সূৰ্য নমস্কাৰ আসনত মানৱ শৰীৰত লাভালাভ আৰু সাৱধানতা

সূৰ্য নমস্কাৰ আসন কৰিলে মানৱ শৰীৰত লাভালাভ আৰু সাৱধানতা

চমু পৰিচয়

ঋষি মুনিৰ যুগৰেই পৰা যোগাশনে ভাৰতীয় সমাজ আৰু সংস্কৃতিত অশেষ গুৰুত্ব পাই আহিছে। মন মগজুক শান্ত কৰাৰ আৰু স্বাস্থ্যৰ মানদণ্ড উন্নত কৰাৰ এক উৎকৃষ্ট মাধ্যম বুলি যোগাশনক মান্যতা প্ৰদান কৰি আহা হৈছে। প্ৰচীন ভাৰতীয় তথা বৈদিক যুগৰ ব্যায়ামৰ এই জ্ঞানে বৰ্তমানে সমগ্ৰ বিশ্বতে সমাদৰ লভিবলৈ সক্ষম হৈছে। যোগাশন আৰু ব্যায়ামৰ এনে প্ৰক্ৰিয়াৰ ভিতৰত এক অন্যতম হৈছে ‘সূৰ্য নমস্কাৰ’। 

সূৰ্য নমস্কাৰত ১২টা আশন অনৰ্ভূক্ত কৰা হয়। যাৰ ভিতৰত ৪টা আশন শৰীৰটোক আকৌ আগৰ অৱস্থাত ঘূৰাই আনিবলৈ পুনৰাবৃত্তি কৰা হয়। থুল-মূলকৈ কʼবলৈ গলে সূৰ্য নমস্কাৰ হৈছে একেলেঠাৰিয়ে কৰি যোৱা ১২টা আশনৰ শাৰী বা শিকলি। 

সূৰ্য নমস্কাৰৰ উৎস

পৌৰাণিক যুগৰ ঋষি মুনি তথা জ্ঞানী পুৰুষৰ মতবাদ অনুসৰি, আমাৰ শৰীৰৰ প্ৰত্যেকটো অংশক কোনোবা নহয় কোনোবা দৈৱ শক্তি বা পবিত্ৰ তত্বই প্ৰভাৱান্বিত কৰে। আমাৰ নাভিৰ সমান্তৰালভাবে আভ্যন্তৰিন দিশত অৱস্থিত ‘সৌৰজাল’ (সম্ভৱতঃ পিত্তকেই সৌৰজাল বোলা হৈছিল) হৈছে দেহৰ কেন্দ্ৰবিন্দু। আনকি ইয়াক দেহৰ দ্বিতীয় মগজু হিচাপেও আখ্যা দিয়া হৈছিল আৰু এই বিশ্বাস আছিল যে ই সূৰ্যৰ সৈতে সম্পৰ্কিত। সেয়ে, সূৰ্য নমস্কাৰ দৈনিক কাৰ্য ৰূপে কৰিলে দেহ মনৰ কাৰ্যক্ষমতা বৃদ্ধি পায় বুলি বিশ্বাস কৰা হৈছিল।

সূৰ্য নমস্কাৰ ত অনৰ্ভূক্ত কৰা প্ৰত্যেকটো আশনৰ নিজা শাৰীৰিক কাৰ্য আৰু স্বাস্থ্য পক্ষে উপকাৰিতা আছে। নিয়ম অনুসৰি আধ্যাত্মিক দিশেৰে চালে দেখা যায় যে সূৰ্য নমস্কাৰ ৰ প্ৰত্যেক আশনৰ সৈতে একোটা মন্ত্ৰ জড়িত হৈ আছে। আৰম্ভনিৰ পৰা শেষৰলৈকে প্ৰত্যেক আশনৰ আগতে এই মন্ত্ৰবোৰ এটা এটাকৈ গাই সূৰ্যদেৱতাক স্তুতি কৰা হয়।

এই মন্ত্ৰবোৰ তলত উল্লেখ কৰা হʼল- 

  • ঔঁ মিত্ৰায় নম:
  • ঔঁ ৰবয়ে নম:
  • ঔঁ সূৰ্য্যায় নম:
  • ঔঁ ভানৱে নম:
  • ঔঁ খগয় নম:
  • ঔঁ পুষ্ণে নম:
  • ঔঁ হিৰণ্যগৰ্ভায় নম:
  • ঔঁ মৰিচয়ে নম:
  • ঔঁ আদিত্যায় নম:
  • ঔঁ চাবিত্ৰে নম:
  • ঔঁ অৰ্কায় নম:
  • ঔঁ ভাস্কৰায় নম:
  • ঔঁ শ্ৰী চাবিত্ৰো সূৰ্যনাৰায়নায় নম: 

