12+ মনোযোগ বৃদ্ধি কৰাৰ উপায় – Ways to Improve Attention

মনোযোগ বৃদ্ধি কৰাৰ উপায় – Ways to Improve Attention

দৈনন্দিন প্ৰত্যেক মুহূৰ্ততেই আমাৰ ইন্দ্ৰিয় সমূহে বাহিৰা জগতৰ কেইবাটাও তথ্য আমাৰ মগজুলৈ প্ৰেৰণ কৰে। কিন্তু সেইবোৰৰ পৰা আমাৰ বাবে প্ৰয়োজনীয়খিনিহে আমাৰ মগজুৱে চাকি লৈ। আৰু সেই চাকি লোৱা তথ্য সমূহতে মগজুৱে ক্ৰিয়া কৰি তাক ভাৱনা, শব্দ, চিন্তা আদিলৈ ৰুপান্তৰিত কৰে। 

Queensland Brain Institute ৰ অধ্যাপক Stephen Williams এ কৈছে যে- “যদি আমি আমাৰ সমপূৰ্ণ একাগ্ৰতা দিব খোজো, আমাৰ মগজুৰ ভিতৰত এনে কিছুমান ক্ৰিয়া চলে যিয়ে বিভ্ৰান্তি দূৰ কৰি আমাক একাগ্ৰ হʼবলৈ সহায় কৰে।”; তেওঁ কৈছে যে- “জৰুৰ এনেকুৱা এক প্ৰক্ৰিয়া আছে যিয়ে আমি মনোযোগ কৰিব বিচৰা বিষয়টোলৈ সংকেত প্ৰেৰণ কৰে। কিন্তু সেই প্ৰক্ৰিয়াৰ বিষয়ে এতিয়াও ভালকৈ কʼব পৰা নাযায়।”

এই প্ৰৱন্ধটিত আগলৈ মনোযোগ কি আৰু তাক বৃদ্ধি কৰাৰ উপায়ৰ বৰ্ণনা দিয়া হʼব।[1]

মনোযোগ বৃদ্ধি কৰাৰ উপায়

মনোযোগ বা একাগ্ৰতা কি ? (What is Attention or Focus?)

NCBI ৱেবচাইটত প্ৰকাশ পোৱা এক অধ্যয়নৰ ফলাফল মতে- মনোযোগ হৈছে নিৰ্দেশিত বা কেন্দ্ৰীভূত চেতনা; ই হৈছে এক বিষয়গত ব্যক্তিগত সংবেদন যি পৃথক নিউৰোফিজিঅ’লজিকেল প্ৰণালীৰ একেলগে সক্ৰিয়কৰণৰ দ্বাৰা উৎপন্ন হয়। এইবোৰৰ ভিতৰত পৰে- সজাগতা, সতৰ্কতা, উত্তেজনা, প্ৰভাৱ আৰু মনোযোগ প্ৰণালী। প্ৰক্ৰিয়াটো আৰম্ভ হৈ আনন্দ, বিষ আৰু চিন্তাৰ প্ৰণালীৰ দ্বাৰা প্ৰভাৱ আৰু তাৎপৰ্যৰ বাবে সংবেদনশীল উদ্দীপনাৰ চাব-কৰ্টিকেল (sub-cortical) স্কেনিংৰ জৰিয়তে। পৰৱৰ্তী পৰ্যায়ত ধাৰণাবোৰ থালামিক-প্ৰিফ্ৰণ্টেল-থেলামিক ৰিফ্লেক্স ইনহিবিচনৰ দ্বাৰা অধিক স্কেনিং আৰু এটা মাত্ৰ সংবেদন পদ্ধতিত  একত্ৰিত হʼবলৈ থালামাছলৈ পঠিওৱা হয়। গুৰুত্বপূৰ্ণ ধাৰণাবোৰে তাৰ পিছত Posterior Inferior Temporal Cortex, Posterior Inferior Parietal Cortex আৰু Posterior & Anterior Association Cortex ত থকা Engarm ক সক্ৰিয় কৰে। এই ক্ষেত্ৰবোৰে প্ৰিফ্ৰণ্টেল এছ’চিয়েচন কৰ্টেক্স (Prefrontal Association Cortex- PAC) ৰ প্ৰকল্প কৰে। PAC-য়ে স্থিৰতা সৃষ্টি কৰা সংবেদনশীল স্কেনিং প্ৰণালীবোৰক নিষ্ক্ৰিয় কৰে। PAC-য়ে Hippocmpus লৈ সংকেত প্ৰেৰণ কৰে, যিবোৰক Septal আৰু Hippocampal ৰ দ্বাৰা উৎপাদিত আৰু Hippocampus ত থকা Theta কাৰ্যকলাপে গ্ৰহণ কৰে। ই হাইপোথেলামাছৰ জৰিয়তে থেটা কাৰ্যকলাপৰ দ্বাৰা উৎপন্ন হোৱা অভিমুখীতা, সতৰ্কতা, সজাগতা আৰু উত্তেজনাৰ সম্পূৰ্ণ বাধাত ক্ষণিকভাৱে প্ৰভাৱ পেলায়। 

