শৰীৰ সুস্থ ৰাখিবলৈ ভিটামিন আৰু প্রয়োজনীয় উপাদান – Vitamins and Essential Nutrients

শৰীৰ সুস্থ ৰাখিবলৈ ভিটামিন আৰু প্রয়োজনীয় উপাদান – Vitamins and Essential Nutrients to Keep the Body Healthy

মানুহৰ সকলোতকৈ ডাঙৰ সম্পদ হ’ল স্বাস্থ্য । যিসকলে সাধাৰণভাবে স্বাস্থ্যবিধি মানি চলে তেওঁলোক দীর্ঘদিন জীয়াই থাকে । আমাৰ শৰীৰ সুস্থ ৰাখিবলৈ হলে যিবোৰৰ ওপৰত বিশেষ দৃষ্টি দিব লাগিব সেয়া হ’ল– 

  • খাদ্য
  • পানীয়
  • বিশ্রাম
  • সুনিদ্রা
  • পোহৰ
  • মুকলি বতাহ
  • পোচাক্‌-পৰিচ্ছদ
  • স্নান আৰু 
  • সংযম । 

এইবোৰ দিশৰ ওপৰত বিশেষ সাৱধান হোৱাৰ পিছতো যদি আমাৰ শৰীৰত ৰোগ দেখা দিয়ে তেতিয়াহলে সেই ৰোগ নিৰাময়ৰ কাৰণে গছ-লতা প্ৰয়োগ কৰিব লাগে । ইয়াৰ পাছতো যদি ৰোগ অত্যন্ত জটিল হয় তেনেহলে চিকিৎসকৰ পৰামৰ্শ লব লাগে ।

শৰীৰ সুস্থ ৰাখিবলৈ ভিটামিন আৰু আৱশ্যকীয়া কিছু কথা (Vitamins and Some Essential Things to Keep the Body Healthy)

Vitamins - ভিটামিন আৰু প্রয়োজনীয় উপাদান

বয়সৰ হিচাপ মতে আৰু শৰীৰৰ গ্ৰহণীয় ক্ষমতা অনুযায়ী আমি যিমান সম্ভব পুষ্টিকৰ আৰু লঘুপাচ্য খাদ্য খোৱা উচিত । 

  • আহাৰ খোৱাৰ সময়ত পানী নাখাই খোৱাৰ আধাঘন্টা পিছত পানী খাব লাগে ।
  •  অৱশ্যে খাই থকাৰ সময়ত ওচৰত খোৱাপানী লব লাগে, নহলে খাদ্য গ্রহণত অসুবিধা হব পাৰে । 
  • যদি পেটৰ গোলমাল থাকে তেনেহলে সামান্য উষ্ণ পানী খাব।
  • যিমানেই বয়স বাঢ়ি যায়, খোৱা খাদ্য সেইভাবে কমাব লাগে। 
প্রতিদিন যদি কিছু সময় ৰ’দত থকা যায়, তেতিয়াহলে শৰীৰ নিৰোগী হৈ থাকে । 
  • প্ৰাত: ভ্রমণ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত উত্তম ব্যায়াম । 
  • ইয়াৰ বাহিৰেও সাঁতোৰা । 
  • খালী হাতে ব্যায়াম, দৌৰাতোও ব্যায়ামৰ ভিতৰতে পৰে । 
  • খুব ৰাতিপুৱাই উঠি প্ৰাত: কৃত্য সমাপন কৰি শৰীৰত ভালদৰে সৰিয়হৰ তেল সানি স্নান কৰিব লাগে । 
  • স্নান কৰা পানীত সামান্য লোণ মিহলাব লাগে । 
  • স্নান কৰাৰ আগতে ভালদৰে হাত ভৰি মালিছ কৰিব লাগে । ইয়াতে শৰীৰ ভালে থাকে ।
প্ৰতিজন সুস্থ মানুহে ৬ পৰা ৮ ঘন্টা শুব লাগে । পিছে ৰোগী আৰু শিশুৰ বাহিৰে কোনেও দিনত শুব নালাগে ।

