চুলি স্বাস্থ্যবান আৰু যতন – চুলিসৰা সমস্যা সমাধান

চুলি স্বাস্থ্যবান আৰু যতন – চুলিসৰা সমস্যা সমাধান | Good Hair health and Hair care

বৰ্তমানৰ প্ৰদূষিত পৰিৱেশৰ মাজত আৰু বিভিন্ন ৰাসায়নিক উপাদানেৰে সমৃদ্ধ সৌন্দৰ্যবৰ্ধক সামগ্ৰীৰ ব্যৱহাৰৰ ফলত ক্ৰমান্বয়ে দেহৰ বাহ্যিক আৱৰণৰ মানদণ্ড হ্ৰাস পাবলৈ ধৰিছে। এই আৱৰণত ছাল, চুলি, নখ আদি অন্তৰ্ভূক্ত হয়। এই প্ৰৱন্ধটিত আমি চুলিৰ ভাল স্বাস্থ্য, চুলিৰ মানদণ্ড হ্ৰাস হোৱাৰ কাৰণ, ইয়াৰ লক্ষণ আৰু ইয়াৰ ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰিম। 

চুলি স্বাস্থ্যবান আৰু যতন - চুলিসৰা সমস্যা সমাধান

Also Read: কেষ্টৰ তেলৰ লাভালাভ: ১৩ টা ঔষধীয় ব্যৱহাৰ | Castor Oil Benefits

চুলি স্বাস্থ্যবান হয় নে নহয় কেনেকৈ জানিব ? | How to know if your hair is healthy or not?

আমাৰ চুলিৰ গঠন বিন্যাস (Texture), মিহি বা খহটা হোৱাৰ পৰিমান (Smooth or rough), মজবুতি বা শক্তি (Strength), বৃদ্ধি (Growth) আৰু অন্যান্য লক্ষণ পৰ্যবেক্ষণ কৰি চুলিৰ স্বাস্থ্যৰ কথা কʼব পাৰি। আপোনাৰ চুলি সঠিক পুষ্টিৰে সমৃদ্ধ নে পুষ্টিৰ অভাৱত ভোগীছে তাক জানিবলৈ তলত উল্লেখ কৰা উপায় সমূহ কৰিব পাৰে –

১) চুলি সৰাৰ পৰিমাণক লক্ষ কৰক:

চুলি সৰা এক প্ৰাকৃতিক প্ৰক্ৰিয়া। সৰা চুলিৰ ঠাইত নতুন চুলিয়ে গজালি মেলে। কিন্তু, চুলিৰ সৰাৰ পৰিমান আৰু গতি যদি নতুন চুলিৰ গজালি মেলাৰ গতি আৰু পৰিমাণতকৈ বেছি হয় তেন্তে ইয়াক সমস্যা ৰূপে গণ্য কৰিব পাৰি। ফনিয়াওতে, ধুৱাৰ সময়ত আৰু শিতানৰ গাৰুলৈ মন কৰিব। দৈনিক ১০ৰ পৰা ১০০ ডাল চুলি সৰাতো সামান্য কথা। কিন্তু সৰাৰ পৰিমাণ তাতকৈ বেছি হʼলে আৰু তাৰ ঠাইত সোনকালে গজালি নোলালে এয়া চিকিৎসাৰ বিষয়। 

২) চুলিৰ গঠন বিন্যাসলৈ মন কৰক:

স্বাস্থ্যবান চুলি সহজে জট নালাগে। খহটা, শুকান অপুষ্টিত ভোগা চুলি সহজে জট লাগে। যদি মৃদু বতাহেও আপোনাৰ চুলি জট লগাব পাৰিছে, যদি আপোনাৰ আঙুলি সহজে আৰু ঘনাই চুলিত লাগি ধৰে তেন্তে সম্ভৱতঃ আপোনাৰ চুলিক পুষ্টিৰ প্ৰয়োজন হৈছে।   

৩) চুলিৰ স্থিতিস্থাপকতা ভাল হয়:

স্বাস্থ্যবান চুলিৰ এটা চকুত পৰা লক্ষণ হʼল ভাল স্থিতিস্থাপকতা। জপিয়ালে বা ওপৰত তুলি বান্ধি থোৱা চুলিখিনি হঠাতে মেলি দিলে পুষ্টি সমৃদ্ধ চুলিয়ে স্প্ৰিঙৰ দৰে স্থিতিস্থাপকতা (Elasticity) দেখুৱাই, সহজ কথাত কʼব গʼলে চুলিবোৰ বাউন্স কৰে। ইয়াৰোপৰি, চুলি এডাল তাৰ দুটামূৰত ধৰি লাহেকৈ টানি চাব পাৰে। তেনে কৰিলে যদি আপোনাৰ চুলি চিঙি যায় তেন্তে আপোনাৰ পুষ্টিহীনতাত ভোগীছে। যদি অলপ টানি এৰি দিলে ই পুনৰাই নিজৰ স্থানত আহে তেন্তে সেয়া স্বাস্থ্যবান চুলিৰ লক্ষণ।   

৪) উফিৰ সমস্যা নাথাকে:  

স্বাস্থ্যবান চুলিৰ গুৰিও স্বাস্থ্যবান তথা সমস্যা মুক্ত হয়। মূৰৰ চাল শুকান অপৰিষ্কাৰ হʼলে উফিৰ সমস্যায়ে দেখা দিযে। উফি হৈছে সাধাৰণতে মূৰৰ ছালৰ পৰা নিষ্কাশিত হোৱা মৃত কোষবোৰ। এই উফিৰ পৰা আৰু অন্যান্য জড়িত সমস্যা হʼব পাৰে। যদি আপোনাৰ উফিৰ সমস্যা বেছিকৈ হৈছে বা অত্যাধিক পৰিচ্ছন্নতা ৰক্ষা কৰাৰ পাছতো যদি এই সমস্যাই দেখা দিছে তেন্তে আপোনাৰ মূৰৰ ছাল স্বাস্থ্যবান নহয়। এনে ছালে চুলিৰ মানদণ্ডতো প্ৰভাৱ পোলাই। 

৫) দুফাট মেলা চুলিৰ আগ:

চুলিৰ আগটো ভালকৈ মন কৰক। দুটাকৈ ফাট মেলিছে নেকি চাওঁক। শুকান অপুষ্টিকৰ চুলিৰ আগবোৰ সাধাৰণতে দুফালকৈ ভাগ হৈ যায়। এয়া হৈছে অপুষ্টিকৰ চুলিৰ সচৰাচে দেখা পোৱা এক লক্ষণ।

৬) চুলিৰ সতেজতাক মন কৰক:

পুষ্টিৰে সমৃদ্ধ চুলিৰ জিলিকণি আৰু সতেজতা দূৰৈৰ পৰায়ে চকুত পৰে। এনে চুলিয়ে পোহৰৰ ৰশ্মিক বেছিকৈ প্ৰতিফলিত কৰে যিহেতু তাৰ একেবাৰে বাহ্যিক আৱৰণিটোত কোনো ফাট নাথাকে। এনে চুলি কেৱল দেখাতেই নহয় পৰশতো মসৃন হয়। যদি আপোনাৰ চুলি অতি পোহৰতো নিস্তেজ যেন লাগে আৰু খহটা হয় তেন্তে সেয়া স্বাস্থ্যবান চুলি নহয়। 

Also Read: আমলখি তেলৰ উপকাৰিতা: ১৩+ লাভকাৰী ব্যৱহাৰ

৭) চুলিৰ শক্তি পৰীক্ষা কৰক:

মসৃন সতেজ দেখা চুলিও কেতিয়াবা কমজোৰ হʼব পাৰে। এডাল চুলিৰ দুটা মূৰ লাহেকৈ টানি চাওঁক। যদি ই সহজে চিঙে তেন্তে এই চুলি পুষ্টিহীনতাত ভোগীছে। স্বাস্থ্যবান চুলি সহজে চিঙিব নোবাৰি।

৮) আৰ্দ্ৰতাৰ প্ৰভাৱ মন কৰক:

সামান্য আৰ্দ্ৰতাই আপোনাৰ চুলি তিতাই তুলে নেকি মন কৰক। এয়া হয় চুলিৰ কিউটিকʼল (Cuticle layer) আৱৰণটোত ফাট মেলাৰ ফলত। কিউটিকʼল আৱৰণটো ফাটিলে চুলিৰ ভিতৰলৈকে পানীয়ে প্ৰৱেশ কৰিবলৈ সুবিধা পায়। স্বাস্থ্যবান চুলিৰ কিউটিকʼল সুৰক্ষিত হৈ থাকে আৰু বাহিৰা পৰিৱেশৰ আৰ্দ্ৰতাই সহজে এনে চুলিক প্ৰভাৱান্বিত কৰিব নোৱাৰে। 