Also Read: পানীৰ গুৰুত্ব – আপুনি জানেনে এদিনত কিমান পানী খাব লাগে?

উপৰোক্ত প্ৰণালীবোৰৰ ফলস্বৰূপে, কেৱল এটা সংবেদনশীল উদ্দীপনাই অভিমুখীকৰণ, সজাগতা, সতৰ্কতা, উত্তেজনা, আৰু জ্ঞানীয় প্ৰণালী সক্ৰিয় কৰে আৰু সেয়েহে মনোযোগ বা একাগ্ৰতাৰ সৃষ্টি হয়। 

একাগ্ৰতাৰ প্ৰকাৰ (Types of Attention)

একাগ্ৰতা হৈছে এক সাধাৰণ ধাৰণা যাৰ ব্যৱহাৰ হিচাপে ভিন্ন প্ৰকাৰ হʼব পাৰে। এইবোৰ একাগ্ৰতাৰ প্ৰকাৰ তলত উল্লেখ কৰা হʼল –

  • আভ্যন্তৰিন মনোযোগ: ই হৈছে নিজা মগজুৰ প্ৰক্ৰিয়া আৰু অন্তৰ্নিহিত কাৰ্যকলাপ সমূহত একাগ্ৰতা ৰখাৰ ক্ষমতা।
  • বাহ্যিক মনোযোগ: এইটো বাহিৰৰ বা আশে-পাশে থকা তথ্যৰ পৰা পোৱা উদ্দীপনা।
  • মুক্ত মনোযোগ: ই হৈছে মনোযোগ প্ৰক্ৰিয়াক সহযোগ কৰা তথা ইয়াক সুবিধাৰ্থে কাম কৰা কিছুমান দৈহিক প্ৰক্ৰিয়া। যেনে- কোনো বস্তুত বা বিষয়ত ভালকৈ মন দিবলৈ মূৰটো ওচৰলৈ নিয়া বা জুমি চোৱা।
  • গুপ্ত মনোযোগ: এয়া হয় যেতিয়া আপোনি গম নোপোৱাকৈয়ে মগজুৱে উদ্দীপনা সমূহত মনোযোগ দিয়ে।
  • নিৰ্বাচনী মনোযোগ: ই হৈছে কোনো এক উদ্দীপনাক বাচি লৈ তাত গুৰুত্ব দিয়াৰ ক্ষমতা। এনে ক্ষেত্ৰত মগজুৱে অন্য অপ্ৰাসংগিক তথ্য বা উদ্দীপনাক আওকাণ কৰি দিয়ে।
  • বিভাজিত মনোযোগ: একে সময়তে একাধিক কাৰ্যত মনোযোগ কৰিব পৰা ক্ষমতা। যেনে- গান শুনি পঢ়া বা অন্য কাৰ্য কৰি থকা।
  • স্থায়ী মনোযোগ: মনোযোগৰ উপাদান সমূহ বজাই ৰাখি তাৰ পৰা সঠিক প্ৰতিক্ৰিয়া দিয়াৰ ক্ষমতা।
  • দৃশ্যাত্মক মনোযোগ: দৃশ্যাত্মক ক্ষেত্ৰৰ পৰা আহৰণ কৰা উদ্দীপনা সমূহত মনোযোগ দিয়াৰ ক্ষমতা। এই ক্ষমতা স্থানিক তথ্য বা দিশৰ লগত সম্পৰ্কিত।
  • শ্ৰৱনাত্মক মনোযোগ: শ্ৰৱনাত্মক ক্ষেত্ৰৰ পৰা আহৰণ কৰা উদ্দীপনা সমূহত মনোযোগ দিয়াৰ ক্ষমতা। এই ক্ষমতা অস্থায়ী তথ্য বা দিশৰ লগত সম্পৰ্কিত।

