17+ ৰোগন বাদাম উপকাৰিতা – Benefits of Almonds, Uses, Side Effects

ৰোগন বাদাম উপকাৰিতা তথা ঔষধি গুণাগুণ – Amazing Health Benefits of Almonds, Uses, Side Effects

চমু পৰিচয়

আমাৰ খাদ্যসামগ্ৰীত স্মৃতিবৰ্ধক হিচাপে যিবোৰ ফলমূল অন্তৰ্ভুক্ত হয় সেইবোৰৰ ভিতৰত অন্যতম হৈছে বাদাম।আমি সচৰাসচৰ খোৱা চীনা বাদাম (Peanut) ৰ উপৰিও আন বহুতো উন্নত প্ৰকাৰৰ বাদাম যেনে- কাজু বাদাম (Cashew nut), ৰোগন বাদাম (Almond), আখৰোট (Walnut) ইত্যাদি পোৱা যায়। এইবোৰ বাদামৰ ভিতৰত স্বাস্থ্য ৰক্ষাৰ বাবে বহুল ব্যৱহৃত বাদাম হৈছে ৰোগন বাদাম (Almond)। আমাৰ দেহক বিভিন্ন প্ৰকাৰে পুষ্টি তথা বিভিন্ন বেমাৰক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ৰোগন বাদামৰ বহুখিনি উপকাৰিতা দেখা যায়। সাধাৰণতে দুই প্ৰকাৰৰ ৰোগন বাদাম পোৱা যায় ইয়াৰে এবিধ মিঠা আৰু আনবিধ টেঙা। এই লেখাৰ যোগেদি ৰোগন বাদামৰ বিষয়ে তথা আমাৰ শৰীৰ ৰক্ষাৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰে ইয়াৰ বিষয়ে কিছু আভাস দিবলে চেষ্টা কৰা হ’ল।

ৰোগন বাদাম উপকাৰিতা - Benefits of Almonds, Uses, Side Effects

ৰোগন বাদামৰ ঔষধি গুণাগুণ

ৰোগন বাদামৰ বৈজ্ঞানিক শ্ৰেণীবিভাজন (Scientific Classification of Almonds)

ৰাজ্য : উদ্ভিদ Kingdom : Plantae

শ্ৰেণী : সপুস্পক Phylum : Angiospermae

উপশ্ৰেণী : ৰছিড Sub-phylum : Rosids

বৰ্গ : ৰজেলচ Order : Rosales

পৰিয়াল : ৰজেচি Family : Rosaceae

গৌণ : প্ৰোনাছ Genus : Prunus

প্ৰজাতি : ডালছিচ Species : dulcis

বৈজ্ঞানিক নাম (Scientific Name): প্ৰোনাছ ডালছিচ ( Prunus dulcis)

ৰোগন বাদামৰ উপলব্ধতা আৰু কৃষি পদ্ধতি (Distribution and Cultivation Process of Almond)

ৰোগন বাদাম প্ৰথমে ইৰাণ (Iran) দেশ আৰু ইয়াৰ দাঁতিকাষৰীয়া দেশসমূহত পোৱা গৈছিল। পিছৰ পৰ্যায়ত ই ভূ- মধ্যসাগৰ (Mediterranean) অঞ্চললৈ বিয়পি পৰে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ইউৰোপ (Europe), কেলিফৰ্নিয়া (California), দক্ষিণ আফ্ৰিকা (South Africa) ইত্যাদি অঞ্চলসমূহত ইয়াৰ খেতি কৰিবলৈ আৰম্ভ কৰা হয়। ভাৰতত পঞ্জাৱ আৰু কাশ্মীৰত ইয়াৰ প্ৰধানকৈ খেতি কৰা হয়। ভাৰতৰ বাকী অঞ্চলসমূত কম বেছি পৰিমানে ইয়াৰ খেতি কৰা হয়। অন্যহাতে, অসমত শোণিতপুৰ, দৰং, বৰপটা, নগাঁও, চৰ চাপৰি কিছু অঞ্চলত কিছু পৰিমানে বাদাম খেতি কৰা হয়।

