কূটজ দূধকৰি উদ্ভিদ – ঔষধীয় গুণাগুণ, ব্যৱহাৰ আৰু অপকাৰীতা

কূটজ দূধকৰি উদ্ভিদ -উপকাৰিতা, ঔষধীয় গুণাগুণ , অপকাৰীতা আৰু ব্যৱহাৰ – Benefits and uses of Kurchi/Holahrrhena Antidysenterica

চমু পৰিচয়

পৃথিৱী ২,৫০,০০০ উচ্চ উদ্ভিদেৰে ভৰপূৰ আৰু এই উদ্ভিদ সমূহৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধি গুণেৰে পৰিপুষ্ট। পৃথিৱীৰ এই ঔষধি জাতীয় উদ্ভিদবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতেই প্ৰতিষ্ঠিত। এনে এবিধ উৎকৃষ্ট বনৌষধি ভেষজ উদ্ভিদ হৈছে কূটজ দূধকৰি (Kurchi/Holahrrhena Antidysenterica). প্ৰাচীন কালৰে পৰা পৰম্পৰাগতভাৱে এই উদ্ভিদক বিভিন্ন ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি অহা হৈছে।

কূটজ দূধকৰি কি? (What is Kurchi)

কূটজ দূধকৰি হৈছে এবিধ উত্তম ঔষধি ভেষজ। ই এবিধ পৰ্ণপাতী উদ্ভিদ। এই উদ্ভিদ বিধ W.Antidysenterica  প্ৰজাতিৰ আৰু Apocynaceae পৰিয়ালৰ অন্তৰ্গত। এই ঔষধি জাতীয় উদ্ভিদ বিধ এছিয়া আৰু আফ্ৰিকাৰ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত পোৱা যায়। কূটজ দূধকৰি উদ্ভিদ বিধ ভাৰতত প্ৰচুৰ পৰিমাণে পোৱা যায়, বিশেষকৈ হিমালয় পৰিসৰত। কূটজ দূধকৰি উদ্ভিদ বিধ অসমৰো প্ৰায়বোৰ ঠাইত পোৱা যায়। কূটজ দূধকৰি উদ্ভিদ বিধৰ ব্যৱহাৰ পৰম্পৰাগত আয়ুৰ্বেদিক সাহিত্য আৰু বহুতো লোক-কাহিনীত দাবীৰ দ্বাৰা উল্লেখ কৰা হৈছে। কূটজ দূধকৰি উদ্ভিদ বিধৰ অত্যাধিক অৰ্থনৈতিক গুৰুত্বপূৰ্ণতা আছে। এই ভেষজ উদ্ভিদ বিধ বৃহৎ পৰিমাণে ৰপ্তানি কৰা হয়।

কূটজ দূধকৰি উদ্ভিদ
কূটজ দূধকৰি উদ্ভিদ

ভাৰত উৰিষ্যা ৰাজ্যত নাবান্না (Nabanna) উৎসৱৰ সময়ত মানুহে চাউলৰ সৈতে কূটজ দূধকৰি উদ্ভিদৰ পাত আগবঢ়ায়। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ (Mirzapur) আৰু বাৰাণসী (Baranasi) জিলাত গেষ্ট্ৰিক সমস্যাৰ বাবে  কূটজ দূধকৰি উদ্ভিদ বিধ ব্যৱহাৰ কৰা হয়। অন্ধ্ৰপ্ৰদেশৰ  নাল্লামালা জিলাৰ জনজাতি সকলে ছালৰ ৰোগৰ বাবে কূটজ দূধকৰি উদ্ভিদৰ কাণ্ডৰ বাকলি ব্যৱহাৰ কৰে। অসমৰ বড়ো  জনজাতি সকলে এই উদ্ভিদক পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ কৰে।