মনোযোগ বা একাগ্ৰতাক প্ৰভাৱান্বিত কৰা কাৰক (Factors influencing Attention/Focus)

একেলগে বহুতো কাৰকে ক্ৰিয়া কৰি মগজুৰ একাগ্ৰতাক প্ৰভাৱান্বিত কৰি বিভান্তিৰ সৃষ্টি কৰিব পাৰে। এনে বিভ্ৰান্তিৰ কাৰক দুই ধৰণৰ হʼব পাৰে- ১) বাহ্যিক আৰু ২) আভ্যন্তৰিন। তলত এই কাৰকসমূহ উল্লেখ কৰা হʼল –

১) বাহ্যিক কাৰক-

বাহ্যিক বিভ্ৰান্তিৰ উৎস সাধাৰণতে বাহিৰা পৰিৱেশটোৱে হয় যিবোৰে মনোযোগ প্ৰক্ৰিয়া সহজ অথবা কঠিন কৰি তুলিব পাৰে। বাহ্যিক বিভ্ৰান্তিৰ কি কি কাৰণত ই মনোযোগ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাই সেয়া চাওঁ আহক-

  • তীব্ৰতা: বাহ্যিক বিভ্ৰান্তিৰ তীব্ৰতা যিমানেই বেছি হয় মগজুৱে তাত সিমানেই বেছিকৈ মনোযোগ উপাদান ব্যয় কৰে।
  • আকাৰ: বাহ্যিক বিভ্ৰান্তিৰ আকাৰ যিমানেই ডাঙৰ হয় সিমানেই তাত মনোযোগ উপাদান ব্যয় হয়।
  • গতিশীলতা: বিভ্ৰান্তিটো যদি গতিশীল হয় তেন্তে সি স্থায়ী বস্তুবোৰৰ তুলনাত অধিক মনোযোগ আকৰ্ষন কৰে।
  • নতুনত্ব: এটা অসাধাৰণ বিষয় বা বস্তুৰ প্ৰতি আমি বেছিকৈ আকৰ্ষিত হওঁ, কিয়নো এনে বস্তুৰ নতুনত্বই অন্য বিষয়ত মনোযোগ প্ৰক্ৰিয়া বাধিত কৰে আৰু নিজৰ ফালে অধিক মনোযোগ উপাদান টানে।
  • পৰিৱৰ্তন: সাধাৰণ বস্তু বা বিষয়ৰ লগত আমি অভ্যস্ত আৰু মাজে সময়ে সি আমনীদায়কো হৈ পৰে। তেনে ক্ষেত্ৰত সাধাৰণতাৰ পৰা পৃথক পৰিৱৰ্তিত বিষয় বা সামগ্ৰীয়ে অতি সহজে আমাক আকৰ্ষিত কৰে। সেয়ে যদি এনে কোনো বিষয় বা বস্তুৱে বিভ্ৰান্তিৰ ৰূপ লয় তেন্তে সি অতি সহজে অন্য কাৰ্যত মনোযোগৰ প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে।
  • ৰঙীন: ৰঙে মন আকৰ্ষণ কৰে। একেদৰে ৰঙীন বিভ্ৰান্তিয়েও অধিক মনোযোগ উপাদান নিজৰ ফালে আকৰ্ষিত কৰে।
  • বিপৰীত ধৰ্মী: সমধৰ্মী কাৰ্যৰ একোটা দলত মনোযোগ কৰি থকা সময়ত যদি তাৰ বিপৰীত লক্ষণধৰ্মী কোনো বিষয় বিভ্ৰান্তিৰূপে সন্মুখত আহে সি বেছিকৈ মনোযোগ উপাদান আকৰ্ষণ কৰে। 
  • আনুভূতিক বোজা: ধ্বনাত্মক আৰু ঋনাত্মক উদ্দীপনা সমূহে নিৰপেক্ষ উদ্দীপনাতকৈ তুলনামূলকভাবে বেছিকৈ মনোযোগ উপাদান গ্ৰহন কৰে।    