মল-মূত্ৰ বেচি সময় চেপি ৰাখিব নালাগে । হঠাৎ গৰমৰ পৰা ঠান্ডালৈ আৰু ঠাণ্ডাৰ পৰা গৰমলৈ যোৱা অনুচিত । ইয়াতে শৰীৰৰ ক্ষতি হয় । শাক-পাচলি, ফল-মূল ভালদৰে ধুই খাব লাগে । ৰোগীয়ে ব্যৱহাৰ কৰা কোনো সামগ্ৰী ব্যৱহাৰ কৰিব নলাগে ।

আমাৰ গ্ৰহণীয় খাদ্য ছয় প্ৰকাৰৰ (There are Six Types of Food We Eat)

যেনে – 

১) প্রোটিন জাতীয়, 

২) চর্বি জাতীয়, 

৩) শৰ্কৰা জাতীয়, 

৪) লোণ জাতীয়, 

৫) পানী আৰু 

৬) ভিটামিন ।

সেইবোৰ হ’ল-

১। প্রোটিন জাতীয় খাদ্য (Protein):- এই জাতীয় খাদ্যই শৰীৰৰ তাপ উৎপাদন, দহন ক্রিয় নিয়ন্ত্রণ, ক্ষয় পূৰণ আৰু দেহৰ আৱশ্যকীয় উপাদান নিৰ্মাণত সহায় কৰে । 

২। কার্বোহাইড্রেটজাতীয় খাদ্য (Carbohydrate):- শৰীৰৰ তেজ, কর্মক্ষমতা, তাপ উৎপাদনত – কর্বোহাইড্রেট খাদ্যই বিশেষ ভূমিকা লয় ।

৩। চর্বিজাতীয় খাদ্য (Fatty):- খোৱা বস্তু হজম কৰাৰ পৰা আৰম্ভ কৰি শৰীৰৰ সকলে কামতে সহায় কৰা আৰু শৰীৰে বৰ্জন কৰা পদার্থ বাহিৰ কৰি দিয়াৰ কাৰণে পানী অধি প্রয়োজনীয় । পানী নোহোৱাকৈ প্ৰাণী বাচি থাকিব নোৱাৰে । সেয়েহে কোৱা হয় পানীয়োঁ প্রাণ ।

৪। লোণ (Salt):- শৰীৰৰ আৰু এটি প্রয়োজনীয় দ্রব্য হ’ল লোণ। ইয়াৰ কাৰণে সাধাৰ লোণৰ বাহিৰেও ফল-মূল, শাক-পাচলি, চুন, চড়া, পটাশ প্রভৃতি লোণজাতীয় খাদ্য গ্রহ কৰা উচিত ।

৫। পানী (Water):- পানীৰ আন এটা নাম জীৱন। পানী অবিহনে প্রাণী জীয়াই থাকিব নোৱাৰে । সকলোৱে বিশুদ্ধ পানী পান কৰা উচিত । পাসী গৰম কৰি ৰাখি ঠান্ডা হলে খাব লাগে । মুকলি বতাহ নপালে দেহ সুস্থ্য নাথাকে । সেয়ে মুকলি বতাহ সোমাব পৰা পৰ্যাপ্ত দুৱাৰ খিৰিকী থকা ঘৰত বাস কৰিব লাগে । যি ঘৰত মুকলি বতাহ আৰু পোহৰ নোসোমায় সেই ঘৰ বাসৰ উপযোগী নহয় । 

৬। ভিটামিন (Vitamins) :- ভিটামিন10 আমাৰ শৰীৰৰ বাবে অতি আৱশ্যকীয় উপাদান । আমি জানো যে ভিটামিনে আমাৰ দেহক ৰোগ ব্যাধিৰ পৰা ৰক্ষা কৰি থাকে , অংগ – প্ৰত্যঙগবিলাক সবল আৰু কাৰ্যক্ষম কৰি ৰাখে । ভিটামিনে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক শক্তিশালী সবল কৰি ৰাখে । যাৰ বাবে ৰোগৰ জীৱাণু বিলাকক ৰোগ বিস্তাৰ কৰিব নোৱাৰাকৈ বাধা দি ৰাখে ।