ঠাণ্ডা (Cold) আৰু শুকান (Dry) জলবায়ু ৰোগন বাদাম খেতিৰ বাবে উপযুক্ত কিন্তু ফল পুৰঠ হোৱাৰ সময়ত কিছু পৰিমানে উষ্ণ বতৰ খুবেই প্ৰয়োজনীয়। ওখ বালিচহীয়া মাটি Almonds খেতিৰ বাবে উপযুক্ত।আলতীয়া, পানী জমা হোৱা মাটি এই খেতিৰ বাবে বিশেষ উপযোগী নহয়। ৰোগন বাদামৰ খেতি এক বৃহৎ অঞ্চলজোৰা মাটিত কৰা হয়। ৰোগন বাদাম খেতিৰ বাবে পিএইজ ৭-৮.৫ হোৱাটো খুবেই প্ৰয়োজনীয়। বালিয়া, পলসুৱা, দ আৰু পানীৰ অহা যোৱাৰ সু-ব্যৱস্থা থকা মাটিত বাদাম খেতি ভাল হয়।

Read Also: হেলচী – হেলচীৰ স্বাস্থ্যজনিত উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Buffalo Spinach

সাধাৰণতে Almond খেতিৰ বাবে ৬ মাহৰ পৰা ১ বছৰীয়া পুলি সংগ্ৰহ কৰি ৰোপন কৰা হয়। আন বহুতো পদ্ধতিৰে যেনে কাটিং (Cutting), গুটিৰ পৰা হোৱা গজালি (Seedlings) ৰেও বাদাম খেতি কৰিব পাৰি কিন্তু এইবোৰ পদ্ধতিত পুলি পুৰঠ হোৱাৰ সম্ভাৱনা নিচেই কম থাকে। সাধাৰণতে ১*১*১ মিটাৰ (দৈৰ্ঘ *প্ৰস্থ *উচ্চতা) গাঁত তৈয়াৰ কৰি তাত প্ৰয়োজনীয় গোবৰ সাৰ, কেঁচু সাৰ দি পুলি ৰুব লাগে।পুলি ৰোৱাৰ উপযুক্ত সময় হʼল ডিচেম্বৰ আৰু নবেম্বৰ মাহ। ৬ মিটাৰ দূৰে দূৰে আৰু এটাৰ পৰা আনটো শাৰীৰ মাজত ব্যৱধান ৭ মিটাৰ থাকিব লাগে।পুলি ৰোৱাৰ পাছত উপযুক্ত সময়ত পানী তথা অপতৃণ আতঁৰোৱাৰ ব্যৱস্থা (Weed Management) কৰিব লাগে। সাধাৰণতে পুলি ৰোৱাৰ ৩ বছৰৰ ভিতৰত ই ফল দিয়া আৰম্ভ কৰে। প্ৰতি হেক্টৰত ১-২ টন উৎপাদন আশা কৰিব পাৰি।

ৰোগন বাদামৰ পৰিপুষ্টি (Nutritional Value of Almond)

ৰোগন বাদামত আমাৰ শৰীৰৰ বাবে উপকাৰী বহুতো উপাদান থাকে। এইবোৰৰ ভিতৰত কাৰ্বহাইড্ৰেট (Carbohydrate), ফেট (Fat), প্ৰটিন (Protein), ভিটামিন (Vitamin), খনিজ দ্ৰৱ (Minerals) আদি প্ৰধান। ৰোগন বাদামত ৪% পানী, ২২ % কাৰ্বহাইড্ৰেট, ২১ % প্ৰটিন আৰু প্ৰায় ৫০% ফেট পোৱা যায়।ইয়াত থকা দৰকাৰী উপাদানবোৰৰ বাবে United State Department of Agriculture (USDA) এ ৰোগন বাদামক উৎকৃষ্ট খাদ্য (Healthy Food) হিচাপে অন্তৰ্ভূক্ত কৰিছে। USDA-এ প্ৰতি ১০০ গ্ৰাম বাদামত থকা পৰিপুষ্টিৰ পৰিমান প্ৰকাশ কৰিছে। তলত ইয়াক উল্লেখ কৰা হল – 

Table I: Nutritional value per 100 g (Source: USDA Food Data Central)

