জলফাই তেলৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Olive Oil

জলফাই তেলৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits and Uses of Olive Oil / Olea Europaea

চমু পৰিচয়

মানৱ জীৱনৰ খাদ্য প্ৰণালীৰ এক আৱশ্যকীয় সামগ্ৰী হৈছে তেল। দৈনন্দিন জীৱনত ৰন্ধন প্ৰণালীত বিভিন্ন প্ৰকাৰৰ তেলৰ ব্যৱহাৰ কৰা হয়। এই তেল সমূহে খাদ্যৰ সোৱাদ সুকীয়া কৰাৰ লগতে আমাৰ শাৰীৰিক স্বাস্থ্যৰ সুস্থতাৰ ওপৰতো অৱদান আগবঢ়ায়। তেল সমূহৰ ব্যৱহাৰ কেৱল ৰন্ধন প্ৰণালীতে সীমাবদ্ধ নহয় এই তেল সমূহ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত, সৌন্দৰ্য্য চৰ্চাৰ ক্ষেত্ৰত আৰু চুলি সমস্যাৰ ক্ষেত্ৰতো  বিশেষ ধৰণে ব্যৱহাৰ কৰা হয়। এই প্ৰবন্ধটিত বৰ্তমান সময়ত বহুলভাৱে ব্যৱহৃত আৰু চৰ্চিত জলফাই তেল (Olive oil) ৰ স্বাস্থ্যজনিত লাভালাভৰ বিৱৰণমূলক তথ্য আগবঢ়োৱা হʼব।

 জলফাই তেল কি ? (What is Olive Oil)

জলফাই  তেল (Olive oil)  হৈছে  জলফাইৰ পৰা তৈয়াৰ কৰা এবিধ তেল।  জলফাই তেলক ইংৰাজীত Olive oil আৰু হিন্দীত Jaitun tel বুলি কোৱা হয়। জলফাই তেলৰ বৈজ্ঞানিক নাম হৈছে – Olea europaea’। প্ৰাচীন কালত জলফাই তেলক তৰল সোণ বুলি কোৱা হৈছিল। এইবিধ তেল জলফাইৰ পৰা আহৰণ কৰা হয় আৰু সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছে। এইবিধ তেল ৰান্ধনী ঘৰত ব্যৱহাৰ কৰাৰ উপৰিও সামগ্ৰিক স্বাস্থ্য, সৌন্দৰ্য্য চৰ্চা, চুলিৰ সমস্যাৰ প্ৰতিহত কৰিবলৈ ব্যৱহাৰ হৈ আহিছে। বজাৰত বিভিন্ন প্ৰকাৰৰ জলফাই তেল উপলব্ধ। ইয়াক আপোনাৰ প্ৰীয় চালাডত প্ৰয়োগ কৰিব পাৰে, ইয়াক DIY body scrub ৰ উপাদান হিচাপে ব্যৱহাৰ কৰিব পাৰে বা ইয়াক makeup remover হিচাপেও ব্যৱহাৰ কৰিব পাৰি। দৈনন্দিন জীৱনত জলফাই তেলৰ উপকাৰিতা আহৰণ কৰিবলৈ বহুতো উপায় আছে।

জলফাই তেলৰ উপকাৰিতা আৰু ব্যৱহাৰ - Benefits of Olive Oil

পুষ্টিকৰ উপাদান (Nutritious Elements)

জলফাই  তেল (Olive oil) ভূমধ্যসাগৰীয় আহাৰৰ এটা মুখ্য উপাদান। এই তেল এণ্টি-অক্সিডেণ্টে (Anti-oxidant) ৰে সমৃদ্ধ। ইয়াত থকা মুখ্য  চর্বি (Fats) হৈছে Monounsaturated fatty acid (MUFFS), যাক বিশেষজ্ঞ সকলে স্বাস্থ্যকৰ চর্বি (Fats) বুলি বিবেচনা কৰে। জলফাই তেলৰ এণ্টি-অক্সিডেণ্টে (Anti-oxidant) শৰীৰক কোষীয় ক্ষতি (যাৰ ফলত বিভিন্ন স্বাস্থ্য অৱস্থা আৰু ৰোগ হ’ব পাৰে) ৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে। মানুহে ৰন্ধন, প্ৰসাধন সামগ্ৰী, ঔষধ, চাবোন আৰু পৰম্পৰাগত চাকিৰ ইন্ধন হিচাপে জলফাই তেল ব্যৱহাৰ কৰে। জলফাই তেল মূলত ভূমধ্যসাগৰৰ পৰা আহিছে, বৰ্তমানত সমগ্ৰ বিশ্বতে জনপ্ৰিয়।