ভিটামিনৰ অভাবৰ ফলত শৰীৰত আক্রান্ত হোৱা বিভিন্ন ৰোগ (Various Diseases of the Body Due to Lack of Vitamins)

এই সকলোবোৰ উপাদানৰ বাহিৰেও শৰীৰৰ কাৰণে আৰু একি – প্রয়োজনীয় উপাদান হ’ল ভিটামিন । এই ভিটামিনৰ অভাবত জীৱনী শক্তি দ্রুত হ্রাস পায় শৰীৰ দুৰ্বল হৈ পৰে, ৰোগ প্ৰতিষেধক আৰু প্ৰতিৰোধক ক্ষমতা হ্রাস পায়, যাৰ ফলত শৰীৰ বিভিন্ন ৰোগৰ দ্বাৰা আক্রান্ত হয় । সেয়েহে ইয়াৰ নাম খাদ্যা প্রাণ বা ভিটামিন । তল এই বিষয়ে আলোচনা কৰা হ’ল ।

আমাৰ শৰীৰৰ লাগতিয়াল ভিটামিনসমূহ হল – এ , বি , চি , ডি , ই , কে , আৰু পি । আমি দৈনন্দিন যিবিলাক খাদ্য গ্ৰহণ কৰো তাৰ মাজত যদি এই ভিটামিনবোৰ নাথাকে তেতিয়াই নানা ধৰণৰ ৰোগে আক্ৰমণ কৰিবলৈ সুবিধা পায় ।

ক) ভিটামিন ‘এ’ (Vitamins A)

এই ডিটামিনৰ অভাব হলে 

  • কুকুৰীকণা, 
  • চকু আৰু কাণৰ ৰোগ
  • পানীলগা অসুখ, 
  • ইন্‌ফ্লুয়েঞ্জা, 
  • কাহ, 
  • নিউমোনিয়া, 
  • মূত্রপাথৰী প্রভৃতি ৰোগ হব পাৰে । 

অতি পৰিমানে ভিটামিন A পোৱা যায়

  • পালে শাক, 
  • বিলাহী, 
  • ৰঙা আলু, 
  • গাজৰ, 
  • কেঁচা মটৰ, 
  • বন্ধা কবি, 
  • অমিতা, 
  • লাউ, 
  • পকা আম, 
  • সেউজীয় আৰু হালধীয়া ৰঙৰ শাক-পাচলি, 
  • ফল, 
  • গাখীৰ, 
  • মাখন, 
  • কণী 
  • মাছৰ তেল, 
  • পঠা ছাগলীৰ মঙহ, 

ভিটামিন  ‘এ’ (Vitamins A) আৱশ্যকতা

ভিটামিন এ আমাৰ চকুৰ দৃষ্টি শক্তিৰ বাবে উপকাৰী । এই ভিটামিনৰ অভাৱ হলে চকুৰ দৃষ্টিশক্তি কমি যায় । এই ভিটামিনৰ অভাৱ দহ বাৰ বছৰ বয়সতে চশমা ব্যৱহাৰ কৰিব লগা হয় । এই ভিটামিনৰ অভাৱ হলে ৰোগীয়ে সন্ধ্যা হোৱাৰ পিছতে চকুৰে কম দেখিবলৈ আৰম্ভ কৰে । অতি সোনকালে চিকিৎসা নকৰিলে অন্ধও হৈ যোৱাৰ সম্ভাৱনা থাকে ।

বিশেষজ্ঞ সকলৰ মতে ভিটামিন এৰ অভাৱ হলে দাঁতৰ ৰোগ , চকু জ্বলা – পোৰা কৰা , ছালৰ বেমাৰ , শাৰীৰিক দুৰ্বলতা আদি ৰোগৰ প্ৰাদুৰ্ভাব ঘটে । এই ভিটামিনৰ অভাৱত মানুহৰ তেজ কমি যায় , ইউৰিক এচিদ বাঢ়ে আৰু বিভিন্ন অংগ – প্ৰত্যঙৰ বিকৃত ৰূপ দেখা যায় ।