আকাৰ আৰু প্ৰকৃতি

কূটজ দূধকৰি পৰ্ণপাতী , মধ্যমীয়া জোপোহা গছ। কূটজ দূধকৰি  গছৰ উচ্চতা প্ৰায় ৩০-৪০ ফুট। কূটজ দূধকৰি  ফলত Latex (গাখীৰৰ দৰে এক জুলীয়া পদাৰ্থ) থাকে। পাতবোৰ ৭-২৫ ছেণ্টিমিটাৰ দীঘল আৰু ৩-১০ ছেণ্টিমিটাৰ বহল, সৰল, ডাঙৰ, আয়তকৰ, বিপৰীত সজ্জিত, ডিম্বাকৃতিৰ আৰু মসৃণ বা লোমযুক্ত। কূটজ দূধকৰি উদ্ভিদৰ কাণ্ডৰ বাকলি ধূসৰ – মুগা আৰু খহটা। ফুলবোৰ সৰু সৰু, বগা বৰণৰ, পুষ্পবিন্যাস কোৰিম্বোজ ছাইম। পাহিবোৰ চেলভাৰ আকৃতিৰ। ফলবোৰ ২০-৪০ দীঘল ১ ছেণ্টিমিটাৰ মান বহল, সামান্য  ব্ৰকা উলমি থাকে। কূটজ দূধকৰি উদ্ভিদৰ ৰসৰ সোৱাদ তিতা।

ঔষধীয় গুণাগুণ

কূটজ দূধকৰি উদ্ভিদ উনানি ঔষধৰ প্ৰণালী আৰু আয়ুৰ্বেদিক ঔষধৰ প্ৰণালীৰ এক অতি গুৰুত্বপূৰ্ণ ভেষজ ঔষধ। এই ভেষজ উদ্ভিদ বিধ বিভিন্ন সংক্ৰামক ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হৈছিল বিশেষকৈ Staphylococcus aureus, Endamoebahistolytic আৰু Eseherichiacoli। কূটজ দূধকৰি উদ্ভিদৰ বীজবোৰ মুখ্যতঃ ডায়েবেটিছ ৰোগৰ প্ৰতিকাৰক হিচাপে ব্যৱহাৰ কৰা হয়। কূটজ দূধকৰি  কেবাটাও ঔষধ প্ৰণালীৰ এক আংশ, যত আমাশয় (Dysentery), ডায়েৰিয়াৰ (Diarrhea) চিকিৎসাত ব্যৱহাৰ কৰা হৈছে। ৰক্তহিনতা (Anaemia),  মৃগী ৰোগ (Epilepsy),  কলেৰা (Cholera) দৰে বিভিন্ন ৰোগত ভাৰতৰ কেইবাটাও জনজাতিয়ে কূটজ দূধকৰি ভেষজ বিধ ব্যৱহাৰ কৰে। আয়ুৰ্বেদ আৰু উনানী ঔষধ প্ৰণালীত এই ভেষজ বিধক এণ্টিহিলমিণ্টিক, ডায়েৰিয়া আৰু ছালৰ ৰোগত ব্যৱহাৰ কৰা হয়।

অৰ্থনৈতিক গুৰুত্ব (Economic Importance)

কূটজ দূধকৰিৰ আমেৰিকা যুক্তৰাষ্ট্ৰ (USA)  হৈছে সৰ্ববৃহৎ ক্ৰেতা যাৰ মূল্য 16440 আমেৰিকান ডলাৰ আৰু তাৰ পিছত কানাডা (Canada) আৰু ছিংগাপুৰ (Singapore) যিয়ে 2014-2016 বৰ্ষত ক্ৰমান্বয়ে 961 আমেৰিকান ডলাৰ মূল্যৰ কূটজ দূধকৰি  আমদানি কৰিছিল। ভাৰতে এই সময়ছোৱাত 3382 আমেৰিকান ডলাৰ কূটজ দূধকৰি ৰপ্তানি কৰিছিল।

Read Also: আভাকাডো – স্বাস্থ্যৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Avocado