৯) অত্যাধিক চুলি চিঙে:

পূৰ্বে কৈ অহা মতে, অলপ টান খালেই চিঙা চুলি স্বাস্থ্যবান নহয়। মানসিক চাপ, প্ৰদূষিত বাহিৰা পৰিৱেশ, সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি আৰু পুষ্টিকৰ খাদ্যৰ অভাৱ আদিৰ বাবেও এই সমস্যা দেখা দিব পাৰে। যদি আপোনাৰ সঘনাই আৰু অতি সহজে চুলি সৰিছে তেন্তে সম্ভৱত আপোনাক চুলিৰ চিকিৎসাৰ প্ৰয়োজন আছে। 

Read Also: 12+ মনোযোগ বৃদ্ধি কৰাৰ উপায় – Ways to Improve Attention

চুলিৰ মানদণ্ড হ্ৰাস হোৱাৰ কাৰণ | Factors Contributing to Unhealthy Hair

চুলি সৰা বা ইয়াৰ মানদণ্ড হ্ৰাস হোৱাৰ বিভিন্ন কাৰণ হʼব পাৰে। তলত তাৰেই কিছুমান সাধাৰণতে পৰিলক্ষিত কাৰণ উল্লেখ কৰা হʼল –

১) হৰমনৰ বাবে: 

চুলিৰ স্বাস্থ্য, গঠন আৰু বৃদ্ধিত স্ত্ৰী আৰু পুৰুষ দুই প্ৰকাৰৰ হৰমনেই প্ৰয়োজনীয়। পুৰুষৰ দেহত আৰু কিছু পৰিমাণে স্ত্ৰী দেহত চুলিৰ বৃদ্ধিৰ বাবে দায়ী হৰমনটো হʼল- এন্ড্ৰʼজেন (Androgen)। বয়স বাঢ়ি অহাৰ লগতে এই হৰমন বিধৰো উৎপাদন শৰীৰত কমি আহে। যাৰ ফলত চুলি সৰা, পাতল হোৱা আদি সমস্যাই দেখা দিয়ে। ইয়াৰোপৰি, পুৰুষ হৰমন টেষ্টʼষ্টৰন (Testosterone) আৰু স্ত্ৰী হৰমন এষ্ট্ৰজেন (Estrogen)এয়ো চুলিৰ স্বাস্থ্যত প্ৰভাৱ পেলাই।

২) মানসিক চাপ:

কেতিয়াবা মানসিক চাপৰ ফলতো চুলি সৰিব পাৰে। এই পৰিস্থিতিক টেলʼজেন এফ্লুভিয়াম (Telogen Effluvium) । ইয়াৰ উপৰত কৰা অধ্যয়নে কই যে, মানসিক চাপে চুলিৰ প্ৰকৃতিক বৃদ্ধিক বাধাগ্ৰস্থ কৰে। 

Also Read: উদ্বেগ বিকাৰৰ সমস্যা আৰু প্ৰতিকাৰ | Anxiety Disorder and its Treatment

৩) বংশগত:

বংশগত কাৰণতো চুলি সৰা, পকা, পাতল হোৱা, খহটা হোৱা বা বৃদ্ধিত প্ৰভাৱ আদি হʼব পাৰে। জিনৰ এনে সংবেদনশীলতা থকা পুৰুষৰ দেহত টেষ্টʼষ্টেৰন হৰমন বিধে অধিক প্ৰভাৱশালীৰূপত দেখা দিয়ে যাক Dihydrotestosteron (DHT) বুলি কোৱা হয়। যিয়ে চুলিৰ গুৰিতে নতুন কোষক আবদ্ধ কৰে আৰু তাক নষ্ট কৰে। যাৰ ফলত কিছু কিছু ঠাইত মানুহজন টপা হৈ পৰে। আনহাতে, একেই সংবেদনশীল জিন পোৱা স্ত্ৰী দেহত এষ্ট্ৰʼজেন হৰম’নটোৱে চুলিৰ বৃদ্ধি হ্ৰাস কৰে আৰু Hair পাতল কৰি তুলে। এষ্ট্ৰʼজেনৰ এই স্তৰ মেনʼপʼজৰ পাছত হ্ৰাস পায় যাৰ ফলত চুলি সৰে।           