সতেজ শাকত ভিটামিন এ বেছি পৰিমাণে পোৱা যায় । মাছৰ লিভাৰৰ তেলৰ মাজতো এ ভিটামিন প্ৰচুৰ পৰিমাণে থাকে । শৰীৰত ভিটামিন ‘এ’ৰ অভাৱ হলে পেটৰ হজম শক্তিও কমি যায় ।

খ) ভিটামিন ‘বি’ (Vitamins B)

এই ভিটামিনৰ অভাব হলে 

  • অজীর্ণ, 
  • অভোেক, 
  • কোষ্ঠকাঠিন্য,
  • জিভাৰ ঘা, 
  • বেৰিবেৰি, 
  • শিশুৰ ওজন হ্রাস, 
  • শীর্ণতা আৰু 
  • স্তনত গাখীৰৰ অভাব হয় 

অতি পৰিমানে ভিটামিন B পোৱা যায় 

  • সেউজীয়া পাচলি, 
  • বন্ধা কবি,
  • পিঁয়াজ, 
  • বিলাহী, 
  • আলু 
  • উৰহী, 
  • চয়াবিন, 
  • চীন, 
  • বাদাম, 
  • কমলা টেঙা, 
  • মাছৰ কণী, 
  • কণীৰ কুহুম, 
  • পঠা ছাগলীৰ আগমঙহ, 
  • মাংস, 
  • চানা 

ভিটামিন ‘বি’ (Vitamins B) আৱশ্যকতা

ভিটামিন বিৰ মাজত আৰু কেইবা প্ৰকাৰৰো ভিটামিন নিহিত হৈ থাকে । ইয়াৰ ভিতৰত যিবিলাক ভিটামিন থাকে তাক ভিটামিনৰ সমষ্টি বুলি কোৱা হয় । ইয়াৰ মাজত নিহিত হৈ থকা ভিটামিনৰ সমষ্টিসমূহ হল – থায়ামিন , ৰিবোফ্লেবিন ফোলেট , নিয়াসিন , পাইৰোডোক্সিন আৰু  ‘বি’ ১২ মিহলি হৈ থাকে ।

বিশেষজ্ঞসকলৰ মতেৰে বায়ুটিন কুনিন , পেন্টোথিনিক এচিড , ইনোচিটিল , বেঞ্জোইক এচিড প্ৰভৃতিও এই শ্ৰেণীৰ ভিটামিনৰ ভিতৰতে পৰে । এই শ্ৰেণীৰ ভিটামিন শৰীৰৰ বাবে অতি উপকাৰী ।

ভিটামিন  ‘বি’ – ১ (Vitamins B – 1)

এই খাদ্যপ্ৰাণ পৰিপাক ক্ৰিয়াৰ বাবে অতি আৱশ্যক । আমাৰ সদায় খোৱা খাদ্য মাজত বেছি পৰিমাণে ভিটামিন বি এক থাকিলে হজমি শক্তি বৃদ্ধি পায় , আৰু ভোক বাঢ়ে । আমাৰ স্নায়ু বিলাকত শক্তি বিয়পাবৰ বাবে এইবিলাকৰ কৰ্মশক্তি বৃদ্ধি পায় আৰু স্মৰণ শক্তি প্ৰখৰ হয় । 

চিকিৎসক সকলৰ মতে ভিটামিন বি – ১ অর্থ্যাৎ খোৱা আহাৰৰ মাজত ভিটামিন বি – ১ ৰ অভাব হলে তেজৰ পায়ৰুবিক এচিড বেছি হয় আৰু হৃদযন্ত্ৰৰ ক্ষতি সাধন কৰে । এই পায়ৰুবিক এচিড বাঢ়ি গলে হৃদযন্ত্ৰৰ ক্ৰিয়াত অৱৰোধ সৃষ্টি কৰে । এই খাদ্যপ্ৰাণৰ অভাৱত বেৰি বেৰি ৰোগৰো উৎপত্তি হয় । গজালি মেলা মাহ , গাখীৰ , দাইল , চয়াবিন আৰু টাটকা পাতযুক্ত শাক পাচলিত এই ভিটামিন বা খাদ্যপ্ৰাণ থাকে । টাটকা শাক পাচলি আৰু ফলমূল খালে ভিটামিন বি – ১ ভালকৈয়ে আহৰণ কৰিব পাৰি । 