Read Also: 12+ মনোযোগ বৃদ্ধি কৰাৰ উপায় – Ways to Improve Attention

সূৰ্য নমস্কাৰৰ আশন সমূহ (Surya Namaskar Asanas)

তলত সূৰ্য নমস্কাৰৰ প্ৰত্যেকটো আশনৰ বিধি, তাৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হʼব।

১) প্ৰণাম আশন (Pranamasana)

এই আশনটো সূৰ্য নমস্কাৰ প্ৰক্ৰিয়াৰ প্ৰথম আৰু শেষৰটো আশন। দুয়োখন হাতৰ তলুৱা নমস্কাৰ স্থিতিত যোৰ লগাই এটাৰ পৰা আনটো কুহুনিলৈকে হাত দুখন ১৮০ ডিগ্ৰীত পোন হোৱাকৈ আৰু বুকুৰ সমান্তৰালকৈ ৰাখিব লাগে। ইয়াৰ লগতে ডিঙি, ৰাজহাড় পোন কৰি সন্মুখলৈ চাব লাগে। ভৰি দুখন এখন আনখৰ লগত পোনকৈ লগাই থব লাগে। কিছু পৰ এনেকৈয়ে থাকি দ্বিতীয় আশনটোলৈ গতি কৰিব পাৰি।

প্ৰণাম আশন

উপকাৰিতা (Benefits)

  • হাতদুখন প্ৰণাম অৱস্থাত থোৱা বাবে এই আশনক প্ৰণামাশন বা প্ৰণাম আশন  বুলি কোৱা হয়। এই আশনত হাতৰ তলুৱা দুখনে এখনে আনখনক হেচি ধৰাৰ বাবে হৃদচক্ৰ মুক্ত তথা সম্পূৰ্ণ কৰে। বুকুৰ সমান্তৰালকৈ  হাতদুখন এখন আনখনৰ লগ লগাই এক বৃত্তাকাৰ আকৃতিৰ সৃষ্টি কৰিলে এক শক্তি চক্ৰ সম্পূৰ্ণ হয় যাৰ ধ্বনাত্মক প্ৰভাৱে আমাৰ মগজুলৈ গতি কৰি দেহ মনক শান্ত কৰে আৰু ইয়াৰ পৰৱৰ্তী জটিল আশনবোৰৰ বাবে শৰীৰক প্ৰস্তুত কৰে। 
  • এই আশনে স্নায়ুতন্ত্ৰক শান্ত কৰে, শৰীৰৰ ভাৰসাম্য সন্তুলিত কৰি ৰাখে, লগতে উদ্বেগ আৰু মানসিক চাপৰ পৰা সকাহ দিয়ে।

সতৰ্কতা (Precautions)

  • গৰ্ভাৱস্থাত যদি কঠিন পায় তেন্তে এই আশন কৰিব নালাগে।
  • এই আশন কৰাৰ আগতে একো খাব নালাগে।
  • চকু বন্ধ কৰি আৰু পৰা পক্ষত ৰাতিপুৱাৰ ভাগত কৰিব লাগে।

২) হস্ত উত্তনাশন (Hasta Uttanasana)

প্ৰথম আশনৰ পৰা হাতদুখন নমস্কাৰ স্থিতিতে ৰাখি দীঘল পোনকৈ মূৰৰ ওপৰফালেদি শৰীৰটো পাছফালে ঢাল খোৱাকৈ টানিব লাগে। এনে কৰোতে মূৰটো দুবাহুৰ মাজত থাকিব লাগে আৰু হাতৰ তলুৱালৈ চাব লাগে। হাতদুখনৰ সহায়ত শৰীৰটোক ওপৰফালে টনা হয় বাবে ইয়াক হস্ত উত্তনাশন বুলি কোৱা হয়।

হস্ত উত্তনাশন

উপকাৰিতা (Benefits

  • এই আশন কৰোতে যিহেতু পেট আৰু বুকুৰ মাংস পেশী টান খাই ই পিত্ত আৰু কফৰ স্বাস্থ্য উন্নত কৰি ইয়াৰ লগত জড়িত শাৰীৰিক সমস্যা তথা বেমাৰক দূৰত ৰাখে। হাপানি (Asthma)ৰ ৰোগী, তল পিঠিৰ বিষ আৰু অত্যাধিক ভাগৰত ভোগা লোকৰ পক্ষে এই আশন উপকাৰী হʼব পাৰে।
  • ওজন হ্ৰাস কৰাত সহায় কৰে।
  • ৰক্ত সঞ্চালন উন্নত কৰে।
  • হজমী শক্তি আৰু স্মৃতি শক্তি বৃদ্ধি কৰে।
  • মানসিক চাপ দূৰ কৰে।