৪) খাদ্যাভাস: 

চুলি কেৰʼটিন নামৰ প্ৰʼটিনৰ উপাদানেৰে গঠিত। সেয়ে এক সন্তুলিত পুষ্টিকৰ খাদ্যাভাসে চুলিৰ ভাল স্বাস্থ্য বজাই ৰখাত সহায় কৰে। পৰ্যাপ্ত পৰিমানৰ প্ৰটিন সমৃদ্ধ খাদ্যৰ অভাৱত চুলি স্বাস্থ্যৰ মানদণ্ড হ্ৰাস পায়। প্ৰটিনৰ লগতে ভিটামিনেও চুলিৰ ভাল স্বাস্থ্যত ভূমিকা পালন কৰে। ভিটামিনে এনাজেন (Anagen) অৱস্থাক দীৰ্ঘস্থায়ী কৰে আৰু টেলʼজেন (Telogen) অৱস্থাক পিছুৱাই দিব পাৰে। একেদৰে কিছুমান ভিটামিনে (যেনে- ভিটামিন A) চুলিৰ বৃদ্ধি ৰখাই দিব পাৰে। 

Also Read: ৪টা মূখ্য কাৰণ: ভিটামিন ই (Vitamin E) কিয় গ্ৰহণ কৰিব?

৫) প্ৰদূষণ:

প্ৰদূষিত বায়ুত থকা ধূলি-মাকটি, নিকেল, লিড, আৰ্চেনিক, ছালফাৰ ডাইঅক্সাইড, নাইট্ৰজেন ডাইঅক্সাইড, এমনিয়া, পʼলিচাইক্লিক এৰʼমেটিক হাইড্ৰকাৰ্বন, বাষ্পীভূত জৈৱিক যৌগ আদিয়ে প্ৰথমে চুলিৰ গুৰিত থিতাপি লয় আৰু লাহেকৈ ছালৰ ভিতৰত সোমাই পৰে। যাৰ ফলত অক্সিডেটিভ চাপ হয়। এই চাপে চুলিৰ গুৰিত খজুৱতি, ছাল ৰঙা পৰা, অত্যাধিক চেবাম (sebum) নিষ্কাশন, উফি, বিষ আৰু শেষত চুলি সৰাই দিয়ে।      

৬) ঔষধৰ বাবে:

গʼট, আৰ্থ্ৰাইটিছ, ৰক্তচাপ, এন্টিকʼগুলেন্টছ, এন্টিডিপ্ৰেছেন্ট, ভিটামিন A পৰিপূৰক, জন্মনিৰোধক আদিৰ বাবে গ্ৰহন কৰা কিছুমান ঔষধৰ প্ৰাথমিক পাৰ্শ্বক্ৰিয়া ৰূপে দেখা দিয়ে চুলি সৰায়ে। 

৭) স্বাস্থ্য জনিত সমস্যা:

থাইৰড হৰমনে চুলিৰ কোষৰ বিপাকীয় কাৰ্যত বাধা দিয়ে। এই হৰমনৰ এক সৰু পৰিমানেও চুলি পাতল কৰিব পাৰে আৰু চিঙাত সহজ কৰাই তুলে। অন্য কিছুমান অʼটʼইমিউন সমস্যা যেনে- celiac, systemic lupus erythematosus, ulcerative colitis আৰু পুৰণি বেমাৰ সমূহে কোষৰ বিপাকক পৰিৱৰ্তন কৰি চুলি নষ্ট কৰে। এনে বেমাৰবোৰৰ পৰা আৰোগ্যতা পালেই চুলি সৰা সমস্যা বন্ধ হৈ পৰে আৰু চুলি আগৰ দৰে হৈ উঠে। 

৮) ধুম্ৰপান:

ধুম্ৰপানে মগজুলৈ তেজৰ সঞ্চালনক বাধাগ্ৰস্ত কৰে যাৰ ফলত চুলি বৃদ্ধিৰ ৰৈ যায়। এই ধোঁৱাৰ বিষাক্ততা চুলি নষ্টকাৰী। ই চুলিৰ গুৰিত pro-inflammatory cytokine ৰ উৎপাদন কৰি চুলিৰ গুৰি ধ্বংস কৰে।  