ভিটামিন  ‘বি’ – ২ (Vitamins B – 2)

এইবিধ ভিটামিন বা খাদ্যপ্ৰাণ শৰীৰৰ সুস্থতাৰ বাবে অতি আৱশ্যক । এই ভিটামিনৰ প্ৰভাৱত দেহ মন প্ৰফুল্লিত হৈ থাকে আৰু কৰ্ম ক্ষমতা বৃদ্ধি পায় । বিশেষকৈ এই ভিটামিনৰ গুনতে মানুহৰ বৃদ্ধত্ব প্ৰাপ্তি সোনকালে হব নোৱাৰে । 

গাখীৰ , চয়াবিন , গঁজালি ওলোৱা মাহ , তিয়ঁহ , কল আদিত এই খাদ্যপ্ৰাণ বেছিকৈ থাকে । চকুৰ যি কোনো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি আৰু শৰীৰৰ পৰিপাক শক্তিবৃদ্ধি হৈ থাকে । 

এইবিধ খাদ্যপ্ৰাণৰ অভাৱ হলে পেটৰ হজমি শক্তি কমি যায় । আভোক সৃষ্টি হয় মানুহজন দুৰ্বল হৈ যায় , মুখত ঘা লাগে আৰু জীভাৰ সোৱাদ নষ্ট হৈ যায় । গাত খজুৱতি বা ফোঁহা আদিও এই ভিটামিনৰ অভাবতে হয় । মুঠতে সতেজ শাক পাচলি ফল মূলৰ মাজতে আমাৰ শৰীৰৰ বাবে উপকাৰী ভিটামিন বা খাদ্যপ্ৰাণ সমূহ পোৱা যায় । 

ভিটামিন  ‘বি’ – ৬ (Vitamins B – 6)

শৰীৰৰ প্ৰোটিনৰ পৰিপাক ক্ৰিয়াৰ কাৰণে এইবিধ ভিটামিনৰ আৱশ্যক হয় , ইয়াক বিভিন্ন শাক পাচলিৰ যোগেদিয়েই লাভ কৰি শৰীৰ সুস্থ কৰি ৰাখিব পাৰি । 

পাঠা কলিজাত এই ভিটামিন পোৱা হয় । এই ভিটামিন থকা শাক পাচলি , ফল মূলৰ পৰা আমাৰ দেহৰ অংগ প্ৰত্যঙগৰ মসৃনতা সুন্দৰতা সুস্থ হৈ থাকে । এই ভিটামিনৰ অভাৱ হলে আমাৰ তেজ পৰিবাহী স্নায়ু বা শিৰাসমূহৰ বিকৃতি ঘটে । 

ভিটামিন ‘বি’ – ১২ (Vitamins B – 12)

এইবিধ ভিটামিনে আমাৰ শৰীৰত তেজৰ সৃষ্টিত সহায় কৰে । গৰ্ভৱতী মহিলাৰ বিশেষকৈ এই ভিটামিনৰ অভাব হোৱা দেখা যায় । ইয়াৰ ফলত তেজ কমি আহিবলৈ ধৰে । চিকিৎসা বিজ্ঞান অনুসাৰে বিশেষজ্ঞ সকলৰ মতে এই ভিটামিনৰ অভাবত ডি , এন , এৰ উৎপত্তিৰ ওপৰত প্ৰভাৱ পৰে । মেৰুদণ্ডৰ হাড়বিলাক দুৰ্বল হৈ যায় আৰু বিকৃত ৰূপ লয় ।

(গ) ভিটামিন ‘চি’ (Vitamins C)

এই ভিটামিনৰ অভাব হলে 

  • স্কার্ভি ৰোগ 
  • দাঁত উঠোতে পলম হয়, 
  • হাড় টান নহয়, 
  • শিশুৰ ওজন হ্রাস পায়, আৰু 
  • খিটখিটিয়া হয় । 