সতৰ্কতা (Precautions)

  • খালী পেটত কৰিব লাগে।
  • পিঠি দুখ পায় থকা অৱস্থাত কৰিব নালাগে।
  • তল পেটৰ হাৰ্নিয়া, চাইটিকা, কঁকালৰ তথা ৰাজহাড়ত বিষ থাকিলে এই আশন কৰাৰ পৰা বিৰত থাকিব লাগে।
  • বৰকৈ জোৰ কৰি এই আশন কৰিব নালাগে নহʼলে প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হʼব পাৰে। 

৩) হস্ত পদাশন (Hasta Padasana)

এটা দীঘলীয়া নিশ্বাস এৰি সন্মুখৰ ফালে হাওলি হাতৰ আঙুলিৰে ভৰিৰ আঙুলি অথবা গেৰুৱাদুটা চুবলৈ চেষ্টা কৰক আৰু মূৰটো আঠুত লগাই দিয়ক। এনে কৰোতে মন কৰিব যাতে ৰাজহাড়ডাল যিমান কমকৈ বেকা হʼব পাৰে সিমানেই ভাল। ডিঙি আৰু কান্ধত জোৰ দিব নালাগে। আশনৰ স্থিতি এৰোতে লাহেকৈ উশাহ লৈ আকৌ আগৰ অৱস্থানত আহক।

হস্ত পদাশন

উপকাৰিতা (Benefits)

  • হস্ত পদাশনৰ ফলত সম্পূৰ্ণ ভৰিৰ মাংশপেশী বিশেষকৈ আঠুৰ পিছফালৰ অংশ টান খায় যিয়ে এই মাংশপেশী বোৰক অভিযোজ্য (Adjustable)তথা সবল কৰি তুলে; ফলত টুপনিৰ সমস্যা, অষ্টিঅʼপৰচিচ, মূৰৰ বিষ, মানসিক চাপ আৰু উদ্বেগৰ পৰা সকাহ পোৱা যায়।
  • এই আশনে ৰাজহাড় আৰু কঁকালক অভিযোজ্য তথা অধিক কাৰ্যক্ষম কৰি তুলে যাৰ ফলত যকৃতৰ প্ৰক্ৰিয়া সমূহ সুচাৰুৰূপে চলে। 

সতৰ্কতা (Precautions)

  • কঁকালৰ বিষ, উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰৰ সমস্যা, আঠুৰ সমস্যা, চাইটিকা আৰু তলপেটৰ হাৰ্নিয়া আদি সমস্যাত ভোগী থকা লোকে এই আশন কৰিব নালাগে।
  • বেছি জোৰ কৰি কৰিলে আঠু, জাংঘ আদিৰ মাংশপেশীত বিষ উঠিব পাৰে।

৪) অশ্ব ছঞ্চালনাশন (Ashwa Sansalanasana)

হস্ত পদাশনৰ পৰা গতি কৰি আঠুৰ পৰা ভৰি ভাঁজ লগাই এখন ভৰি পিছফালে থেলি আৰু আনখন ভৰি আগফালে বুকুৰ সমানত আনি হাতদুখনৰ তলুৱাৰে মাটিত চুব। এনে স্থিতিত হাতদুখন পোন আৰু ভৰিৰ সৈতে মাটিত একে শাৰীত অৱস্থিত হʼব লাগে আৰু পোনকৈ সন্মুখলৈ চাব লাগে যাতে ৰাজহাড়ডাল পোন হৈ থাকে। কিছু সময় এই অৱস্থানতেই শৰীৰক সন্তুলিত কৰি ৰাখিবলৈ চেষ্টা কৰক।

অশ্ব ছঞ্চালনাশন

উপকাৰিতা (Benefits)

  • অশ্ব ছঞ্চালনাশনে ৰাজহাড় আৰু হৃদযন্ত্ৰক শক্তিশালী কৰি তুলে, বদহজম আৰু কৌষ্ঠ্য- কাঠিন্য দূৰ কৰে।
  • ভৰি, ৰাজহাড় আৰু ডিঙিৰ মাংস পেশীৰ কাৰ্যক্ষমতা বঢ়াই।
  • চাইটিকাৰ ক্ষেত্ৰত উপকাৰী।
  • যকৃতৰ বাবে উপকাৰী।
  • শৰীৰৰ ভিন্ন গাঁঠিবোৰ মজবুত কৰে।

