ঢেঁকীয়াৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Fiddlehead Fern

ঢেঁকীয়াৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits and uses of Fiddlehead Fern/Matteuccia struthiopteris/Ostrich Fern

চমু পৰিচয়

প্ৰাচীন কালৰে পৰা বিভিন্ন ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত ভিন্ন ধৰণৰ ঔষধি উদ্ভিদ পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ আহিছে। এই ঔষধি গুণেৰে সমৃদ্ধ উদ্ভিদ সমূহ আয়ুৰ্বেদিক চিকিৎসাতো বিশেষভাৱে ব্যৱহাৰ কৰা হয়। এনে এবিধ ভাৰতৰ লগতে অসমতো প্ৰচুৰ পৰিমাণে পোৱা ঔষধি গুণেৰে পৰিপুষ্ট উদ্ভিদ হৈছে ঢেঁকীয়া (Fiddlehead Fern) উদ্ভিদ বা শাক।

ঢেঁকীয়াৰ উপকাৰিতা আৰু ব্যৱহাৰ - Benefits of Fiddlehead Fern
ঢেঁকীয়া

ঢেঁকীয়া কি (What is Fiddlehead Fern)?

ঢেঁকীয়া (Fiddlehead Fern) হৈছে এবিধ ঔষধিযুক্ত ভেষজ বা শাক। ঢেকীয়া শাকক ইংৰাজীত Fiddlehead Fern বুলি কোৱা হয়। এইবিধ উদ্ভিদ হৈছে Onocleacea পৰিয়ালৰ অন্তৰ্গত উদ্ভিদ। এইবিধ এবিধ চিৰস্থায়ী উদ্ভিদ যি নাতিশীতোষ্ণ জলবায়ু আৰু নিষ্কাশিত মাটিত বিকশিত হয়। ঢেঁকীয়া ভেষজৰ বৈজ্ঞানিক নাম হৈছে- Matteuccia struthiopteris’। কানাডা (Canada) হৈছে সেই ৰাষ্ট্ৰ যাৰ ঢেঁকীয়া উদ্ভিদৰ খেতি কৰাৰ ইতিহাস আছে। এই বিধ শাক খাবলৈ স্বাদযুক্ত আৰু ঔষধি গুণেৰে সমৃদ্ধ। ঔষধি গুণেৰে সমৃদ্ধ হোৱা বাবে এই বিধ শাক বিভিন্ন ধৰণৰ ৰোগৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰা হয়।

ঢেঁকীয়া উদ্ভিদৰ ইতিহাস আৰু উৎপত্তি (History and origin of Fiddle head fern/Matteuccia struthiopteris)

বহু শতিকাৰ আগতে ফৰাচী বসতি স্থাপনকাৰী সকলে প্ৰথমে ঢেঁকীয়া (Fiddlehead Fern) উদ্ভিদক এক বিৰল সুস্বাদু খাদ্য হিচাপে চিনাক্ত কৰিছিল। কোৱা হয় যে তেওঁলোকে আমেৰিকান আৰু ভাৰতীয় সকলৰ পৰা ধাৰণাটো আহৰণ কৰিছিল। কানাডা এনেকুৱা এখন দেশ যিয়ে ঢেঁকীয়া উদ্ভিদ খেতি কৰাৰ এক দীঘলীয়া ইতিহাস ভাগ একে ধৰণৰ ইতিহাস ভাগ বতৰা কৰে। দৰাচলতে কানাডিয়ান সকলে এই উদ্ভিদ বিধৰ সৈতে ইমানেই সংলগ্ন আছিল যে তেওঁলোকৰ লজ আৰু নাওঁৰ বাবে ঢেঁকীয়াৰ থীম (Theme)ও আছিল।

মধ্য যুগৰ পৰাই এছিয়া, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া আৰু স্থানীয় আমেৰিকাৰ দৰে দেশত ঢেঁকীয়া উদ্ভিদক পৰম্পৰাগত আহাৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। 

Read Also: কেফেইন (Caffeine) – স্বাস্থ্যৰ বাবে উপকাৰিতা, সুৰক্ষা আৰু পাৰ্শ্বক্ৰিয়া