কূটজ দূধকৰি উদ্ভিদত ঔষধি গুণ (Medical Properties of Kurchi/Holahrrhena Antidysenterica)

কূটজ দূধকৰি উদ্ভিদত তলত উল্লেখ কৰা ধৰণে শৰীৰৰ বাবে পুষ্টিকৰ- 

  • Antidysenteric
  • Antidiarrheal
  • Antibacterial
  • Anthelmintic
  • Detoxifiers
  • Astringent
  • Anti-haemorrhoid
  • Ant amoebic
  • Haemostatic
  • Blood purifier
কূটজ দূধকৰি উদ্ভিদত  পোৱা ৰাসায়নিক যৌগসমূহ (Chemical Compound in Kurchi/ Holarrhena Antidysenterica)
  • Coumarin
  • Ergosterol
  • Flavonoids
  • Phenolic acids
  • Resins
  • Saponins
  • Tannins
  • Triterpenoids
কূটজ দূধকৰি  উদ্ভিদৰ অন্য ভাষিক নাম সমূহ হৈছে (Other Names of Kurchi/ Holarrhena Antidysenterica)
  • সংস্কৃত ভাষাত : Kutaja, Girimallikaa, kaaljanga, Kalingaka, Indira Vriksha, Shakra vatsa, Vatsaka 
  • ইংৰাজী ভাষাত : Kurchi, Conessi tree, Conessi bark 
  • হিন্দী ভাষাত : Kud, Kudaiya
  • পাঞ্জাৱী ভাষাত : Kenara
  • তেলেগু ভাষাত : Kodisepala, Kodaga
  • তামিল ভাষাত : Veppalai 
  • বাংলা ভাষাত : Korachi, Kurachi
  • মাৰাঠী ভাষাত : kuda
  • গুজৰাটী ভাষাত : Kudo 
  • কান্নাড়া ভাষাত : Korachi 
  • মালায়ালম ভাষাত : Kodagapala
  • উৰিয়া ভাষাত : kurei, karuah
কূটজ দূধকৰি  উদ্ভিদৰ জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন (Scientific Classification of Kurchi/Holarrhena Antidysenterica)
  • জগৎ/ৰাজ্য (Kingdom) : Plantae
  • অশ্ৰেনিকৃত (Clade) : Tracheophytes
  • অশ্ৰেনিকৃত (Clade) : Angiosperms
  • অশ্ৰেনিকৃত (Clade) : Eudicots
  • অশ্ৰেনিকৃত (Clade) :  Asterids
  • বৰ্গ (Order): Gentianales 
  • পৰিয়াল (Family) : Apocynaceae
  • গণ (Genus): Wrightia 
  • প্ৰজাতি (Species) : W. Antidysenterica
  • বৈজ্ঞানিক নাম (Scientific name) : Wrightia Antidysenterica

কূটজ দূধকৰি  উদ্ভিদৰ উপকাৰিতা আৰু ব্যৱহাৰ (Benefits and Uses of Kurchi)

১. ডায়েৰিয়া বিৰোধী গুণাগুণ (Anti-diarrheal Properties)

কূটজ দূধকৰি উদ্ভিদৰ এণ্টিডিচেণ্টেৰিক (Antidysenteric) আৰু ডায়েৰিয়া প্ৰতিৰোধী (Anti-diarrheal) আৰু এণ্টি এমিবিক (Anti-amoebic,) গুণাগুণ আছে। আয়ুৰ্বেদত ইয়াক এমিবিক আমাশয় (Amoebic Dysentery) আৰু ডায়েৰিয়া (Diarrheal) চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। চিকিৎসকীয় উদ্দেশ্যৰ বাবে কূটজ দূধকৰি  উদ্ভিদৰ বীজ আৰু বাকলি ব্যৱহাৰ কৰা হয়। কূটজ দূধকৰিৰ বীজ আৰু বাকলি দুয়োটাৰে বেক্টেৰিয়া ৰোধী (Anti-bacterial) আৰু ডায়েৰিয়া ৰোধী (Anti-diarrheal) প্ৰভাৱ আছে।

