ সৈতে মিহলাই ব্যৱহাৰ কৰিব পাৰি। মাটি কাঁদুৰিৰ আন কিছুমান ব্যৱহাৰ হ’ল – 

  • মাটি কাঁদুৰিৰ ব্যঞ্জন তৈয়াৰ কৰি আৰু আন শাকৰ সৈতে মিহলাই ব্যঞ্জন হিচাপে খাব পাৰি। মাটি কাঁদুৰি পাত আৰু কুমলীয়া গুটিবোৰ দক্ষিণ পূব এছিয়াৰ কিছুমান অঞ্চলত পাচলি হিচাপে খোৱা হয়। মাটি কাঁদুৰি পাত, ফুল আৰু কোমল কাণ্ডবোৰ কৰ্ণাটক, অন্ধা প্ৰদেশ, তামিলাডুত পাচলি হিচাপে খোৱা হয়।
  • মাটি কাঁদুৰি  ছালৰ সংক্ৰমণ (Skin Infections) চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।
  • মাটি কাঁদুৰি Gastrointestinal সমস্যাৰ চিকিৎসাৰ বাবে ভাৰত আৰু শ্ৰী লংকাত  ব্যৱহাৰ কৰা হয়। 
  • মাটি কাঁদুৰি হেপাটাইটছ ( hepatitis ), ব্ৰংকাইটিছ ( bronchitis ) আৰু হাঁপানি (asthma ) ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। 
  • মাটি কাঁদুৰিৰ পাত বোৰ উতলাই উচ্চ হতাশাৰ (High Depression) চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। 
  • প্রস্বাৱত বগা স্ৰাৱৰ (White Discharge) সমস্যাৰ নিৰাময়  বাবে  মাটি কাঁদুৰি ৰস সেৱন কৰা হয়। 
  • মাটি কাঁদুৰি Dysuria আৰু Hemorrhoids ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।
  • সাপৰ কামোৰত (Snake Bite) মাটি কাঁদুৰি পাউদাৰ বাহ্যিক ভাৱে প্ৰয়োগ কৰা হয়। 
  • মাটি কাঁদুৰি চালাড, চুপত ব্যৱহাৰ কৰা হয়।

মাটি কাঁদুৰিৰ অপকাৰীতা (Side effects of Sessilis Joyweed)

বনৌষধি ভেষজ উদ্ভিদ ৰূপে মাটি মাটি কাঁদুৰি ( Sessile Joyweed) মানৱ দেহত কোনো ধৰণৰ অপকাৰীতা বৈজ্ঞানিক ভাৱে প্ৰমাণিত হোৱা নাই, তথাপিও ইয়াৰ অতি মাত্ৰা উপয়োগ কিছু ৰোগৰ বাবে ক্ষতিকাৰক হ’বও পাৰে। অৱশ্যে, মাটি কাঁদুৰিৰ নিজা স্থানীয় পৰিসৰৰ বাহিৰত তথা অতিৰিক্ত মাত্ৰাত কৰা ব্যৱহাৰে  দেহত অক্ৰমণাত্মক প্ৰতিক্ৰিয়া দেখুৱাবও পাৰে। সেয়হে, ইয়াৰ ব্যবহাৰৰ ভাৰসাম্যতা বজাই ৰখাতো উচিত।

সামৰণি

উক্ত প্ৰবন্ধটিৰ দ্বাৰা আপোনি মাটি কাঁদুৰি ( Sessile Joyweed)  এক সাধাৰণ পৰিচয়ৰ পৰা আৰম্ভ কৰি মাটি কাঁদুৰিৰ উপকাৰিতা আৰু অপকাৰিতাৰ লগতে এই ভেষজবিধৰ বৈজ্ঞানিক নাম, নিহিত হৈ থকা পুষ্টিকৰ উপাদান, ইয়াৰ ব্যবহাৰ, আদিৰ বিষয়েও জানিবলৈ পাৰিলে। আশা কৰো এই প্ৰবন্ধটিয়ে আপোনাক বিভিন্ন ধৰণে উপকাৰ সাধিব। ধন্যবাদ !

Author: Mahezubin Saikia

Leave a Reply