২) আভ্যন্তিৰন কাৰক-

এই কাৰক সমূহ সমপূৰ্ণ ৰূপে ব্যক্তিগত। এইবোৰ এজন লোকৰ ইচ্ছা শক্তি আৰু অনুভূতিৰ পৰা ওলায়। যেনে -
  • আগ্ৰহ: যি কাম বা বিষয়ত আমাৰ আগ্ৰহ বেছিকৈ থাকে সি বেছিকৈ মনোযোগ উপাদান টানে। একেদৰে কম আগ্ৰহ থকা বিষয়ে কমকৈ মনোযোগ উপাদান গ্ৰহণ কৰে। 
  • আৱেগ: তীব্ৰ আৱেগ-অনুভূতিক জাগ্ৰত কৰা উদ্দীপনা সমূহে অধিক পৰিমাণে মনোযোগ উপাদান আকৰ্ষণ কৰে। যদিও এই কথা লক্ষ কৰা যায় যে ধ্বনাত্মক আৱেগ সমূহে কোনো কাৰ্যত মনোযোগ দিয়াত সহায় কৰে আৰু তাৰ বিপৰীতে ঋনাত্মক আৱেগে বিভ্ৰান্তিৰূপে কাম কৰে।
  • কাৰ্যত প্ৰয়োজনীয় চেষ্টাৰ পৰিমাণ: মানুহে সদায় কোনো কাৰ্য কৰাক আগতে সেই কাৰ্যত ব্যয় হʼব লগা পৰিশ্ৰম আৰু সময়ৰ এক পূৰ্বানুমান লগাই লয়। সেই পৰিশ্ৰম আৰু সময়ৰ ব্যয়ৰ পৰিমান কম বেছি হোৱাৰ লগত আগ্ৰহৰ পোনপটীয়া সম্পৰ্ক থাকে। একেদৰে সেই আগ্ৰহ কম বেছি হোৱাৰ অনুপাতে মনোযোগ আকৰ্ষণৰ পৰিমানো কম বেছি হয়। 
  • দৈহিক অৱস্হা: মানুহৰ দৈহিক অৱস্থায়ো মনোযোগ প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়। বেমাৰ-আজাৰ, ভাগৰ, বিভিন্ন শাৰীৰিক অসুবিধা আৰু মানসিক চাপত মনোযোগ স্থানান্তৰ কৰা ক্ষমতা হ্ৰাস পায়। আনহাতে, তৃপ্তিৰ সৈতে সম্পৰ্কিত উদ্দীপনাবোৰে বেছিকৈ মনোযোগ উপাদান নিজৰ ফালে টানে।
  • একেলেথাৰিয়ে হোৱা চিন্তা: যেতিয়া এক দৃঢ় চিন্তাৰ লগতে বহুতো অন্য চিন্তাই শাৰী পাতে তেতিয়া তাৰ সৈতে জড়িত উদ্দীপনাই বেছিকৈ মনোযোগ উপাদান গ্ৰহন কৰে।

Also Read: হেলচী – হেলচীৰ স্বাস্থ্যজনিত উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Buffalo Spinach

মনোযোগ কেনেকৈ বৃদ্ধি কৰিব? (How to improve Attention)

মনোযোগ ক্ষমতাক শক্তিশালী কৰাৰ কিছুমান উপায় তলত উল্লেখ কৰা হʼল –

১) মগজুক প্ৰশিক্ষণ দিয়ক:

অধিক একাগ্ৰতাৰ প্ৰয়োজন হোৱা কাৰ্যবোৰ কৰক। উদাহৰণ স্বৰূপে- Chess, Sudoku, crossword puzzle, সাঁথৰ সমাধান কৰা আদিৰ দৰে মানসিক একাগ্ৰতাৰ প্ৰয়োদন হোৱা খেলবোৰৰ সহায় লʼব পাৰে। NCBI ৱেবচাইটত প্ৰকাশ পোৱা এক গৱেষণাৰ মতে, সপ্তাহৰ ৫দিন দৈনিক অতিকমেও ১৫মিনিট এনে মগজুক প্ৰশিক্ষণ দিয়া খেলবোৰ খেলিলে মনোযোগ ক্ষমতা বৃদ্ধিত ই যথেষ্ট সহায় কৰে।

২) কিতাপ পঢ়ক: 