Read Also: পিপলিৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Long Pepper

বহুতো অধ্যয়নে জলফাই তেলৰ স্বাস্থ্যৰ লাভালাভৰ ওপৰত দৃষ্টি ৰাখিছে। Extra virgin জলফাই তেল বৰ্তমানে উপলব্ধ তেলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ তেল আৰু এণ্টি–অক্সিডেণ্ট (Anti-oxidant) ৰে সমৃদ্ধ, যি মুক্ত ৰেডিকেল (Free Radicals) অনুৰ দ্বাৰা হোৱা কোষীয় ক্ষতি প্ৰতিহত কৰাত সহায় কৰে। হৃদৰোগ, উচ্চ কলেষ্টেৰল আৰু উচ্চ ৰক্তচাপৰ বাবে জলফাই তেল বিশেষভাৱে কাৰ্যকৰী।

জলফাই তেলৰ ইতিহাস (History of Olive oil/Olea Europaea)

জলফাই তেলৰ ব্যৱহাৰ ৬,০০০ বছৰ পুৰণি, যি ইৰাণ (Iran),  ছিৰিয়া (Syria) আৰু পেলেষ্টাইন (Palestine)ত উদ্ভৱ হৈছিল ভূমধ্যসাগৰলৈ যোৱাৰ আগতে। ঐতিহাসিকভাৱে, ধৰ্মীয় অনুষ্ঠান আৰু ঔষধত জলফাই তেল (Olive oil)  ব্যৱহাৰ কৰা হৈছিল আৰু ই বহুতো সংস্কৃতিৰ বাবে খাদ্যৰ এক গুৰুত্ব উৎস হৈ পৰিছে।

জলফাই তেল কেনেদৰে তৈয়াৰ কৰা হয় (How olive oil is made)

জলফাই গছত গজা জলফাইৰ পৰা জলফাই তেল তৈয়াৰ কৰা হয়। শস্য চপোৱাৰ পিছত জলফাইবোৰ গুৰি কৰি পেষ্ট তৈয়াৰ কৰা হয় আৰু তাৰ পিছত তেল পৃথক কৰিবলৈ এক Centrifugation প্ৰক্ৰিয়াৰ মাজেৰে নিষ্কাশন কৰা হয়। চুড়ান্ত সামগ্ৰীখিনি তাৰ পিছত Stainless steel trunk ত সংৰক্ষণ কৰা হয়, যিবোৰ অক্সিজেনৰ পৰা সুৰক্ষিত থাকে। যেতিয়া বটলৰ সৈতে তৈয়াৰ কৰা হয়, তেলখিনি সতেজ  ৰাখিবলৈ ডাঠ কাঁচৰ বটলত ইয়াক স্থানান্তৰিত কৰা হয়।

জলফাই তেলৰ প্ৰকাৰ (Types of Olive Oil)

সোৱাদ, জীৱনকাল  আৰু গাঁথনিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন প্ৰকাৰৰ জলফাই তেল পোৱা যায়।   কেইবিধমান মুখ্য জলফাই তেল হৈছে –

১. Extra virgin olive oil: 

Extra virgin olive oil ঠাণ্ডা – প্ৰেছিং জলফাইৰ দ্বাৰা তৈয়াৰ কৰা হয়। ই অপৰিশোধিত, ব্যয়বহুল আৰু ইয়াৰ এক উৎকৃষ্ট সোৱাদ আৰু গোন্ধ আছে। ই ভিটামিন E, খনিজ আৰু এণ্টি–অক্সিডেণ্টৰে সমৃদ্ধ। এইবিধ তেল সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ আৰু আমাৰ স্বাস্থ্যৰ বাবে আটাইতকৈ উপকাৰী।