উদ্ভিদৰ বিৱৰণ (Plant Description)

ঢেঁকীয়া (Fiddlehead Fern) হৈছে পৰ্ণপাতী উদ্ভিদ যি ৫ ফুট মান দীঘল হয় য’ত কাণ্ডৰ কাষত ‘U’ আকৃতিৰ খাঁজ থাকে। পাতবোৰ পিননেট বা ইপনেট হয় যি সেউজীয়া বৰণৰ আৰু সাধাৰণতে ৪ ফুট দীঘল হয়। ডালৰ ব্যাস প্ৰায় ৪ চেণ্টিমিটাৰ আৰু উচ্চতা ১০-১২ চেণ্টিমিটাৰ হয়। ঢেঁকীয়া উদ্ভিদৰ বিভিন্ন প্ৰকাৰ আছে।

ঢেঁকীয়া শাক বা ভেষজৰ বহুতো স্বাস্থ্য সম্পৰ্কীয় লাভালাভ আছে। বিভিন্ন প্ৰদাহ, যকৃতৰ সংক্ৰমণ, চৰ্দি–কাহ আদিৰ পৰা আমাৰ শৰীৰক সুৰক্ষা দিয়াত ঢেঁকীয়াৰ উপকাৰিতা বোৰ প্ৰভাৱশালী। মাইকী ঢেঁকীয়া বিধৰ মূলৰ পৰা এক প্ৰকাৰৰ ঔষধ প্ৰস্তুত কৰা হয় যি সন্তান জন্ম দিয়াৰ সময়ত মহিলাৰ স্তনৰ বিষ নিৰাময় কৰাত কাৰ্যকৰী হয়। ই আমাৰ শ্বাস তন্ত্ৰ সতেজ ৰাখে আৰু পুৰণি কাহ আৰোগ্য কৰে। এই উদ্ভিদৰ শুকান শিপাৰ পৰা তৈয়াৰ কৰা পাউডাৰে ঘা আৰোগ্য কৰে। এইবিধ উদ্ভিদক জণ্ডিছৰ বাবে সৰ্বশ্ৰেষ্ঠ ঔষধ বুলি গণ্য কৰা হয়। ই বিষ আৰু জ্বৰৰ বাবেও অতি কাৰ্যকৰী। এইবিধ শাক ডায়েবেটিছ ৰোগীৰ বাবে ভালে খাদ্য। এই বিধ উদ্ভিদত থকা বিভিন্ন উপাদানে ভোক নিয়ন্ত্ৰণ কৰে।

১০০ গ্ৰাম ঢেঁকীয়া শাকৰ পুষ্টিৰ মূল্য

  • Calories : 34
  • Total Fat : 0.4 gram
  • Cholesterol : 0mg
  • Sodium : 1miligram
  • Potassium : 370 gram
  • Carbohydrate : 6gram
  • Protein : 4.6gram
  • Vitamin A : 72%
  • Vitamin C : 44%
  • Calcium : 3%
  • Iron : 7%
  • Vitamin D : 0%
  • Cabalamin : 0%
  • Magnesium : 8%

ঢেঁকীয়া উদ্ভিদৰ জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন (Scientific classification of Fiddlehead fern/Matteuccia struthiopteris)

  • Kingdom : Plantae
  • Clade : Tracheophytes
  • Division : Polypodiophyta
  • Class : Polypodiopsida
  • Order : Polypodiales
  • Sub order : Aspleniineae
  • Family : Onocleacea
  • Genus : Matteuccia
  • Species : Struthiopteris
  • Scientific name : Matteuccia struthiopteris

ঢেঁকীয়াৰ উপকাৰিতা আৰু ব্যৱহাৰ (Benefits and uses Fiddlehead fern/Ostrich Fern)

১. পেটৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে (Helps in losing belly fat)