অতি পৰিমানে ভিটামিন C পোৱা যায়

  • নেমু টেঙা, 
  • অনাস, 
  • কল, 
  • আপেল, 
  • পিঁয়াজ 
  • কুঁহিয়াৰ 
  • বিলাহী, 
  • পালেংশাক, 
  • বন্ধাকবি, 
  • ৰঙা আলু, 
  • মৃগ, 
  • যব, 
  • অংকুৰিত 
  • বুটমাহ, 
  • কেঁচা মটৰ, 
  • গাৰ্থীৰ 
  • দৈ
  • ঘোল প্রভৃতিত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থাকে ।

ভিটামিন ‘চি’ (Vitamins C) আৱশ্যকতা

এইবিধ ভিটামিন আমাৰ দেহৰ প্ৰতিটো অংগকে সতেজ কৰি ৰাখিব পাৰে । বিশেষকৈ তেজ সঞ্চালন কৰা ধমনি বিলাকক দাঁত আৰু হাড়বিলাক শক্তিশালী কৰি ৰাখে । শৰীৰৰ আভ্যন্তৰিক ৰক্তস্ৰাব বন্ধ কৰে আৰু শৰীৰত দুখ পাই তেজ ওলোৱা ক্ষেত্ৰত সোনকালে সুস্থ হৈ উঠাত সহায় কৰে । চিকিৎসক বিশেষজ্ঞ সকলৰ মতে ভিটামিন  ‘চি’ অৰ্থাৎ এচকৰবিক এচিড একপ্ৰকাৰ শৰ্কৰা জাতীয় । এই ভিটামন বা খাদ্যপ্ৰাণৰ অভাব হলে তেজ চলাচল ক্ৰিয়াত ব্যাঘাত সৃষ্টি হয় আৰু এনিমিয়াত ভোগে । এই ভিটামিন  ‘চি’ য়ে আমাৰ শৰীৰক সুৰক্ষা প্ৰদান কৰি ৰাখিব পাৰে , তাৰ মানে ৰোগ প্ৰতিৰোধক ক্ষমতা ভিটামিন ‘চি’ৰ যথেষ্ট আছে । 

এই ভিটামিন অতি সহজে পানীৰ লগত মিহলি হৈ যায় । কিন্তু শাক পাচলি আৰু ফল জুইত সিদ্ধ কৰিলে তাৰ ভিটামিন গুনখিনি নষ্ট হৈ যায় । টেঙা জাতীয় ফল , যেনে – নেমু , কমলা , মৌচুমী , আমলখি , বিলাহী , পাতযুক্ত শাক পাচলি , আৰু গঁজালি ওলোৱা পাচলিৰ বিশেষকৈ এই ভিটামিন থাকে । আলুতো ভিটামিন চি আছে কিন্তু আলুৰ বাকলি গুচাই দিলে ইয়াৰ মাত্ৰা আৰু কমি যায় ।

ঘ) ভিটামিন ‘ই’ (Vitamins E)

ভিটামিন ‘ই’ৰ অভাব হলে 

  • গর্ভ নষ্ট হয়, 
  • গভস্থ সন্তান নষ্ট হয়। 
  • মহিলা আৰু পুৰুষৰ যৌৱনৰ অসুবিধা
  • চুলি সৰা, 
  • চুলি পকা, 
  • দৈহিক সৌন্দৰ্য অটুট নাথাকে

অতি পৰিমানে ভিটামিন C পোৱা যায়

  • নাৰিকল, 
  • বল, 
  • চয়াবিন, 
  • বাদাম, 
  • মাংসৰ চৰ্বি, 
  • মাছৰ তেল, 
  • মাংস, 
  • কণী প্রভৃতিত প্ৰচুৰ পৰিমাণে ভিটামিন ‘ই’ থাকে ।