২.Virgin olive oil: 

Virgin olive oil ও ঠাণ্ডা – প্ৰেছিং জলফাইৰ দ্বাৰাই প্ৰাপ্ত কৰা হয় কিন্তু ইয়াত এচিডৰ পৰিমাণ কম থাকে। এইবিধ আটাইতকৈ জনপ্ৰিয় আৰু Extra Virgin oil তকৈ তুলনামূলকভাৱে কম ব্যয়বহুল। এইবিধ তেল সোৱাদ আৰু গোন্ধত ভাল। 

৩.Pure olive oil: 

যদিও বিশুদ্ধ বুলি কোৱা হয়, এই প্ৰকাৰৰ জলফাই তেল প্ৰকৃততে Virgin আৰু পৰিশোধিত তেলৰ মিশ্ৰণ। ইয়াত উচ্চ এচিডৰ পৰিমাণ আছে আৰু ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়া নহয়। 

৪.Refined olive oil: 

নিম্ন মানদণ্ডৰ জলফাইৰ হেঁচা আৰু সেইবোৰক তাপ, ৰাসায়নিক পদাৰ্থ আৰু পৰিস্ৰাৱণৰ অধীনত ৰাখি পৰিশোধিত জলফাই তেল প্ৰাপ্ত কৰা হয়। এই বিধ তেল সোৱাদত কোমল আৰু স্বাস্থ্যৰ বাবে ভাল নহয়।

৫.Pomace olive oil: 

জলফাইৰ মণ্ডৰ পৰা Pomace olive oil প্ৰাপ্ত কৰা হয়। জলফাইবোৰ ঠাণ্ডাকৈ হেঁচা দিয়া আৰু তেল আহৰণ কৰা পিছত বাকী থকা খিনি জলফাইৰ মণ্ড বুলি কোৱা হয়। এই মণ্ডৰ পৰা Pomace olive oil আহৰণ কৰিবলৈ দ্রাৱক ব্যৱহাৰ কৰা হয়।

জলফাই তেলত পোৱা ৰাসায়নিক পদাৰ্থ – Chemical substance of olive oil /Olea europaea:

  • Phenolic
  • Esters
  • Hydroxytyrosol
  • Oleocanthal
  • Oleuropein
  • Elenolic acid
  • Vitamin E
  • 10- Hydroxy Ligstroside
  • Ligstroside
  • Tyro sol esters 
  • Flavonoids Lignans
  • Pinoresino

১০০ গ্ৰাম জলফাই তেলৰ পুষ্টিৰ মূল্য: 

  • Energy : 3.699KJ (844Kcal)
  • Carbohydrate : 0 gram
  • Fat : 100 gram
  • Saturated : 14 gram
  • Monounsaturated : 73 gram
  • Polyunsaturated : 11 gram
  • Omega-3 : 0.8 gram
  • Omega-6 : 9.8 gram
  • Protein : 0 gram
  • Vitamin E : 14mg
  • Vitamin K : 60 microgram
  • Iron : 0.56 milligram

Read Also: ২০+ নাহৰৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Nagkesar

জলফাই তেলৰ উপকাৰিতা আৰু ব্যৱহাৰ (Benefits and uses of Olive oil/ Olea europaea)

১. শক্তিশালী এণ্টি – অক্সিডেণ্ট (Powerful Antioxidant): 

জলফাই তেলত পলিফেনল (Polyphenols), ভিটামিন E আৰু অনান্য বিভিন্ন এণ্টি – অক্সিডেণ্ট (Anti-oxidant) থাকে। এই বোৰে আমাৰ শৰীৰত মুক্ত ৰেডিকেলৰ (Free Radicals) ক্ষতিৰ পৰা সুৰক্ষিত কৰে। এইবোৰে এনেদৰে আমাক স্বাস্থ্যৱান কৰি ৰাখে আৰু আমাক হৃদযন্ত্ৰ, কৰ্কট ৰোগ আদিৰ পৰা সুৰক্ষিত কৰে।

২.আমাৰ সংবহন তন্ত্ৰ প্ৰণালীৰ বাবে ভাল (Good for the Cardiovascular system): 