৯) সৌন্দৰ্যবৰ্ধক কাৰ্যকলাপ:

বৰ্তমানে নৱপ্ৰজন্মৰ মাজত প্ৰায়েই প্ৰচলিত কিছুমান সৌন্দৰ্যবৰ্ধক সজুলি যেনে- blow dryer, flat irons, hair straightner, curling device আদিৰ পৰা নিৰ্গত তাপে চুলিৰ ভাল স্বাস্থ্যত ক্ষতি সাধন কৰে। 

১০) চুলিৰ বাৰ্ধক্য:

চুলিৰ বাৰ্ধক্য বুলি কʼলে- চুলিৰ স্তৰবোৰ শিথিল হোৱা, চুলিৰ গুৰি আৰু কোষৰ বয়স বৃদ্ধি হোৱা আদিকে বুজায়। এই বাৰ্ধক্য বাহ্যিক কাৰণ (যেনে- প্ৰদূষণ, ধুম্ৰপান, অক্সিডেটিভ চাপ, অপুষ্টিকৰ খাদ্যাভাস) আৰু আভ্যন্তৰিন কাৰণ (যেনে- অকালে চুলি পকা, Androgenetic alopecia আদি)ৰ ফলত হʼব পাৰে।

১১) বিষাক্ত চুলিৰ দ্ৰব্য:

আমি সঘনাই ব্যৱহাৰ কৰা কিছুমান চুলিৰ দ্ৰব্য যেনে- polythene glycol আৰু alcohol থকা চেম্পু; paraphenylenediamine থকা চুলিৰ ৰং আদিয়ে চুলিৰ গুৰিত খজুৱতি, এলাৰ্জি, চুলি পাতল কৰা, সৰা আদি সমস্যা টানি আনে। 

১২) মূৰৰ ছালৰ অৱস্থা:

কিছুমান ভেঁকুৰ জনিত বেমাৰৰ বাবেও চুলি সৰে। এনে অৱস্তাত উফি, মূৰৰ ছালত ringworm সংক্ৰমন, Alopecia Areata, psoriasis, seborrheic dermatitis, follicuitis আদি লক্ষণ দেখা দিব পাৰে। এই অৱস্থাই চুলিৰ কোষত প্ৰদাহৰ সৃষ্টি কৰে আকু মূৰৰ ছালত খজুৱতি বঢ়ায়। মূৰৰ ছালৰ এই অৱস্থাই চুলিৰ কোষৰ গঠন আৰু শক্তিক প্ৰভাৱান্বিত কৰে। এই সমস্যাবোৰ সমাধান হʼলে আৰু মূৰৰ ছাল সুস্থ হৈ উঠিলে চুলিৰ বৃদ্ধি পুনৰাই হʼবলৈ ধৰে। 

Read Also: পানীৰ গুৰুত্ব – আপুনি জানেনে এদিনত কিমান পানী খাব লাগে?

চুলিৰ ভিন্ন সমস্যাৰ ঘৰুৱা প্ৰতিকাৰ (Home remedies for various hair issues)

মানৱ দেহৰ সৌন্দৰ্যৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে চুলিয়ে। এই চুলিক বিভিন্ন ধৰণৰ বেমাৰ আৰু সমস্যাৰ পৰা আতৰত ৰাখিবলৈ পৌৰাণিক কালৰে পৰা বহুতো উপায় কৰি অহা হৈছে। চুলিৰ সমস্যাৰ এনে কিছুমান প্ৰভাৱশালী প্ৰতিকাৰ তলত উল্লেখ কৰা হʼল –

১) মূৰৰ মালিচ:

চুলিৰ ভাল স্বাস্থ্য বজাই ৰাখিবলৈ তেল ব্যৱহাৰ কৰক। বিভিন্ন উপকাৰি তেল যেনে- নাৰিকল তেল, তিলৰ তেল, পিয়াজৰ তেল, মেথি তেল, জলফাইৰ তেল, বাদামৰ তেল আদিৰে মূৰৰ মালিচ কৰিলে চুলিৰ গুৰি আৰু কোষ পুনৰোজ্জীৱিত হয় আৰু লগতে মূৰলৈ তেজৰ সঞ্চালন সুস্থ হয়। যাৰ ফলত চুলিৰ বৃদ্ধি আৰু গঠন ভাল হয়।