. বৃক্কৰ পাথৰ (kidney stones) 

কূটজ দূধকৰি ভেষজ বৃক্কৰ পাথৰ চিকিৎসাৰ বাবে উপকাৰী। কূটজ দূধকৰি উদ্ভিদৰ এণ্টিইৰোলিথিক (Antiurolithic) কাৰ্য আছে। ই সম্ভৱতঃ বৃক্কত Calcium oxalate crystals একত্ৰিত হোৱাত বাধা দিয়ে। কূটজ দূধকৰি ভেষজত বৃক্কৰ পাথৰ আৰু প্ৰতিৰোধত ভূমিকা পালন কৰিব পাৰে। 

ব্যৱহাৰ – বৃক্কৰ পাথৰ উপশম কৰাৰ বাবে কূটজ দূধকৰিৰ বীজ ব্যৱহাৰ কৰা হয়। পাথৰ আঁতৰোৱাৰ বাবে কূটজ দূধকৰিৰ বীজ পাউডাৰ (১.৫ গ্ৰাম) আৰু নিশ্বথ পাউডাৰ মাখন গাখীৰৰ (buttermilk) সৈতে সেৱন কৰা হয়।

৩. প্ৰস্বাৱৰ অসুবিধা (Difficulty While Urinating) 

কূটজ দূধকৰিৰ গছৰ মূলৰ বাকলিয়ে প্ৰস্বাৱত হোৱা অসুবিধা যেনে জ্বলা – পোৰা আৰু প্ৰস্বাৱত হোৱা বিষ নিৰাময় বাবে উপকাৰী। প্ৰস্বাৱত হোৱা বিষ উপশম কৰে আৰু জ্বলা – পোৰা হ্ৰাস কৰে আৰু সঠিক প্ৰস্বাৱ উদ্দিপিত কৰে।

৪.  অত্যাধিক জৰায়ুৰ ৰক্তক্ষৰণ (Excessive Uterine bleeding) 

কূটজ দূধকৰি ভেষজৰ হিমোষ্টেটিক (Haemostatic) কাৰ্যই জৰায়ুৰ ৰক্তক্ষৰণ (uterine bleeding) হ্ৰাস কৰাত সহায় কৰে। অৱশ্য এই অৱস্থাত ইয়াক অকল ব্যৱহাৰ কৰা নহয়। কূটাজাভেলেহা (Kutajavaleha) আদি ইয়াৰ আয়ুৰ্বেদিক ফৰ্মুলেচনবোৰ অধিক উপকাৰী।

৫.  পেটৰ টান আৰু বিষ (Abdominal charms or pain)

পেটৰ টান আৰু বিষৰ চিকিৎসাৰ বাবে কূটজ দূধকৰি  ভেষজ উপকাৰী। কূটজ দূধকৰিৰ বীজ পেটৰ টান আৰু বিষ নিৰাময় কৰিবলৈ ব্যৱহাৰ কৰা হয়।

৬. ৰক্তক্ষৰণ স্তূপ (Bleeding Piles)

কূটজ দূধকৰিৰ বাকলিৰ Haemostatic কাৰ্যই Haemorrhoids ৰ ৰক্তক্ষৰণ হ্ৰাস কৰে। 

ব্যৱহাৰ – ২৪০ মিলি লিটাৰ পানীত ১০ গ্ৰাম কূটজ দূধকৰিৰ বাকলি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা Decoction আৰু ৬০ মিলি লিটাৰ হ্ৰাস কৰি AltaVista Churna ( Aconitum Heterophyllum (500mg)) ৩-৭ দিনলৈকে দুবাৰকৈ  সেৱন কৰিব লাগে। 

৭. অন্তৰ কৃমি (Intestinal worms) 