জলফাই তেলৰ ব্যৱহাৰ নিম্ন স্তৰৰ LDL cholesterol (Bad cholesterol) সৈতে সম্পৰ্কিত। জলফাই তেল পলিফেনল (Polyphenols) সমৃদ্ধ। এই পলিফেনলবোৰে (Polyphenols) ৰক্ত চাপ হ্ৰাস কৰাত সহায় কৰে। এনেদৰে উচ্চ ৰক্তচাপ থকা ৰোগী সকলৰ বাবে জলফাই তেলৰ উপকাৰিতা দেখা যায়। উপৰোক্ত সকলোবোৰ প্ৰভাৱেই আমাৰ হৃদযন্ত্ৰক বিপাকৰ পৰা সুৰক্ষিত কৰাত বিভিন্ন ধৰণৰ সহায় কৰিব পাৰে।

৩. কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে (Reduce risk of Cancer): 

জলফাই তেল (Olive oil)ত থকা পলিফেনলবোৰ (Polyphenols) ভাল এণ্টি – অক্সিডেণ্ট, জলফাই তেল সেৱন কৰিলে অন্ত্ৰ, স্তন, মলাশয়, এণ্ডমেট্ৰিয়াম, প্ৰচেষ্ট আদিৰ কৰ্কট ৰোগৰ আশংকা কাৰ্যকৰীভাৱে হ্ৰাস হয়। জলফাই তেলৰ উপকাৰিতা কৰ্কট ৰোগীৰ ক্ষেত্ৰতো দেখা যায়। ইয়াত থকা উপাদান Hydroxytyrosol  আৰু Tocopherol ৰ শক্তিশালীভাৱে কৰ্কট প্ৰতিৰোধী গুণাগুণ আছে।

৪. ডায়েবেটিচ মেলিটাছৰ ব্যৱস্থাপনা (Manages Diabetes Mellitus): 

জলফাই তেলত Tyrosol নামৰ Anti-oxidant  থাকে। Tyrosol য়ে ইনছুলিন প্ৰতিৰোধ উন্নত কৰে। এনেদৰে ৰক্ত শৰ্কৰাৰ স্তৰ হঠাতে বৃদ্ধি হোৱাত প্ৰতিহত কৰে। Types 2 Diabetes Mellitus ৰ ব্যৱস্থাপনাত জলফাই তেলৰ উপকাৰিতা দেখা যায়।

৫. Stroke ৰ বিপদাশংকা হ্ৰাস কৰে (Reduce risk of stroke): 

জলফাই তেলত থকা পলিফেনলে (Polyphenols) তেজত কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰে। এনেদৰে মগজুলৈ তেজ যোগান ধৰা ধমনী বোৰত কলেষ্টেৰল হোৱা প্ৰতিহত কৰে। জলফাই তেলে Stroke ৰ আশংকা যথেষ্ট হ্ৰাস কৰে।

৬. এণ্টিমাইক্ৰোবাইল (Anti-microbial): 

জলফাই তেলত Oleuropien  থাকে। Oleuropien  ৰ শক্তিশালী এণ্টি – বেক্টেৰিয়েল (Anti-bacterial) আৰু এণ্টি – ফাংগাল (Anti-fungal) গুণ আছে। জলফাই তেলৰ সেৱনে এনেদৰে আমাক বিভিন্ন ধৰণৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে।

৭. হজমৰ বাবে ভাল (Good for digestion): 

জলফাই তেলে আমাৰ পাচন তন্ত্ৰক সহজ কৰি তোলে আৰু ইয়াক স্বাস্থ্যৱান কৰি ৰাখে। ই নিয়মীয়া অন্ত্ৰৰ চলাচল বজাই ৰাখে, কোষ্ঠকাঠিন্য প্ৰতিহত কৰে। নিয়মীয়াকৈ জলফাই তেলৰ সেৱনে হজম সম্পৰ্কীয় ৰোগসমূহ প্ৰতিহত কৰে।