ঢেঁকীয়া (Fiddlehead Fern) উদ্ভিদত অতি কম পৰিমাণৰ কেলোৰি থাকে, প্ৰতি ১০০ গ্ৰাম ঢেঁকীয়া ভেষজত মাত্ৰ ৩৪ কেলোৰি থাকে। ঢেঁকীয়া ভেষজত আঁহ থাকে। পেটৰ চৰ্বি হ্ৰাস কৰাৰ সৰ্বশ্ৰেষ্ঠ উপাই হ’ল ওজন হ্ৰাস কৰা আৰু দ্ৰৱনীয় আঁহ হৈছে এক শ্ৰেষ্ঠ প্ৰাকৃতিক ভোক দমনকাৰী, ঢেঁকীয়াৰ এনে উপকাৰিতা বোৰে আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে। অধ্যয়নত দেখা গৈছে যে দ্ৰৱনীয় আঁহ সেৱনে শৰীৰৰ দ্বাৰা হোৱা ভোক হৰমনৰ স্তৰ হ্ৰাস কৰে।

২. সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰিব পাৰে (Help in fighting against Infection)

প্ৰতি ১০০ গ্ৰাম ঢেঁকীয়া ভেষজত ৪৪ শতাংশ ভিটামিন C  থাকে যি এক কাৰ্যকৰী প্ৰাকৃতিক পানী দ্ৰৱনীয় Anti-oxidants  যিয়ে শৰীৰত সংক্ৰামক এজেণ্টৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা বিকশিত কৰে আৰু শৰীৰত কৰ্কট ৰোগ মুক্ত ৰেডিকেল আঁতৰ কৰে।

৩. ৰক্তচাপ সন্তুলিত কৰে(Maintains a healthy Blood Pressure Level)

ঢেঁকীয়া (Fiddlehead Fern) ভেষজত পটাছিয়ামৰ পৰিমাণ উচ্চ আৰু ছডিয়ামৰ তুলনাত ৩৭০ মিলিগ্ৰাম পটাছিয়াম থাকে। উচ্চ ৰক্তচাপ থকা লোকসকলে ঢেঁকীয়া শাক সেৱন কৰাৰ দ্বাৰা উপকৃত হ’ব পাৰে।

৪. মেঙ্গানিজৰ উৎকৃষ্ট উৎস (Great source of Manganese)

ঢেঁকীয়া (Fiddlehead Fern) উদ্ভিদ মেঙ্গানিজৰ এক সমৃদ্ধ উৎস। ৰক্ত শৰ্কৰা আৰু থাইৰইডৰ কাৰ্য নিয়ন্ত্ৰণ কৰাত সহায় কৰা বহুতো এনজাইমৰ বাবে মেঙ্গানিজ অত্যাৱশ্যকীয়। ১০০ গ্ৰাম ঢেঁকীয়া শাকত মেঙ্গানিজৰ মূল্যৰ ২৬% থাকে। মেঙ্গানিজৰ অভাৱবোৰ ক্ষতিগ্ৰস্ত উৰ্বৰতা (Damaged fertility), বিকাশৰ মন্থৰতা (Slow growth), জন্মগত বিকলাঙ্গতা (Congenital Disability) আৰু সাধাৰণ দুৰ্বলতা (Usual weakness)ৰ সৈতে সম্পৰ্কিত হ’ব পাৰে।

৫. লোহিত ৰক্ত কণিকা বৃদ্ধি কৰাত সহায় কৰে (Help to increase Red blood cells)

লো সমৃদ্ধ আহাৰ খালে আপোনাৰ শৰীৰৰ লোহিত ৰক্ত কণিকাৰ উৎপাদন বৃদ্ধি হ’ব পাৰে। ঢেঁকীয়া (Fiddlehead Fern) হৈছে লোৰ উৎস, লোহিত ৰক্ত কণিকা আৰু হিমোগ্লোবিন প্ৰস্তুত কৰিবলৈ আপোনাৰ শৰীৰৰ লো, ভিটামিন B12, ফলেট আৰু অনান্য পুষ্টিৰ প্ৰয়োজন আৰু ঢেঁকীয়া উদ্ভিদে প্ৰায় সকলো প্ৰদান কৰে।

৬. এণ্টি – অক্সিডেণ্টেৰে সমৃদ্ধ (Rich in Anti-oxidant)