ভিটামিন  ‘ই’ (Vitamins E) আৱশ্যকতা

বৰ্তমান চিকিৎসক সকলে এই ভিটামিন ‘ই’ৰ ওপৰত বেছি জোৰ দিয়ে । মহিলা আৰু পুৰুষৰ যৌৱনৰ স্থায়িত্ব আৰু দৈহিক সৌন্দৰ্য অটুত ৰখাত এইবিধ ভিটামিনৰ যথেষ্ট সহায় আছে । চিকিৎসক সকলৰ মতে প্ৰজননৰ বাবে শৰীৰত ভিটামিনৰ আৱশ্যক অতি বেছি ।

এইবিধ খাদ্যপ্ৰাণৰ অভাৱত মহিলাসকলৰ বন্ধ্যাত্ব প্ৰাপ্তি হোৱাও দেখা যায় । এই ভিটামিন ‘ই’ শৰীৰত অভাৱ হলে ডেকা অৱস্থাতেই চুলি সৰি যায় , পকি যায় । চুলি কলা হৈ থকা , দীঘল শকত হোৱা ধুনীয়া হোৱা এই ভিটামিনে বহুত সহায় কৰে । এইবিধ ভিটামিন উপযুক্ত মাত্ৰাত থাকিলে মধুমেহ , হাপানি আৰু হৃদৰোগৰ পৰা হাত সাৰি থাকিব পাৰি ।

বয়স হোৱাৰ লগে লগে আমাৰ শৰীৰৰ তেজ চলাচল কৰা নলীবিলাকৰ মাজত চৰ্বি জমা হবলৈ ধৰে । এই সময়ত এই ভিটামিন  ‘ই’ শৰীৰত পৰ্যাপ্ত পৰিমাণে থকাটো বাঞ্ছনীয় । তেতিয়া চৰ্বি জমা হৈ থাকিব নোৱাৰে । 

ভিটামিন ‘ই’য়ে কলেস্ট্রোলক একত্ৰিত হবলৈ নিদিয়ে , তেজ গোট মাৰিবলৈও সুবিধা নিদিয়ে । তেজক পানীয় কৰি চলাচল কৰাত সুবিধা প্ৰদান কৰে । সদায় ১০০  আই , ইউ ভিটামিনৰ আৱশ্যক আমাৰ হয় । এই আৱশ্যকীয় ভিটামিন ২ কিলোগ্ৰাম পালেং শাক বা ৪ কাপ বাদামত লাভ কৰিব পাৰি । 

এই ভিটামিন গঁজালি ওলোৱা মাহ , তেল , পাতযুক্ত শাক পাচলি আৰু গাখীৰ মাখনত প্ৰচুৰ পৰিমাণে পোৱা যায় । 

ভিটামিন  ‘ডি’ (Vitamins D) আৱশ্যকতা

এইবিধ ভিটামিন গাখীৰ , মাছৰ লিভাৰৰ তেল আৰু কণীত বেছি মাত্ৰাই পোৱা যায় । গাখীৰৰ পৰা হোৱা বাবে ঘিউ আৰু মাখনতো এই ভিটামিন বেছিকৈ পোৱা যায় । শৈশৱ কালত ভিটামিন  ‘ডি’ৰ অভাব হলে শিশুৰ ৰিকেট বা পঁয়ালগা ৰোগ হোৱা দেখা যায় ।

চিকিৎসা শাস্ত্ৰ অনুসাৰে টেঙাৰ মাজত থকা ডিহাইড্ৰো কলেস্ট্রোল যেতিয়া সূৰ্যৰ কিৰণৰ সংস্পৰ্শলৈ আহে , তেতিয়া শৰীৰত এই ভিটামিনৰ উৎপত্তি হয় । এনেকুৱা ৰোগীক চিকিৎসকে ৰ’দত বহিবলৈ পৰামৰ্শ দিয়ে । শিশুসকলক গাখীৰ , মাখন আৰু মাতৃস্তন গাখীৰ খুৱালে এই ভিটামিন শৰীৰত বেছি মাত্ৰাত থাকে । ভিটামিন ডিয়ে আমাৰ দাঁত আৰু হাড় সমূহক শক্তিশালী কৰি ৰাখে । এই খাদ্যপ্ৰাণ শৰীৰত কম হলে কেলচিয়াম আৰু ফচফৰাচ কমি যায় আৰু পৰিপাক ক্ৰিয়া সম্পন্ন হবলৈ সুবিধা নাপায় । মেৰুদণ্ডৰ হাড় আৰু হাত ভৰিৰ হাড় ক্ষীণ আৰু দুৰ্বল হৈ পৰে আৰু শুকাই যাবলৈ ধৰে । দাঁতত পায়োৰিয়া ৰোগ আৰম্ভ হয় । 