সতৰ্কতা (Precautions)

  • যদি আপোনি ডিঙি, আঠু বা কোনো গাঁঠিত দুখ পাইছে তেন্তে এই আশন নকৰিব।
  • খালী পেটত কৰিব।
  • যদি সাধাৰণভাবে ডিঙিৰ বিষ বা তেনে কোনো সমস্যা পাইছে তেন্তে এই আশন কৰোতে ওপৰফালে চোৱাৰ সলনি সন্মুখলৈ চাব।

৫) চতুৰঙ্গ দণ্ডাশন (Chaturanga Dandasansa)

অশ্ব ছঞ্চালনাশনৰ পৰা আগবাঢ়ি আগফালৰ ভৰিখন পিছফালে থকা ভৰিখনৰ সমানত লৈ যাওঁক। ভৰিৰ গেৰুৱাৰ পৰা মূৰলৈকে শৰীৰটো দণ্ড সদৃশ পোন কৰি ৰাখক। হাত দুখন ভাঁজ নলগোৱাকৈ বুকুৰ সমান্তৰালকৈ মাটিত হেচা দিয়ক। কিছুপৰ এনেকৈয়ে সম্পূৰ্ণ শৰীৰটোক কেৱল হাত দুখন আৰু ভৰিৰ আঙুলিকেইটাৰ সহায়ত ওপৰত তুলি সন্তুলন বজাই ৰাখক।

চতুৰঙ্গ দণ্ডাশন

উপকাৰিতা (Benefits)

  • দুবাহু আৰু বুকুৰ মাংশপেশী, ৰাজহাড় আৰু কান্ধ শক্তিশালী কৰি তুলে।
  • শৰীৰৰ ভংগী তথা গাঠনি উন্নত কৰে।

সতৰ্কতা (Precautions)

  • Carpal tunnel syndrome থাকিলে, হাতৰ গাঁঠি বা কান্ধত দুখ পাই থাকিলে এই আশন কৰিব নালাগে।
  • গৰ্ভাৱস্থাত এই আশন কৰিব নালাগে।
  • পিঠিৰ বিষ বা অন্য তেনে সমস্যাত ভোগী থাকিলে এই আশন কৰিব নালাগে।
  • এই আশন কৰি থকা অনস্থাত কোনো শাৰীৰিক অসুবিধা পালে তৎক্ষণাতে বন্ধ কৰিব লাগে।

৬) অষ্ঠাংগ নমস্কাৰাশন (Ashthanga Namaskarasana)

শৰীৰৰ আঠটা অংগৰ ব্যৱহাৰ কৰি এই আশন কৰা হয় বাবে ইয়াক অষ্ঠাংগ নমস্কাৰাশন বোলা হয়। এই আশন কৰোতে দুয়োটা আঠু, বুকু, কপাল, দুখন হাতৰ তলুৱা বুকুৰ সমান্তৰালকৈ আৰু ভৰিৰ আঙুলিকেইটা মাটিত চুই থাকিব লাগে। এইকেইটা অংগৰ বাহিৰে বাকী শৰীৰটোক ওপৰলৈ দাঙি থʼব লাগে।

অষ্ঠাংগ নমস্কাৰাশন

উপকাৰিতা (Benefits)

  • ৰাজহাড় আৰু কঁকালক মজবুত কৰে আৰু ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।
  • মাংসপেশী শক্তিশালী কৰাৰ লগতে মানসিক চাপ আঁতৰ কৰে।

সতৰ্কতা (Precautions)

  • Carpal tunnel syndrome থাকিলে, হাতৰ গাঁঠি বা কান্ধত দুখ পাই থাকিলে এই আশন কৰিব নালাগে।
  • সদ্যসতে যদি আপোনাৰ শৈল্য চিকিৎসা (Surgery)হৈছে তেন্তে এই আশন নকৰিব।
  • উচ্চ ৰক্তচাপ আৰু Migraine ৰ সমস্যা থাকিলে ইয়াক নকৰিব।

Read Also: পানীৰ গুৰুত্ব – আপুনি জানেনে এদিনত কিমান পানী খাব লাগে?