ঢেঁকীয়া উদ্ভিদত পোৱা Anti-oxidant, Beta-carotene য়ে কেইবাটাও কৰ্কট ৰোগৰ আশংকা হ্ৰাস হোৱাৰ সৈতে সম্পৰ্কিত, গৱেষক সকলে পৰামৰ্শ দিছে যে Beta-carotene ব্যৱহাৰ প্ৰতিদিনে ১.২-২.৭ মিলিগ্ৰমলৈ বৃদ্ধি কৰিলে হাওঁফাওঁৰ কৰ্কট ৰোগৰ বিপদাশংকা ৪০ শতাংশতকৈ অধিক হ্ৰাস হয়। ভিটামিন B কমপ্লেক্স, ভিটামিন C, Beta-carotene, পটাছিয়াম আৰু কেলচিয়ামৰ পাকস্থলীৰ আলচাৰ নিৰাময়ত অতি কাৰ্যকৰী।

৭. চকু স্বাস্থ্যৱান ৰখাত সহায় কৰিব পাৰে (Help keep your eyes healthy)

ঢেঁকীয়া (Fiddlehead Fern) উদ্ভিদ ভিটামিন A সমৃদ্ধ আৰু প্ৰতি ১০০ গ্ৰাম ঢেঁকীয়াই দৈনিক পুষ্টি পৰামৰ্শৰ ৭২ শতাংশ প্ৰতিনিধিত্ব কৰে। ভিটামিন A আপোনাৰ দৃষ্টিশক্তি উন্নত কৰাৰ বাবে আৰু আমাৰ বয়সৰ লগে লগে নিশাৰ অন্ধত্ব (Night Blindness) আৰু মেকুলাৰ অৱক্ষয় (Macular Degeneration) বিকশিত হোৱাত প্ৰতিহত কৰা ঢেঁকীয়াৰ উপকাৰিতা আছে।

৮. হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল (Good for heart health)

অতিৰিক্ত ফাষ্ট ফুড (Fast food),  কেণ্ডি (Candy), কোমল পানীয় (Soft drinks) খোৱাটো আপোনাৰ হৃদযন্ত্ৰৰ বাবে বেয়া। ঢেঁকীয়া উদ্ভিদ Anti-oxidant আৰু কেলচিয়ামৰ দৰে খনিজ পদাৰ্থৰে সমৃদ্ধ যি স্বাস্থ্যৱান হৃদযন্ত্ৰৰ বাবে অত্যাৱশ্যকীয়। Anti-oxidant যুক্ত খাদ্য ঢেঁকীয়া দৈনন্দিন আহাৰত অন্তৰ্ভূক্ত কৰিলে Cardiovascular ৰোগৰ বিপদাশংকা হ্ৰাস হʼব পাৰে।

৯. এণ্টি – ইনফ্লেমটৰী (Anti-inflammatory)

ঢেঁকীয়া উদ্ভিদত পোৱা এণ্টি – অক্সিডেণ্টে আপোনাৰ কোষবোৰক মুক্ত ৰেডিকেলৰ প্ৰভাৱৰ পৰা ৰক্ষা দিয়ে আৰু শৰীৰত অত্যাধিক প্ৰদাহ হ্ৰাস কৰাত ঢেঁকীয়াৰ উপকাৰিতা অধিক।

ঢেঁকীয়া ভিটামিন C ৰ এক উৎকৃষ্ট উৎস আৰু “American Journal of Clinical Nutrition” ৰ মতে ভিটামিন C শৰীৰক প্ৰদাহৰ বাবে এটা মুখ্য মৰ্কাৰৰ সৈতে বিপৰীতভাৱে সম্পৰ্কিত আছিল – C প্ৰতিক্ৰিয়াশীল প্ৰটিন – ভিটামিন C যিমানে বেছি হয়, প্ৰদাহ সিমানে কম হয়।

১০. ছালৰ বাবে উপকাৰী (Beneficial for skin)