৮. Neuroprotective প্ৰভাৱ (Neuroprotective effects): 

Alzheimer’s   হৈছে এক Neuroprotective ৰোগ। যি মস্তিষ্কত beta-amyloid plaques জমা হোৱাৰ চিহ্নিত কৰা হয়। Alzheimer ৰোগে স্মৃতিশক্তি হ্ৰাস কৰে। জলফাই তেলত থকা Oleocanthal য়ে এই ফলকবোৰ পৰিষ্কাৰ কৰাত সহায় কৰে। এনেদৰে Alzheimer ৰোগত আক্ৰান্ত ৰোগীৰ উন্নতি প্ৰদৰ্শন কৰে। জলফাই তেলে কাৰ্যকৰী ভাৱে শিকা আৰু স্মৃতিশক্তিৰ বিকাশ সাধন কৰে।

৯. ওজন হ্ৰাস কৰাত সহায় কৰে (Helps in weight loss): 

জলফাই তেল oleic acid ৰ দৰে Monounsaturated fatty acid ৰে সমৃদ্ধ। Monounsaturated fatty acid আমাৰ হৃদযন্ত্ৰৰ বাবে ভাল আৰু লগতে আদৰ্শ ৰক্ত শৰ্কৰাৰ স্তৰ বজাই ৰখাত সহায় কৰে। জলফাই তেলে তৃপ্তিৰ অনুভৱ দিয়ে এনেদৰে আমাক কম খাদ্য খাবলৈ বাধ্য কৰে যাৰ ফলত আমাৰ কেলৰি গ্ৰহণ হ্ৰাস হয়। ইয়াৰ ফলত আমাৰ ওজন হ্ৰাস হয়।

১০. উদ্বেগ আৰু হতাশা হ্ৰাস কৰে (Reduce anxiety and depression): 

জলফাই তেলে স্নায়ু সুৰক্ষামূলক প্ৰভাৱ প্ৰদৰ্শন কৰে, এই তেলে উদ্বেগ (Anxeity) আৰু হতাশা (Depression) কাৰ্যকৰী ভাৱে হ্ৰাস কৰাত সহায় কৰে।

১১. বিষ উপশমত (Pain relief): 

জলফাই তেলত Oleocanthal য়ে প্ৰদাহ – প্ৰতিৰোধী (Anti-inflammatory) প্ৰভাৱ প্ৰদৰ্শন কৰে। ই কাৰ্যকৰী প্ৰদাহ (inflammation),  ফুলা (Swelling) আৰু সংকোচন (Spasm) হ্ৰাস কৰে, এনেদৰে বিষ হ্ৰাস কৰে। Osteoarthritis ত ভুগি থকা ৰোগীৰ আঠুৰ ওপৰত জলফাই তেলেৰে মালিচ কৰিলে বিষ উপশম হয়।

১২. হাড়ৰ বাবে ভাল (Good for bones):  

জলফাই তেলৰ উপকাৰিতা হাড়ক সুৰক্ষা দিয়াৰ ক্ষেত্ৰতো দেখা যায়। ইয়াৰ Anti-oxidant  আৰু Anti-inflammatory প্ৰভাৱবোৰ হাড়ৰ গঠন বৃদ্ধি কৰে। ই হাড়ৰ খনিজ ঘনত্ব বজাই ৰখাত সহায় কৰে। এনেদৰে জলফাই তেলে Osteoporosis ৰ আশংকা প্ৰতিহত কৰে।

১৩. ছালৰ বাবে ভাল (Good for skin): 

জলফাই তেল (Olive oil) আমাৰ ছালৰ বাবে বিশেষ উপকাৰী। জলফাই তেলত পোৱা Anti-oxidant আৰু ভিটামিন E য়ে স্বাস্থ্যকৰ ছাল বজাই ৰখাত সহায় কৰে। ই ছালক হাইড্ৰেট কৰে আৰু কাৰ্যকৰীভাৱে আমাৰ ছাল আৰ্দ্ৰ কৰে। এক ভাল Exfoliation হিচাপে কাম কৰে। Make-up আঁতৰাবলৈ ব্যৱহাৰ কৰিব পাৰি। ছালত সূক্ষ্ম ৰেখা আৰু কোচ সৃষ্টি হোৱা প্ৰতিহত কৰে। ছালৰ দাগ আৰু stretch marks পাতল কৰাত সহায় কৰে। ব্ৰন প্ৰতিৰোধ কৰে। 