২) চুলিৰ পৰিচ্ছন্নতা:

চুলি সদায় পৰিষ্কাৰ কৰি ৰাখক। গুৰিত পৰিৱেশজনিত বিষাক্ত পদাৰ্থ জমা হʼবলৈ নিদিব। গৰমৰ দিনত সপ্তাহত অতিকমেও এবাৰকৈ আপোনাৰ ছালৰ লগত খাপ খোৱা চেম্পুৰে চুলি ধুই পৰিষ্কাৰ কৰি ৰাখক। 

৩) তিতা চুলি ফনিয়াব নালাগে:

তিতা চুলি কোমল হৈ থাকে। তেনে অৱস্থাত ফনিয়ালে ই সহজে সৰিব বা চিঙিব পাৰে। ইয়াৰ উপৰিও এনে কৰ্যই চুলিৰ স্বাস্থ্যত বহুতো ঋনাত্মক প্ৰভাৱ পেলাব পাৰে। সেয়ে সদায় প্ৰথমে চুলি শুকাবলৈ দিব তাৰ পাছতহে ফনিয়াব।

৪) পৰ্যাপ্ত পৰিমানে পানী সেৱন কৰক:

শৰীৰৰ আৰ্দ্ৰতা বজাই ৰাখিলে অন্য শাৰীৰিক কাৰ্যকলাপ সমূহ সুচাৰুৰূপে চলিব পাৰে। যিয়ে মূৰৰ ছালক সুস্থ কৰি ৰাখে আৰু পৰোক্ষভাৱে চুলিৰ স্বাস্থ্য বাহাল ৰখাতো সহায় কৰে।

Also Read: পানীৰ গুৰুত্ব – আপুনি জানেনে এদিনত কিমান পানী খাব লাগে?

৫) সুৰাপান আৰু ধুম্ৰপান সীমিত কৰক:

সুৰাপান আৰু ধুম্ৰপানে শৰীৰৰ অংগ সমূহৰ ক্ৰিয়া কলাপক বেয়াকৈ প্ৰভাৱান্বিত কৰে। সঘনাই সুৰাপান আৰু ধুম্ৰপান কৰা লোকৰ ক্ষেত্ৰত অস্বাভাৱিক চুলি সৰাৰ সমস্যাই দেখা দিয়ে। 

৬) মানসিক চাপৰ পৰা দূৰত থাকক:

বহু বৈজ্ঞানিক অধ্যয়নৰ পৰা দেখা যায় যে মানসিৰ চাপে চুলিৰ বৃদ্ধিক বাধাগ্ৰস্থ কৰে আৰু চুলি সৰাত সহায় কৰে। মানসিক চাপ দূৰ কৰিবলৈ ধ্যান, সংগীত বা আপোনাৰ ভাল লগা ক্ৰিয়া-কলাপ সমূহৰ সহায় লওঁক।

৭) ব্যায়াম কৰক:

দৈনন্দিন ব্যায়াম কৰিলে দেহত তেজৰ সঞ্চালন ভালকৈ হয় আৰু দেহৰ পৰা বিষাক্ত অপদাৰ্থ ঘামৰূপে নিষ্কাশিত হয় যিয়ে অন্য অংগৰ লগতে মূৰৰ ছাল আৰু চুলিৰ কোষক স্বাস্থ্যবান কৰি ৰাখে। যাৰ ফলত চুলিৰ বৃদ্ধি আৰু গঠন ভাল হয়।

৮) পুষ্টিকৰ খাদ্যাভাস:

আগতে কৈ অহাৰ দৰে, চুলি কেৰটিন নামৰ প্ৰটিনৰ উপাদানেৰে গঠন হয়। লগতে ভিটামিনেও চুলিৰ স্বাস্থ্যত ক্ৰিয়া কৰে। সেয়ে পুষ্টিকৰ খাদ্য গ্ৰহনে চুলিৰ বিকাশৰ গতি দ্ৰুততৰ কৰে, চুলি শক্তিশালী কৰে, চুলি সৰা প্ৰতিহত কৰে। চুলিৰ স্বাস্থ্যৰ বাবে ভিন্ন ধৰণৰ ফল-মূল, শাক পাচলি, গাখীৰ, মাছ-মাংস আদি গ্ৰহন কৰিব লাগে।