7) ভুজঙ্গাশন (Bhujangasana)

ওলোটাকৈ পেট পেলাই শুই হাতদুখন বুকুৰ কাষত আনি মাটিত হেচা আৰু দুখন হাতত জোৰ দি কঁকালৰ পৰা ওপৰৰ অংশ বতাহত ওপৰফালে তুলিব লাগে আৰু পিছফালে শৰীৰটো বৃ্ত্তাকাৰৰূপে বেকা কৰিবলৈ চেষ্টা কৰিব লাগে। কঁকালৰ পৰা বাকী তলৰ অংশই মাটি চুই থাকিব লাগে। আশনটো সঠিককৈ কৰিলে শৰীৰৰ আাকৃতি মূৰ তুলি থকা ফেটি সাপৰ দৰে হয়। 

ভুজঙ্গাশন

উপকাৰিতা (Benefits) 

  • ৰাজহাড়, পিঠি, কান্ধ আৰু বুকুৰ নমনীয়তা বৃদ্ধি কৰে।
  • মাংশপেশী সবল কৰে।
  • হজমী শক্তি, ৰক্ত সঞ্চালন, চাইটিকা আদিৰ ক্ষেত্ৰত লাভজনক।

সতৰ্কতা (Precautions) 

  • Hernia, Peptic ulcer, Hyperthyroidism বা Intestinal tuberculosis ৰ সমস্যা থাকিলে এই আশন কৰাৰ আগতে ডাক্টৰৰ পৰামৰ্শ লব লাগে।
  • গৰ্ভাৱস্থাত কৰিব নালাগে।
  • বেছি জোৰ কৰি এই আশন কৰিব নালাগে।

৮) অধ:মূখ সবাশন (Adho Mukha savasana)

এই আশনত কঁকালৰ পৰা ভাঁজ লগাই হাতদুখনৰ তলুৱাৰে মাটিত চুব লাগে। এনে কৰোতে মন কৰিব লাগে যে মূৰটো দুবাহুৰ মাজত থাকিব লাগে আৰু কঁকালৰ পৰা হাতলৈকে শৰীৰটো পোন হৈ থাকিব লাগে। একেদৰে, কঁকালৰ তলৰ অংশও পোন কৰি ৰাখিব লাগে। শৰীৰটো ত্ৰিকোণ আকাৰত দেখা দিব লাগে। আৰু থুতুৰিটো বুকুত লগাই দিব লাগে।

অধ_মূখ সবাশন

উপকাৰিতা (Benefits)

  • অধ:মূখ সবাশনে স্নায়ুতন্ত্ৰ শান্ত কৰে আৰু তেজৰ সঞ্চালন বৃদ্ধি কৰে।
  • মানসিক চাপৰ পৰা সকাহ দিয়ে।
  • বাহু আৰু ভৰি শক্তিশালী কৰে।
  • ঋতুজড়া (Menopause)ৰ লক্ষণসমূহ হ্ৰাস কৰে।
  • Carpal tunnel syndrome ত সহায় কৰে।
  • মনোযোগ শক্তি বৃদ্ধি কৰে।
  • মগজুলৈ অক্সিজেন সৰ্বৰাহ কৰে আৰু স্মৃতি শক্তি বৃদ্ধি কৰে।

সতৰ্কতা (Precautions)

  • খদ্য গ্ৰহনৰ কমেও ৩-৪ ঘন্টা পাছতহে এই আশন কৰিব পাৰি।
  • গাঁঠি বিষ থাকিলে এই আশন নকৰিব।
  • হৃদযন্ত্ৰ অথবা পেটৰ সমস্যাত ভোগীলে এই আশন নকৰিব।

অধ:মূখ সবাশনৰ পাছত পুনৰ প্ৰণামাশনলৈ ঘূৰি আহিবলৈ ক্ৰমান্বয়ে অশ্ব ছঞ্চালনাশন, হস্ত পদাশন আৰু হস্ত উত্তনাশনৰ অৱস্থান লোৱা হয়। একেবাৰে শেষত প্ৰণামাশন কৰি সূৰ্য নমস্কাৰ প্ৰক্ৰিয়াৰ অন্ত পেলোৱা হয়। অৰ্থাৎ এই আশন ৪টাৰ পুনৰাবৃত্তি হয়। 

সামৰণি

উক্ত প্ৰবন্ধটিত সূৰ্য নমস্কাৰৰ বিভিন্ন আশনবোৰ আৰু তাৰ শৰীৰত হোৱা প্ৰভাৱবোৰৰ বিষয়ে আলোচনা কৰা হʼল। আশা কৰো এই প্ৰবন্ধটিত উল্লেখ কৰা তথ্য সমূহে আপোনাৰ উপকাৰ সাধিব। ধন্যবাদ!

Author: Aparna Singha

 Latest post

Leave a Reply