অৱশ্য কূটজ দূধকৰি  কৃমিৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে অকলে ব্যৱহাৰ কৰা নহয়, কিন্তু অনান্য Anthelmintic প্ৰতিকাৰৰ সৈতে, ই অন্ত্ৰৰ কৃমিৰ বাবে উৎকৃষ্ট চিকিৎসা প্ৰদান কৰে। 

৮. জণ্ডিচ (Jaundice) 

বিলিৰুবিনৰ স্তৰ (Bilirubin level) স্বাভাৱিক কৰিবলৈ আৰু যকৃতৰ কাৰ্যকলাপ উদ্দীপিত কৰিবলৈ কূটজ দূধকৰি গছৰ নতুন কুমলীয়া পাতৰ ৰস খালি পেটত ৩-৭ দিনৰ বাবে সেৱন কৰিবলৈ দিয়া হয়। যিকোনো অন্তনিহিত কাৰণৰ জণ্ডিচৰ বাবে ই উৎকৃষ্ট চিকিৎসা। ই জণ্ডিচত হেপাটো – সুৰক্ষামূলক (Hepato-protective) আৰু লগতে নিৰাময়কাৰিৰ ভূমিকা পালন কৰে।

৯. ডায়েবেটিছৰ বাবে উপকাৰী (Beneficial for Diabetes)

কূটজ দূধকৰিৰ ডায়েবেটিছৰ ওপৰত উপকাৰী প্ৰভাৱ থকা দেখা গৈছে। কূটজ দূধকৰিৰ সেৱনে ৰক্ত শৰ্কৰাৰ স্তৰ, Serum cholesterol, Triglyceride , Aspartate transaminase, Alanine transaminase, Alkaline transferors, Urea, Creatinine আৰু Uric acid যথেষ্ট হ্ৰাস কৰিব পাৰে। 

সাধাৰণতে কূটজ দূধকৰিৰ কৰ্বোহাইড্ৰেট শোষণ প্ৰতিৰোধ ক্ষমতা আছে। উচ্চ স্তৰৰ Cur cumin ত Anti-P আৰু Hyper lipidaemia function থাকে। তদুপৰি ই Glycosylated haemoglobin হ্ৰাস কৰাত সহায় কৰে, যি প্ৰকাৰ ২ ডায়েবেটিছ (D2D) থকা ৰোগী সকলৰ বাবে উপকাৰী।

অনান্য উপকাৰিতা

  • দাঁতৰ বিষৰ বাবে কূটজ দূধকৰিৰ সতেজ পাত গুৰি কৰি ব্যৱহাৰ কৰা হয়।
  • চৰিচিচ (Psoriasis) আৰু ছালৰ অনান্য সমস্যাৰ চিকিৎসাত সিদ্ধ ঔষধত কূটজ দূধকৰি ব্যৱহাৰ কৰা হয়।
  • কূটজ দূধকৰি শৰীৰৰ বিষ আৰু তৃষ্ণা উপশম কৰাতো কাৰ্যকৰী।
  • কূটজ দূধকৰিৰ যিহেতু প্ৰদাহ – প্ৰতিৰোধী (Anti-inflammatory) আৰু এণ্টিমাইক্ৰোবাইল (Antimicrobial) গুণাগুণ আছে, ই শৰীৰৰ পৰা বেক্টেৰিয়া আঁতৰ কৰিব পাৰে আৰু শৰীৰক শক্তিশালী কৰি ৰাখিব পাৰে।
  • জ্বৰ (fever) নিৰাময় কৰিবলৈ কূটজ দূধকৰিৰ তিয়াই থোৱা শিপা আৰু পাত ব্যৱহাৰ কৰা হয়।
  • এটা অধ্যয়নে প্ৰমাণ কৰিছে যে কূটজ দূধকৰি মেলেৰিয়া (Malaria) চিকিৎসাৰ বাবে কাৰ্যকৰীভাৱে  কাম কৰিব পাৰে।
  • কূটজ দূধকৰিৰ  ৰোগ প্ৰতিৰোধ প্ৰণালীক উদ্দীপিত কৰে আৰু শৰীৰৰ কোষবোৰ শক্তিশালী কৰে। ক্ষতগ্ৰস্ত কোষবোৰ মেৰামতি কৰাত সহায় কৰে। 