কেতিয়াবা এনেবোৰ খাদ্যৰ লগতে ভিটামিন আৰু প্ৰটিনৰ পৰিপূৰকৰো প্ৰয়োজন হয়। এনে ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ অনুযায়ী পৰিপূৰক গ্ৰহন কৰক।

Also Read: গাখীৰ খালে শৰীৰত কি প্ৰভাৱ পৰে? | Effects of Milk in Human Body

৯) লেপ:

বিভিন্ন ভেষজেৰে তৈয়াৰি লেপ বা কেৱল জেতুকাৰ লেপ চুলিৰ বিকাশ, গঠন আৰু মূৰৰ ছালৰ বাবে ভাল বুলি বিশ্বাস কৰি অহা হৈছে। এনে লেপৰ বৈজ্ঞানিক ভাৱে প্ৰমাণিত লাভালাভো দেখা যায়। সেয়ে ঘৰুৱা ভাবে প্ৰস্তুত কৰা বা প্ৰাকৃতিকভাবে তৈয়াৰি বজাৰত উপলব্ধ লেপ প্ৰয়োগ কৰিব পাৰে। 

Also Read: জেতুকা (Henna) – 19+ ঔষধি গুণাগুণ আৰু ইয়াৰ ব্যৱহাৰ

সামৰণি

উক্ত প্ৰৱন্ধটিত চুলিৰ স্বাস্থ্য, ইয়াক প্ৰভাৱান্বিত কৰা কাৰক আৰু কিছুমান ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে উল্লেখ কৰা হʼল। আশা কৰো এই প্ৰৱন্ধটিৰ দ্বাৰা উদঙাই দিয়া তথ্য সমূহে ইতিমধ্যে আপোনাক আপোনাৰ চুলিৰ সৈতে আৰু অধিক ভালকৈ পৰিচিত কৰাই দিছে আৰু এই তথ্য সমূহে আপোনাক সহায় কৰিব চুলিৰ ভাল স্বাস্থ্য গঢ়িবলৈ। ধন্যবাদ!

FAQ

১) দীঘল চুলিৰ যতন কেনেদৰে লʼব লাগে?

উঃ- দীঘল চুলি বজাই ৰাখিবলৈ আপুনি সেইবোৰৰ সঠিক যত্ন ল’ব লাগিব। কেৱল আপোনাৰ চুলি ধোৱা আৰু চেম্পু কৰাটোৱেই সেইবোৰক স্বাস্থ্যৱান কৰি ৰাখিবলৈ পৰ্যাপ্ত নহয়। আপুনি সেইবোৰ স্বাস্থ্যকৰ অৱস্থাত ৰাখিবলৈ নিয়মীয়া কাটিব লাগিব, লগতে আপোনাৰ চুলিৰ প্ৰকাৰ অনুসৰি চেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰিব লাগিব আৰু চুলি যত্নেৰে শুকুৱাব লাগিব। টান হেয়াৰষ্টাইল পৰিহাৰ কৰিব যিয়ে চুলিৰ গুৰি টানে আৰু ক্ষতিগ্ৰস্ত কৰিব পাৰে। আপুনি কি খায় সেয়াও গুৰুত্বপূৰ্ণ, সেয়েহে আপোনাৰ চুলি দীঘল আৰু শক্তিশালী কৰি ৰাখিবলৈ এক সন্তুলিত আহাৰ গ্ৰহণ কৰক।

২) কণ্ডিচনাৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে?

উঃ- নিয়ম মতে, চুলি চেম্পু কৰাৰ পিছত প্ৰতিবাৰেই কণ্ডিচনাৰ প্ৰয়োগ কৰা হয়। কণ্ডিচনাৰ এটা ব্যৱহাৰ কৰিবলৈ, আপুনি আপোনাৰ চুলি আৰু মূৰৰ ছালখন চেম্পু কৰি ভালকৈ ধুই লʼব লাগিব। পানী খিনি উলিয়াই দিয়ক আৰু তাৰ পিছত আপোনাৰ চুলিৰ প্ৰকাৰ অনুসৰি আপোনাৰ চুলিৰ পৰা ছাললৈ কণ্ডিচনাৰ ব্যৱহাৰ কৰক আৰু তাৰ পিছত ইয়াক কেইমিনিটমানৰ বাবে এৰি দিয়ক। কণ্ডিচনাৰটো ধুই পেলাওক আৰু চুলি শুকাৱলৈ দিয়ক।

৩) চুলি কেনেদৰে দ্ৰুতগতিত বৃদ্ধি কৰিব পাৰি?