ভিটামিন  ‘কে’ (Vitamins K) আৱশ্যকতা

ভিটামিন  ‘কে’ নামৰ ভিটামিনবিধে আমাৰ শৰীৰৰ মূল যন্ত্ৰ যকৃতক কৰ্মক্ষম কৰি ৰাখে আৰু প্ৰেথোম্বিক উৎপাদনত সহায় কৰে । কোনো ঠাইত কাটিলে দুখ পালে তেজ ওলালে এই ভিটামিনবিধে সোনকালে তেজ ওলোৱা বন্ধ কৰি দিব পাৰে। 

এই ভিটামিন বা খাদ্যপ্ৰাণ পানীৰ লগত অলপ মাত্ৰাতহে মিহলি হয় । কিন্তু চৰ্বিত অতি সোনকালে মিলি যায় ।

এই ভিটামিন সজীৱ শাক পাচলি আৰু বিলাহীত বেছি মাত্ৰাত পোৱা যায় ।

ভিটামিন ‘পি’ (Vitamins P) আৱশ্যকতা

এই ভিটামিন বা খাদ্যপ্ৰাণৰ অভাব হলে শৰীৰৰ তেজ চলাচল কৰা নলীবিলাকত বাধাৰ সৃষ্টি হয় , তাৰ ফলত ৰক্তচাপ হবলৈ দিয়ে । টেঙা মিঠা ফল আৰু পাচলিৰ মাজত এই ভিটামিন পোৱা যায় । হৃদৰোগৰ পৰা হাত সাৰি থাকিবলৈ এই খাদ্যপ্ৰাণ থকা ফলমূল , শাক পাচলি খাব লাগে ।

যিকোনো ৰোগীৰ চিকিৎসা কৰিবলৈ হলে এই ভিটামিনৰ বাহিৰেও আৰু কিছু নিয়ম মানি চলা উচিত । 

যেনে – 

১) ৰোগী থকা ঘৰ আহল বহল হব লাগে। ঘৰৰ ভিতৰত বাহিৰৰ পোহৰ আৰু মুকলি বতাহ সোমাব পৰা হব লাগে আৰু সেমেকা হব না লাগে । 

২) ৰোগীয়ে পিন্ধা কাপোৰ আৰু বিছনা পৰিস্কাৰ ৰাখিব লাগে। মাজে মাজে ৰ’দাব লাগে ৷ 

৩) ৰোগীৰ সেৱাকাৰিৰ পোচাক পৰিস্কাৰ হব লাগে । 

৪) ৰোগীৰ সেৱাকৰাৰ সময়ত পৰিচৰ্যাকাৰীয়ে যেন পেট খালী নাৰাখে । 

৫) ৰোগী পৰিচয়াৰ সময়ত প্রতিদিন ৰোগীন মল, মূত্র, বমি, কাহ, নাড়িৰ গতি, উত্তাপ, শ্বাস-প্রশ্বাস, পথ্য আদিৰ বিষয়ে এখন কাগজ লিখি ৰখা উচিত ।

নানা ধৰণৰ ফলমূল , শাক পাচলিৰ ৰসৰ লগত থকা প্ৰকৃতিক খাদ্যপ্ৰাণ সহজ সৰল ভাবে হজম হৈ শৰীৰত সম্পূৰ্ণ ৰোগ নিৰোধক শক্তি প্ৰদান কৰিব পাৰে । 

Suggested:

২০ লঙৰ উপকাৰিতা আৰু ব্যৱহাৰ

নীমৰ উপকাৰিতা ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

Leave a Reply