স্বাস্থ্যৱান ছালে আপোনাক সূৰ্য্যৰ ৰশ্মিৰ পৰা সুৰক্ষিত কৰে, বিশেষকৈ অতি বেঙুনীয়া পোহৰ যিয়ে কোষবোৰৰ ক্ষতি কৰিব পাৰে। স্বাস্থ্যৱান ছালে সূৰ্য্যৰ সংস্পৰ্শলৈ আহিলে শৰীৰত ভিটামিন D প্ৰদান কৰে, আৰু বহুতো শাৰীৰিক প্ৰক্ৰিয়াৰ বাবে ভিটামিন D অত্যাৱশ্যকীয়। ঢেঁকীয়া হৈছে Anti-oxidant ৰ এক উৎকৃষ্ট উৎস, যি মুক্ত ৰেডিকেলৰ উৎপাদন সীমিত কৰি ছাল সুৰক্ষিত কৰে, যি ছালৰ কোষবোৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে। এনেদৰে, ছালৰ ক্ষেত্ৰতো ঢেঁকীয়াৰ উপকাৰিতা দেখা যায়। 

Read Also: ১৫+ মৌৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Honey

ঢেঁকীয়া উদ্ভিদৰ ব্যৱহাৰ (Uses of Fiddlehead Fern)

ঢেঁকীয়া (Fiddlehead Fern) ভেষজ বা শাকক আমি বিশেষকৈ ব্যঞ্জন হিচাপে ব্যৱহাৰ কৰোঁ। বিভিন্ন ধৰণে ঢেঁকীয়া শাকৰ ব্যঞ্জন তৈয়াৰ কৰি ব্যৱহাৰ কৰা হয়। মাংস, চালাদৰ সৈতেও ঢেঁকীয়া শাক যোগ কৰি ব্যৱহাৰ কৰা হয়। ইয়াৰ শুকান শিপাৰ গুৰি ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি। ইয়াক আচাৰ আৰু চুপ তৈয়াৰ কৰিও ব্যৱহাৰ কৰা হয়। বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে এইবিধ উদ্ভিদক বিভিন্ন ধৰণে আঞ্জা হিচাপে সেৱন কৰিব পাৰি। কিন্তু এইবিধ উদ্ভিদক কেঁচাকৈ খাব নালাগে খোৱাৰ আগৰ ১০-১৫ মিনিট ভালৈ সিজাই তাৰ পিছত সেৱন কৰিব লাগে।

ঢেঁকীয়া উদ্ভিদৰ পাৰ্শ্বক্ৰিয়া (Side effects of Fiddlehead fern/Ostrich Fern)

সঠিকভাৱে সিজাই নোলোৱা ঢেঁকীয়া (Fiddlehead Fern) ভেষজ খাদ্য হিচাপে ব্যৱহাৰ কৰিলে তেতিয়া এই ভেষজ স্বাস্থ্য পক্ষে অসুৰক্ষিত হ’ব পাৰে। ইয়াৰ ফলত ওকালি অহা (Nausea), বমি (Vomit), পেটৰ বিষ (Stomach Ache), ডায়েৰিয়া (Diarrhea), মূৰৰ বিষ (Headache) আৰু গুৰুতৰ খাদ্য বিষক্ৰিয়া (Food Poisoning) হ’ব পাৰে।

সেয়হে ব্যৱহাৰ কৰাৰ আগত ঢেঁকীয়া উদ্ভিদক ১০-১৫ মিনিট বা তাতকৈ বেছি সময়লৈকে ভালদৰে সিজাই তাৰ পিছত নিয়মীয়াকৈ ব্যৱহাৰ কৰিব লাগে আৰু ঔষধ হিচাপে ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ আগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত।

সামৰণি

উক্ত প্ৰৱন্ধটিৰ দ্বাৰা আপোনালোকে নিশ্চয় ঢেঁকীয়া (Fiddlehead Fern) উদ্ভিদৰ এক সাম্যক পৰিচয় পালে। ঢেঁকীয়াৰ উপকাৰিতা, উপাদান, ব্যৱহাৰ, অপকাৰীতা তথা অনান্য গুণাগুণৰ বিষয়ে জানিবলৈ পালে। আশা কৰোঁ উক্ত প্ৰৱন্ধটিত উল্লেখ থকা তথ্য সমূহে আপোনালোকক বিভিন্ন সমস্যাত ভিন্ন ধৰণে উপকৃত কৰিব। ধন্যবাদ!

Mehzubin Saikia

Leave a Reply