সৰু লʼৰা-ছোৱালীৰ ক্ষেত্ৰত দেখা যায় যে ৰহস্যময় তথা আওপকীয়া কাহিনী থকা কিতাপ পঢ়িলে মনোযোগ শক্তি দৃঢ় হয়। এনে কাহিনীবোৰে মগজুক ভাবিবলৈ আৰু একাগ্ৰ হʼবলৈ বাধ্য কৰে।

৩) পৰ্যাপ্ত পৰিমানে শুৱক:

এটা ভাগৰুৱা মগজুৱে কোনো কামত মনোযোগ দিয়াত অসমৰ্থ হয়। সেয়ে যথেষ্ট পৰিমাণে টোপনি হোৱাটোৱে মনোযোগ প্ৰক্ৰিয়াত ধ্বনাত্মক প্ৰভাৱ পেলায়। বহুতো বৈজ্ঞানিক ভাৱে কৰা অধ্যয়নত এই কথা কোৱা হৈছে যে এজন সুস্থ শৰীৰৰ মানুহক নিশাৰ ভাগত ৭ৰ পৰা ৮ ঘন্টা টোপনিৰ প্ৰয়োজন হয়।

৪) ব্যায়াম কৰক: 

দৈনন্দিন ব্যায়ামে মনোযোগ শক্তি বৃদ্ধি কৰাত সহায় কৰে। শাৰীৰিক সক্ৰিয়তা বজাই ৰাখিলে মগজুৰ কাৰ্যক্ষমতাও সুচাৰু ৰূপে চলি থাকে। সকলোৰে বাবে সদায় ব্যায়াম কৰাটো সম্ভৱপৰ নহʼবও পাৰে। কোনো কোনো শাৰীৰিক অৱস্থাতো ব্যায়াম সম্ভৱপৰ হৈ নুথে। তেনে ক্ষেত্ৰত আপোনি দৈনিক কৰা সাধাৰণ কামবোৰতো শাৰীৰিক সক্ৰিয়তা বঢ়াবলৈ উপায় কৰিব পাৰে। যেনে- কম দূৰত্ব অতিক্ৰম কৰোঁতে কোনো বাহন লোৱাৰ সলনি খোজকাঢ়ি যাব পাৰে। পৰাপক্ষত সকলো কাৰ্যৰ বাবে যান্ত্ৰিক সহায় লোৱাৰ সলনি শাৰীৰিক ভাৱে পৰিশ্ৰম কৰিব পাৰে। 

৫) প্ৰকৃতিৰ মাজত সময় অতিবাহিত কৰক:

দিনৰ অতি কমেও ২০ৰ পৰা ৩০ মিনিট প্ৰকৃতিৰ মাজত কটালে ই মনোযোগ প্ৰক্ৰিয়া শক্তিশালী কৰাত সহায় কৰে। NCBI ৱেবেচাইটত প্ৰকাশিত এক অধ্যয়নে এই কথা কৈছে যে কৰ্মস্থানক গছ-গছনিৰে সজ্জিত কৰিলে তেনে পৰিৱেশে একাগ্ৰতা আৰু উৎপাদনশীলতা বৃদ্ধি কৰে লগতে কৰ্মী সকলৰ মনটোকো প্ৰফুল্লিত কৰি ৰাখে। 

দৈনিক ৰাতিপুৱা খোজকাঢ়িবলৈ যাব পাৰে অথবা বাগিছাত সময় কটাব পাৰে। এনে কৰিলেও মগজুৰ একাগ্ৰতা শক্তিশালী হয়।

৬) ধ্যান কৰক:

পৌৰাণিক যোগাশাস্ত্ৰতো মনোযোগ আৰু একাগ্ৰতা বৃদ্ধিৰ বাবে ধ্যান কৰিবলৈ পৰামৰ্শ দিয়া হয়। ধ্যানে মন মগজুক শান্ত কৰে, মানসিক চাপ দূৰ কৰে আৰু মগজুক সতেজ কৰি তুলে। এক সতেজ মগজুৱে অধিক দৃঢ় ৰূপত একাগ্ৰ হʼব পাৰে। মানসিক ভাবে অশান্ত ব্যক্তিয়ে কোনো কাৰ্যত মনোযোগ দিয়াত অসুবিধাৰ সন্মুখিন হয়। NCBI ৰ এক গৱেষণাতো এই কথা কোৱা হৈছে।

৭) জিৰণি লওঁক:

যদি আপোনি একেলেথাৰিয়ে কোনো কাৰ্যত মন দি আছে তেন্তে কিছু সময়ৰ বাবে কাৰ্যটোৰ পৰা জিৰণি লওঁক। গান শুনক, চিনেমা এখন চাওঁক বা আপোনি ভাল পোৱা ক্ৰিয়াবোৰ কৰক। এনে কৰিলে ভাগৰি পৰা মগজুৱে পুনৰাই সতেজ অনুভৱ কৰিব। ইয়াৰ পাছত যেতিয়া আপোনি আগৰ কামটো অব্যাহত কৰিব আপোনি তাত আগতৈ অধিক ভালকৈ মনোযোগ দিব পাৰিব।

৮) পুষ্টিকৰ খাদ্য গ্ৰহন কৰক: 

খাদ্যয়ে আমাৰ দেহৰ লগতে মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায়। ভাল পুষ্টিকৰ খাদ্যই মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। যিয়ে পোনপটীয়াকৈ আৰু ধ্বনাত্মক ৰূপত মনোযোগ প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়। অত্যাধিক বাহিৰা খাদ্য, তেলীয়া চৰ্বিযুক্ত খাদ্য আৰু অধিক চেনীমিশ্ৰিত খাদ্যৰ সেৱনে মগজুৰ সাধাৰণ তথা দৈনন্দিন প্ৰক্ৰিয়াত ঋনাত্মক প্ৰভাৱ দেখাব পাৰে। সেয়ে- ফল-মূল, বিভিন্ন শাক-পাচলি, মাছ-মাংস, কণী আদিৰ সেৱন কৰক আৰু দেহত সথিক পুষ্টি বজাই ৰাখক।

ইয়াৰ লগতে দেহৰ আৰ্দ্ৰতা সন্তুলিত কৰি ৰখাটোও প্ৰয়োজনীয়। যিয়ে মগজুৰ কাৰ্যপ্ৰণালীক প্ৰভাৱান্বিত কৰে।  

৯) কেফেইনযুক্ত দ্ৰৱ্য সেৱন কৰক:

কেফেইনে মগজুক সতেজ কৰি তুলে। সতেজ মগজুৱে একাগ্ৰতা বৃদ্ধিত সহায় কৰে। সেয়ে মগজুৰ একাগ্ৰতা তথা মনোযোগ ক্ৰিয়া শক্তিশালী কৰিবলৈ আপোনি এক সীমীত পৰিমাণত কেফেইনযুক্ত দ্ৰৱ্য যেনে- চাহ, কʼফি, চʼকʼলেট, গ্ৰিন টি আদি সেৱন কৰিব পাৰে।[2]

১০) পৰিপূৰক গ্ৰহণ কৰক:

কিছুমান পৰিপূৰক যেনে- folate, choline, Vitamin K, omega-3 fatty acid, flavonoids আদিয়ে মনোযোক প্ৰক্ৰিয়াক শক্তিশালী কৰাত সহায় কৰে। যদিও এনে পৰিপূৰকে সহায় কৰিব পাৰে, তথাপিও ইয়াক সেৱন কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাতো বাঞ্চনীয়। যদি আপোনি কোনো দুৰাৰোগ্য ৰোগত বা কোনো বিশেষ শাৰীৰিক অৱস্থাত ভুগী আছে তেন্তে এনে পৰিপূৰক ডাক্তৰ বা কোনো বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে গ্ৰহণ নকৰিব। 

যদি এনে কোনো উপায়ৰ পৰা আপোনি উপকৃত হʼব পৰা নাই তেন্তে ঘৰুৱা প্ৰতিকাৰৰ সলনি মনোযোগ আৰু একাগ্ৰতা সম্পৰ্কীয় সমস্যাৰ বাবে মনোৰোগ বিশেষজ্ঞৰ কাষ চাপক। 

সামৰণি

উক্ত প্ৰৱন্ধটিত আপোনাক মনোযোগ প্ৰক্ৰিয়া কি?, ইয়াৰ প্ৰকাৰ, ইয়াক প্ৰভাৱান্তিত কৰা কাৰকৰ লগতে ইয়াক বৃদ্ধি কৰাৰ উপায়ৰ বিষয়ে অৱগত কৰোৱা হʼল। আশা কৰো এই প্ৰৱন্ধটিত উল্লেখিত তথ্যসমূহে আপোনাক উপকৃত কৰিব। ধন্যবাদ!

Author: Aparna Singha

Leave a Reply