Read Also: জলফাই তেলৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Olive Oil

যদিও কূটজ দূধকৰি উদ্ভিদ বিধ বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে উপকাৰী তথাপিও এই ভেষজ বিধ চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰা উচিত।

কূটজ দূধকৰি কিদৰে ব্যৱহাৰ কৰিব? (How to use Kurchi)

কূটজ দূধকৰি উদ্ভিদৰ বাকলি, পাত, কাণ্ড, শিপা, বীজ, ফুল আদি সকলো অংশ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। কূটজ দূধকৰি উদ্ভিদৰ পাতৰ ৰস, গুৰি, পাউডাৰ, পাতৰ পেষ্ট, ফুলৰ ৰস, শিপাৰ ৰস, কাৰ্হা (decoction), Infusion আদি ভিন্ন ৰোগৰ নিৰাময়ৰ বাবে ভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি। কূটজ দূধকৰি  তৈয়াৰী আয়ুৰ্বেদিক ঔষধ সমূহো ভিন্ন ধৰণৰ ৰোগৰ প্ৰতিকাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

কূটজ দূধকৰিৰ অপকাৰীতা (Side effects of Kurchi)

  • কূটজ দূধকৰিৰ তিতা সোৱাদৰ ফলত কিছুমান লোকৰ বমি বা ওকালি হ’ব পাৰে।
  • যদি কাৰোবাৰ ইয়াৰ সোৱাদৰ প্ৰতি এলাৰ্জী আছে তেন্তে ইয়াৰ সেৱন নকৰিব।
  • কূটজ দূধকৰিৰ আন এক পাৰ্শ্বক্ৰিয়া হৈছে অনিদ্ৰা।
  • এই কূটজ দূধকৰিৰ ভেষজৰ উচ্চ পালি ফলত উদ্বেগ হ’ব পাৰে।
  • যকৃত আৰু বৃক্কৰ সমস্যা থকা ৰোগী সকলে ইয়াক ব্যৱহাৰ কৰাৰ পৰা পৰিহাৰ কৰিব লাগে।

যিকোনো ভেষজ ঔষধি উদ্ভিদ সঠিক পৰিমাণত ব্যৱহাৰ কৰা উচিত কিয়নো যিকোনো ঔষধি উদ্ভিদৰ অত্যাধিক ব্যৱহাৰে আমাৰ কোনো কোনো ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষতি কৰিবও পাৰে। সেয়হে এই কূটজ দূধকৰিৰ উদ্ভিদৰ উপকাৰিতা সমূহলৈ লক্ষ্য কৰি ৰোগ নিৰাময় ক্ষেত্ৰত সঠিক মাত্ৰাত ইয়াৰ ব্যৱহাৰ কৰিব লাগে আৰু ইয়াৰ ব্যৱহাৰ কৰাৰ আগত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। 

সামৰণি

উক্ত প্ৰৱন্ধটিৰ দ্বাৰা আপোনালোকে নিশ্চয় কূটজ দূধকৰিৰ (Kurchi/Holarrhena Antidysenterica) ৰ সাম্যক পৰিচয় পালে। এই ভেষজ উদ্ভিদ বিধৰ মুখ্য উপাদান, উপকাৰ, ব্যৱহাৰ, অপকাৰ তথা অনান্য গুণাগুণৰ বিষয়ে জানিবলৈ পালে। আশা কৰো উক্ত প্ৰৱন্ধটিত উল্লেখ থকা তথ্য সমূহে আপোনালোকক বিভিন্ন সমস্যাত ভিন্ন ধৰণে উপকৃত কৰিব। ধন্যবাদ!

Author: Mahezubin Saikia

Leave a Reply