Nutritional Value of Almond
Nutritional Value of Almond

ৰোগন বাদামৰ ঔষধি উপকাৰিতা তথা গুণাগুণ

  1. ৰোগন বাদাম খালে দেহৰ বাবে অপকাৰী কলেষ্ট্ৰেল (Cholesterol) বহু পৰিমানে কম হয়।
  2. ৰোগন বাদাম দৈনিক খালে হৃদযন্ত্ৰ সম্বন্ধীয় বেমাৰ হোৱাৰ আশংকা বহুখিনি কম হয়।
  3. ৰোগন বাদামে তেজত শৰ্কৰাৰ পৰিমান নিয়ন্ত্ৰন কৰি ৰখাত সহায় কৰে। ৰোগন বাদামত থকা মেগনেছিয়াম ৰ বাবে ই তেজত শৰ্কৰাৰ পৰিমান নিয়ন্ত্ৰণত সহায় কৰে।
  4. ৰোগন বাদামত বহু পৰিমানে ভিটামিন ই পোৱা যায়। ভিটামিন ই ৰ এন্টিঅক্সিডেন্ট গুণৰ বাবে ই দেহক কেঞ্চাৰ, হৃদযন্ত্ৰৰ ৰোগ ইত্যাদিৰ পৰা দেহক ৰক্ষা কৰে।
  5. ৰোগন বাদামত বহু পৰিমানে প্ৰটিন আৰু আঁহ থকাৰ বাবে দেহৰ মেদবহুলতা (Obesity) নিয়ন্ত্ৰণত সহায় কৰে।
  6. ৰোগন বাদামৰ উপকাৰিতা সমূহৰ ভিতৰত এটা অন্যতম হৈছে  চকুৰ ৰক্ষা
  7. ৰোগন বাদামত থকা ফ্লেভেনয়ড (Flavonoid) নামৰ জৈৱৰাসায়নিক দ্ৰৱৰ বাবে ই দেহত পৰা বয়সৰ চাপ কম কৰি দেহৰ ছালক সজীৱ কৰি ৰখাত সহায় কৰে।
  8. ৰোগন বাদামে স্মৃতিবৰ্ধক হিচাপে কাম কৰে।
  9. এনেমিয়া ৰোগ প্ৰতিৰোধ কৰিবলে ৰোগন বাদাম খাব লাগে। ইয়াত বহু পৰিমানে খনিজ লৱন থাকে।
  10. দেহৰ স্নায়ুতন্ত্ৰৰ বাবে ৰোগন বাদাম অতিকৈ প্ৰয়োজনীয় । এই ক্ষেত্ৰত ইয়াত থকা মেগনেছিয়ামে সহায় কৰে।
  11. দেহৰ হাড় মজবুত ৰখাৰ ক্ষেত্ৰত ৰোগন বাদাম বহু পৰিমানে সহায় কৰে।
  12. মুখত ওলোৱা শালমইনা তথা কলা দাগ দূৰ কৰাত ৰোগন বাদামে অৰিহনা যোগায়।
  13. চুলি সৰা, চুলি পকা ইত্যাদি চুলিৰ সমস্যাতো ৰোগন বাদাম উপকাৰিতা মন কৰা যায়।
  14. Almonds গাখীৰৰ সৈতে সেৱন কৰিলে দেহ সজীৱ কৰি ৰাখে আৰু দৈনন্দিন কামত মনোযোগ বৃদ্ধি কৰে
  15. ৰোগন বাদামত ফলিক এচিড পোৱা যায় । গতিকে মহিলাৰ বাবে ই অতিকৈ প্ৰয়োজনীয়
  16. ৰোগন বাদামে গৰ্ভৱতী মহিলাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ভিটামিন ই থকাৰ বাবে গৰ্ভাৱস্থাত শিশুৰ দৈহিক বিকাশত সহায় কৰে।
  17. ৰোগন বাদামে দেহক বদহজমৰ পৰা মুক্ত হোৱাত বহুখিনি সহায় কৰে। ইয়াত থকা ফছফৰাছে দেহত এছিড আৰু পিএইচ (PH) ৰ মাত্ৰাৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে।

Read Also: 11+ মাটি কাঁদুৰিৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Sessile Joyweed

ৰোগন বাদাম কিদৰে ব্যৱহাৰ কৰিব (How to use Almonds)

০ Almonds পোনপটীয়াকৈ অথবা পানীত ডুবাই ৰাখি তাৰ পিছত খাব পাৰি। সাধাৰণতে দিনে ১০০ গ্ৰাম ৰোগন বাদাম খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী।

০ বৰ্তমান সময়ত ৰোগন বাদামযুক্ত গাখীৰ পোৱা যায়। এনে গাখীৰ সেৱন কৰিলেও যথেষ্ট সুফল পোৱা যায়।

০ বজাৰত ৰোগন বাদামযুক্ত তেল পোৱা যায়। এনে তেলসমুহেৰে খাদ্যসামগ্ৰী প্ৰস্তুতকৰণত ব্যৱহাৰ কৰিলে বাদামৰ গুণ পোৱা যায়।