১৪. চুলিৰ বাবে ভাল (Good for hair): 

জলফাই তেলে আমাৰ মূৰৰ ছালক হাইড্ৰেট কৰে আৰু খজুৱতি আৰু শুষ্কতা হ্ৰাস কৰে। উফি হ্ৰাস আৰু প্ৰতিৰোধ কৰে। আমাৰ চুলি স্বাস্থ্যৱান কৰে। চুলি সৰা হ্ৰাস আৰু প্ৰতিৰোধ কৰে। চুলিৰ বিকাশ বৃদ্ধি কৰে।

জলফাই তেলৰ ব্যৱহাৰ (Uses of Olive Oil)

জলফাই তেল (Olive oil) আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰো। খাব পৰা জলফাই তেল আমি নিয়মীয়াকৈ সেৱন কৰিব পাৰো আৰু বিভিন্ন ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰিব পাৰো আৰু আহাৰত যোগ দিব পাৰো অথবা চালাডত যোগ দিব পাৰো। বিভিন্ন প্ৰকাৰৰ জলফাই তেল মুখৰ সৌন্দৰ্য্যতা বঢ়াবলৈ, উজ্বলতা, দাগ আঁতৰাবলৈ ব্রণ আদি প্ৰতিহত কৰিবলৈ ব্যৱহাৰ কৰা হয়। সেইদৰে চুলিৰ বিকাশ, বৃদ্ধি, উফি মুক্ত কৰিবলৈ বিভিন্ন ধৰণৰ জলফাই তেল ব্যৱহাৰ কৰা হয়। স্বাস্থ্য লাভালাভ আৰু ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত ভিন্ন ধৰণে জলফাই তেলৰ উপকাৰিতা আৰু ব্যৱহাৰ লক্ষ কৰা যায়।

জলফাই তেলৰ পাৰ্শ্বক্ৰিয়া (Side effects of Olive Oil)

  • অতিৰিক্ত জলফাই তেলৰ প্ৰয়োগৰ ফলত সংবেদনশীল আৰু তৈলাক্ত ছালত অৱনতি ঘটাব পাৰে। Eczema, psoriasis আদি এলাৰ্জী হ’ব পাৰে। 
  • গৰ্ভধাৰণৰ সময়ত জলফাই তেলৰ ব্যৱহাৰৰ সমৰ্থনৰ বাবে পৰ্যাপ্ত প্ৰমাণ নাই। সেয়হে গৰ্ভৱতী মহিলাসকলে তেওঁলোকৰ আহাৰত জলফাই  তেল যোগ দিয়াৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
  • জলফাই তেল (Olive oil) হৈছে এক প্ৰাকৃতিক Hypoglycaemia (ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰে) সেয়হে ডায়েবেটিছ ৰোগীসকলে ইয়াক সীমিত পৰিমাণে গ্ৰহণ কৰিব লাগে। 
সেয়হে  জলফাই তেলৰ উপকাৰিতা আৰু অপকাৰীতা  সমূহলৈ লক্ষ্য কৰি ইয়াক নিয়মীয়াকৈ ব্যৱহাৰ কৰা উচিত আৰু ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ আগত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

সামৰণি

উক্ত প্ৰৱন্ধটিৰ দ্বাৰা আপোনালোকে নিশ্চয় জলফাই তেল (Olive oil)ৰ সম্যক পৰিচয় পালে। জলফাই তেলৰ উপকাৰিতা, ব্যৱহাৰ, ৰাসায়নিক পদাৰ্থ, অপকাৰীতা তথা অন্যান্য গুণাগুণৰ বিষয়ে জানিবলৈ পালে। আশা কৰো উক্ত প্ৰৱন্ধটিত উল্লেখ থকা তথ্য সমূহে আপোনালোকক বিভিন্ন ধৰণৰ সমস্যাত ভিন্ন ধৰণে উপকৃত কৰিব। ধন্যবাদ!

Mahezubin Saikia

Leave a Reply