উঃ- আপোনাৰ চুলি দ্ৰুতগতিত বৃদ্ধি কৰিবলৈ আপুনি ইয়াৰ যত্ন ল’ব লাগিব। আপোনাৰ চুলি ৰাতিটোৰ ভিতৰত বাঢ়িব নোৱাৰে, সেয়েহে আপুনি এক সম্পূৰ্ণ চুলিৰ যত্ন-প্ৰণালী অনুসৰণ কৰিব লাগিব যাৰ ভিতৰত আছে নিয়মীয়া কৈ ট্ৰিমিং কৰা (চুলি কটা), সাপ্তাহিক ভিত্তিত তেল বা চুলিৰ প্ৰলেপ (hair mask) প্ৰয়োগ কৰা আদি। চুলিৰ বৃদ্ধি দ্ৰুততৰ কৰিবলৈ আপোনি পৰিপূৰকো লʼব পাৰে, কিন্তু তাৰ বাবে প্ৰথমে আপোনি ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত।

৪) উফি আৰু শুকান মূৰৰ ছালৰ কাৰণ কি?

উঃ- বিভিন্ন কাৰণত উফি হ’ব পাৰে। কাৰণৰ ভিতৰত শুকান মূৰৰ ছাল, একজিমা বা আনকি চ’ৰিয়েচিছো থাকিব পাৰে। শুকান ছালত খজুৱতি কৰিলে উফি দেখা যায়। এইবোৰ আচলতে খজুৱতিৰ ফলত সৰি পৰা মূৰৰ শুকান ছালৰ অংশহে।

৫) চুলি সৰাটো কেনেকৈ বন্ধ কৰিব পাৰি?

উঃ- চুলি সৰা বন্ধ কৰিবলৈ আপুনি আপোনাৰ চুলিৰ সক্ৰিয় যত্ন ল’ব লাগিব। কঠোৰ উপাদান থকা চেম্পু আৰু ৰাসায়নিক পদাৰ্থৰে ভৰপূৰ চেম্পু ব্যৱহাৰ কৰিলে আপোনাৰ চুলি ক্ষতিগ্ৰস্ত হ’ব পাৰে আৰু চুলি সৰিব পাৰে। তাৰ সলনি এটা মৃদু চেম্পু বাছি লওঁক যিয়ে আপোনাৰ চুলি ক্ষতি নকৰি মূৰৰ ছাল পৰিষ্কাৰ কৰিব। ভাল ফণী ব্যৱহাৰ কৰক আৰু ৰক্তসঞ্চালন উদ্দীপিত কৰিবলৈ আপোনাৰ মূৰৰ ছাল ভালদৰে মালিচ কৰক।

৬) মূৰৰ ছালখন কিয় সঘনাই তেলযুক্ত হৈ পৰে?

উঃ- কেতিয়াবা মুৰৰ পৰা নিঃসৰণ হোৱা তেলৰ বাবে কিছু সময়ৰ ভিতৰত চুলি অত্যাধিক তেলযুক্ত হৈ পৰে, কিছুমান লোকে আনতকৈ অধিক তেল উৎপাদন কৰে। এইটো তৈলাক্ত চুলিৰ যত্নৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলাফলো হ’ব পাৰে। অতিৰিক্ত তেল উৎপাদন আন বিভিন্ন কাৰক যেনে- যৌৱন, চাপ, গৰ্ভধাৰণ, ঋতুস্ৰাৱ, বা হৰমনৰ ঔষধৰ দ্বাৰাও আৰম্ভ হ’ব পাৰে।

৭) চুলি কিমান সঘনাই ধুব লাগে?

উঃ- এটোই আপোনাৰ চুলিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে, যদি আপোনাৰ শুকান বা স্বাভাৱিক প্ৰকাৰৰ চুলি হয় আপুনি ইয়াক সপ্তাহত এবাৰ ধুব পাৰে, কিন্তু যদি আপোনাৰ মূৰৰ ছাল তৈলাক্ত তেন্তে আপুনি সম্ভৱতঃ দুদিন মূৰে মূৰে চুলি ধুব লাগিব।

Author: Aparna Singha

Leave a Reply