০ ঘৰতে ৰোগন বাদাম শুকান ফলমুল, মাহজাতীয় শস্য আৰু চকলেট মিহলাই প্ৰস্তুত কৰি খালে দেহত অধিক পৰিমানে পুষ্টি পোৱা যায়।

List of Almonds Products

ৰোগন বাদামৰ অপকাৰিতা (Harmful side effects of Almonds)

এলাৰ্জী থকা মানুহৰ বাবে Almonds কেতিয়াবা এলাৰ্জীক ক্ৰিয়া সৃষ্টি কৰিব পাৰে। এনেধৰণৰ এলাৰ্জীত খজুৱতী, চকু ৰঙা পৰা, চকুপানী সঘনাই নিৰ্গত হোৱা, ডিঙি জলা পোৰা কৰা ইত্যাদি উপসৰ্গই দেখা দিব পাৰে।

০ ৰোগন বাদাম পোকৰ দ্বাৰা আক্ৰান্ত হ’লে এফলাটক্সিন নামৰ এবিধ যৌগ নিঃসৰণ কৰে।এই এফ্লাটক্সিনে দেহত কেঞ্চাৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।

০ ২০১৭ চনৰ এক গৱেষণাত এইটো প্ৰকাশ পাইছে যে যিসকল লোকে ৰোগন বাদাম গাখীৰ দীৰ্ঘদিন ধৰি সেৱন কৰে সেইসকল লোকৰ দেহত আয়ডিনৰ পৰিমান কমি আহে।

০ দীৰ্ঘদিন ধৰি Almonds খালে দেহত Hydroxy Amic Acid ৰ পৰিমান বৃদ্ধি পায় যাৰ ফলত উশাহ নিশাহৰ সমস্যা , স্নায়ুৰ দুৰ্বলতাই দেখা দিব পাৰে।

০ দীৰ্ঘদিন ধৰি ৰোগন বাদাম খালে দেহত Calcium Oxolate পৰিমান বৃদ্ধি পায় যাৰ ফলত কিডনিত পাথৰ হোৱাৰ সম্ভাৱনা বহুখিনি বৃদ্ধি পায়।

ৰোগন বাদামৰ যিদৰে দেহৰ বাবে যথেষ্ট উপকাৰিতা আছে ঠিক সেইদৰে ইয়াৰ অত্যাধিক গ্ৰহণে দেহলৈ বিপদ মাতিব পাৰে। গতিকে চিকিৎসক আৰু বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ইয়াক নিৰ্দিষ্ট পৰিমানে দৈনিক গ্ৰহণ কৰিলে আমাৰ দেহৰ উপকাৰ হোৱাৰ লগতে ক্ষতি হোৱাৰ সম্ভাৱনাও বহুখিনি কম হয়। তদুপৰি ৰোগন বাদামৰ বজাৰ মূল্য কিছু পৰিমানে অধিক। ব্যৱসায় দিশৰ পৰা ইয়াৰ চাহিদা অধিক হোৱা হেতুকে উপাৰ্জনৰ এক পথ হিচাপে ইয়াক গ্ৰহণ কৰিব পৰা যায়।

সামৰণি

উক্ত প্ৰবন্ধটিত আপোনি বাদামৰ সাধাৰণ পৰিচয়ৰ পৰা আৰম্ভ কৰি ইয়াৰ ৰাসায়নিক তথা ঔষধিয় উপাদান, ইয়াৰ বিভিন্ন বেমাৰ আজাৰৰ ক্ষেত্ৰত থকা উপকাৰিতা আৰু অপকাৰিতা, লগতে এই গছজোপা কেনেকৈ ব্যৱহাৰ কৰিব তাৰ বিষয়ে জানিবলৈ পালে। আশা কৰো, উক্ত  প্ৰবন্ধটিত উল্লিখিত তথ্য সমূহে আপোনাক বিভিন্ন ধৰণে উপকৃত কৰিব। ধন্যবাদ !

তথ্য সংগ্ৰহ ( Reference):

  1. দৈনিক অসম কাকত, প্ৰবোধ চন্দ্ৰ শৰ্মা ।
  2. কৃষি জাগৰণ আলোচনী ।
  3. livescience  Magazine 
  4. Vikaspedia
  5. Wikipedia

Author: Chinmoy Munda

Leave a Reply